IPL 2025 auction: হঠাতে কিয় খং উঠিল ছামিৰ! দেশৰ প্ৰাক্তন ক্ৰিকেটাৰক উদ্দেশ্যি কৰিলে এনে বিদ্ৰুপ
প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলে আই পি এলৰ আগন্তুক মেগা নিলামৰ বিষয়ত মতামত আগবঢ়াইছে। ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামি সন্দৰ্ভতো নিলামকেন্দ্ৰিক এনে ভৱিষ্যদ্বাণী কৰিছে বহু ক্ৰিকেট অনুৰাগী তথা বিশেষজ্ঞই। কিন্তু এক এক ভৱিষ্যদ্বাণীত ক্ষুণ্ণ হৈ মহম্মদ ছামিয়ে প্ৰকাশ কৰিছে একপ্ৰকাৰে তীক্ষ্ণ প্ৰতিক্ৰিয়া।
আই পি এলৰ আগন্তুক মেগা নিলামক কেন্দ্ৰ কৰি জল্পনা-কল্পনা অব্যাহত আছে। মেগা নিলামৰ দিন চমু চাপি অহাৰ লগে লগে এই সন্দৰ্ভত চৰ্চাও তীব্ৰতৰ হৈ পৰিছে। অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হ’ব এই মেগা নিলাম। ইফালে এই নিলামত খেলুৱৈসকলক ক্ৰয় কৰিবলগীয়া সম্ভাৱ্য দল আৰু তেওঁলোকৰ সম্ভাৱ্য দৰ সন্দৰ্ভত যথেষ্ট আলোচনা হৈছে। প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলে এই বিষয়ত মতামত আগবঢ়াইছে। ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামি সন্দৰ্ভতো নিলামকেন্দ্ৰিক এনে ভৱিষ্যদ্বাণী কৰিছে বহু ক্ৰিকেট অনুৰাগী তথা বিশেষজ্ঞই।
কিন্তু এক এক ভৱিষ্যদ্বাণীত ক্ষুণ্ণ হৈ মহম্মদ ছামিয়ে প্ৰকাশ কৰিছে একপ্ৰকাৰে তীক্ষ্ণ প্ৰতিক্ৰিয়া। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে ভৱিষ্যদ্বাণী কৰিছিল যে আই পি এলৰ আগন্তুক মেগা নিলামত ছামিৰ দৰ পূৰ্বতকৈ হ্ৰাস পাব। পিছে মঞ্জৰেকাৰৰ এই ভৱিষ্যদ্বাণীত অসন্তুষ্ট হ’ল মহম্মদ ছামি আৰু সামাজিক মাধ্যমত মুকলিকৈয়ে ছামিয়ে মঞ্জৰেকাৰক উদ্দেশ্যি তীক্ষ্ণ বিদ্ৰুপ কৰে।
ছামিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এক ষ্ট’ৰী যোগে সঞ্জয় মঞ্জৰেকাৰে কৰা ভৱিষ্যদ্বাণীৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘জয় বাবাজী’ বুলি সম্বোধন কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক। ইয়াতেই ক্ষান্ত নহ’ল ছামি। মঞ্জৰেকাৰক উদ্দেশ্যি উপদেশো আগবঢ়াইছে পেচাৰগৰাকীয়ে। মঞ্জৰেকাৰক ভৱিষ্যতৰ বাবেও কিছু জ্ঞান জমা কৰি ৰাখিবলৈ উপদেশ দিছে ছামিয়ে। লগতে যদি কোনোবাই নিজৰ ভৱিষ্যত জানিব বিচাৰে তেন্তে সঞ্জয় মঞ্জৰেকাৰক লগ কৰিব লাগে বুলিও ছামিয়ে তীক্ষ্ণ কটাক্ষ কৰে।
আগন্তুক নিলামত মহম্মদ ছামিৰ সম্ভাৱনীয়তা সন্দৰ্ভত মতামত আগবঢ়াই মঞ্জৰেকাৰে কৈছিল যে আই পি এল ২০২৫ত ছামিয়ে লাভ কৰিবলগীয়া ধনৰ পৰিমাণ হ্ৰাস পাব পাৰে। মঞ্জৰেকাৰৰ এই অনুমানৰ ভিত্তি মূলতঃ ছামিৰ ফিটনেট বুলি ক’ব পাৰি। বিগত প্ৰায় এবছৰ ছামি ভাৰতীয় দলৰ পৰা বাহিৰত আছে। এদিনীয়া বিশ্বকাপৰ ফাইনেলতে ছামিক অন্তিমবাৰ দলত দেখা গৈছিল। অৱশ্যে শেহতীয়াকৈ ৰঞ্জীৰ জৰিয়তে তেওঁ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে।
আঘাতমুক্ত হৈ প্ৰথমখন মেচতে ছামিয়ে ৰঞ্জীৰ মেচত ৭টা উইকেট দখল কৰি ফৰ্মৰ ইংগিত দিছে। গতিকে আগন্তুক নিলামত ছামিয়ে লাভ কৰিবলগা ধন আৰু তেওঁৰ প্ৰতি কোন কোন ফ্ৰেন্সাইজি আগ্ৰহী হ’ব, সেয়া হ’ব লক্ষণীয়। উল্লেখ্য যে ২০২৪ চনৰ আই পি এলত গুজৰাট টাইটানছৰ অংশ আছিল ছামি। তেওঁক ৬.২৫ কোটি টকাৰ বিনিময়ত আই পি এলৰ ২০২২ৰ সংস্কৰণত ক্ৰয় কৰিছিল ফ্ৰেন্সাইজিটোৱে।
গুজৰাটৰ হৈ এইপৰ্যন্ত ছামিয়ে ৩৩খন মেচত ৪৮টা উইকেট দখল কৰিছে। তদুপৰি আই পি এল ২০২৩ত ১৭খন মেচত ২৮টা উইকেটৰে পাৰ্পল কেপো লাভ কৰিছিল তাৰকা পেচাৰগৰাকীয়ে। কিন্তু এই প্ৰদৰ্শনৰ পিছতো গুজৰাটে তেওঁক আই পি এল ২০২৫ৰ বাবে ৰিটেইন কৰা নাই। অৱশ্যে নিলামত ফ্ৰেন্সাইজিটোৱে আৰ টি এম কাৰ্ড প্ৰয়োগ কৰি ছামিক পুনৰ দলৰ ৰখাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।