Ayush Mhatre: আই পি এলত আন এক তৰুণৰ চমকঃ ৱাংখেড়েত বিস্ফোৰক অভিষেক ঘটোৱা কোন এই মাহাত্ৰে!

মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত চলি থকা আই পি এলৰ আজিৰ মেচত চেন্নাইয়ে মূল একাদশত সুযোগ দিয়ে যুৱ খেলুৱৈ আয়ুস মাহাত্ৰেক। চেন্নাইৰ নিয়মীয়া অধিনায়ক ৰুতুৰাজ গায়কোৱাড আঘাতৰ বাবে প্ৰতিযোগতাৰ পৰা বাহিৰ হোৱাৰ পিছত চেন্নাইয়ে তেওঁৰ স্থানত মাহাত্ৰেক দলত অন্তৰ্ভুক্ত কৰিছিল।

Ayush Mhatre: আই পি এলত আন এক তৰুণৰ চমকঃ ৱাংখেড়েত বিস্ফোৰক অভিষেক ঘটোৱা কোন এই মাহাত্ৰে!

অভিষেকতে চমক মাহাত্ৰেৰ

Published: 

20 Apr 2025 22:39 PM

আই পি এল মানেই অনন্য ৰোমাঞ্চ, ক্ৰিকেটীয় উন্মাদনাৰ এক আকৰ্ষণীয় স্থলী। তাৰ সমান্তৰালকৈ বিশ্বৰ এই জনপ্ৰিয় লীগ যুৱ খেলুৱৈৰ বাবেও প্ৰতিভা প্ৰকাশৰ এক শক্তিশালী মঞ্চ। প্ৰতিযোগিতাৰ প্ৰতিটো ছিজনতে ঘটিছে যুৱ প্ৰতিভাৰ উন্মেষ। ব্যতিক্ৰম নহয় এই ছিজনো। ইতিমধ্যে কেইবাগৰাকীও যুৱ খেলুৱৈয়ে চলিত ছিজনত নিজৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ মাজতে শনিবাৰে আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অভিষেক ঘটায়েই ১৪ বৰ্ষীয় বৈভৱ সূৰ্যবংশীয়ে দাঙি ধৰা প্ৰদৰ্শনে সকলোৰে মন জয় কৰে। বৈভৱৰ পিছতে আজি আই পি এল অভিষেকত জিলিকিছে আন এগৰাকী তৰুণ।

মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত চলি থকা আই পি এলৰ আজিৰ মেচত চেন্নাইয়ে মূল একাদশত সুযোগ দিয়ে যুৱ খেলুৱৈ আয়ুস মাহাত্ৰেক। মাত্ৰ ১৭ বৰ্ষীয় এই যুৱ খেলুৱৈগৰাকীয়ে আই পি এলৰ নিলামত কোনো দলৰ পৰাই সমাদৰ লাভ নকৰিলেও প্ৰতিযোগিতাৰ মাজভাগত তেওঁৰ ভাগ্যোদয় ঘটে। চেন্নাইৰ নিয়মীয়া অধিনায়ক ৰুতুৰাজ গায়কোৱাড আঘাতৰ বাবে প্ৰতিযোগতাৰ পৰা বাহিৰ হোৱাৰ পিছত চেন্নাইয়ে তেওঁৰ স্থানত মাহাত্ৰেক দলত স্থান দিয়ে।

ইয়াৰ পিছত দুখন খেলত খেলাৰ সুযোগ লাভ নকৰিলেও মহেন্দ্ৰ সিং ধোনীৰ দৰে কিংবদন্তি অধিনায়কৰ নেতৃত্বত, মুম্বাই বনাম চেন্নাইৰ দৰে এখন হাইপ্ৰফাইল মেচত অভিষেকৰ সুযোগ পায় মাহাত্ৰেই। ভাগ্যই আনি দিয়া এই সুযোগ অথলে যাবলৈ নিদিলে তৰুণগৰাকীয়ে। চেন্নাইৰ ইনিংছৰ তৃতীয় অভাৰত ৰচিন ৰবীন্দ্ৰ বিদায়ৰ পিছত ক্ৰীজলৈ আহে মাহাত্ৰে। নিজৰ আই পি এল কেৰিয়াৰৰ প্ৰথমটো বলত মাহাত্ৰেই সংগ্ৰহ কৰে ১ ৰান।

কিন্তু তাৰ পিছতে দেখা গ’ল নিৰ্ভীক মাহাত্ৰেৰ আক্ৰমণাত্মক ৰূপ। অভাৰটোৰ অন্তিম তিনিটা বলত তেওঁ ক্ৰমাগতভাৱে কোবায় এটা চাৰি আৰু দুটা দৰ্শনীয় ছয়। ইয়াৰ পিছতো এই শৈলী অব্যাহত ৰাখি মাহাত্ৰেই মাত্ৰ ১৫টা বলত ৪টা চাৰি আৰু দুটা ছয়েৰে ৩২ ৰান সংগ্ৰহ কৰে। অৱশ্যে চেণ্টনাৰৰ বলত ষ্টাম্পিং হৈ তেওঁ এৰিবলগা হয় ক্ৰীজ। কিন্তু এই চমু অথচ মাৰমুখী আৰু দৃষ্টিনন্দন ইনিংছেৰে তেওঁ আই পি এলৰ দৰে বৃহৎ মঞ্চত ঘোষণা কৰে ৰাজকীয় আগমণ।

উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে চেন্নাইৰ হৈ অভিষেক ঘটালেও আয়ুস মাহাত্ৰেৰ নিজা ঘৰ মুম্বাই। ২০০৭ চনৰ ১৬ জুলাইত জন্মগ্ৰহণ কৰা মাহাত্ৰেই ১৭ বছৰ বয়সত ২০২৪-২৫ চনৰ ইৰানী কাপত মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। কেইসপ্তাহমানৰ পিছতে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত নিজৰ প্ৰথমটো শতক অৰ্জন কৰে ২০২৪–২৫ ছিজনৰ ৰঞ্জি ট্ৰফীত। মহাৰাষ্ট্ৰৰ বিৰুদ্ধে মুম্বাইৰ হৈ ১৭৬ ৰানৰ এক চকমপ্ৰদ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে মাহাত্ৰেই।

এইদৰে তেওঁ যশস্বী জয়ছৱালৰ নামত থকা পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি পুৰুষৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৫০+ ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ঘৰুৱা ক্ৰিকেটত আগবঢ়োৱা এই প্ৰদৰ্শনৰ সুবাদতে ছিজনৰ মাজভাগত চেন্নাই চুপাৰ কিংছে আগ্ৰহ দেখুৱাই তেওঁক নিজ দলত অন্তৰ্ভুক্ত কৰে। আৰু আজি ১৭ বছৰ ২৭৮ দিন আই পি এল অভিষেক ঘটাই প্ৰতিযোগিতাৰ সপ্তমগৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে খ্যাতি ৰচে আয়ুস মাহাত্ৰেই।

যৌনাংগত খজুৱতি আৰু প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি? এই ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত
Health News: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বেঙেনা খাওক !
গৰমৰ দিনৰ মহৌষধ কেঁচা আম! জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি? তেন্তে কৰক এই কাম...