ছিজনৰ মাজতে চেন্নাইৰ কৌশলী পন্থাঃ দলত অন্তৰ্ভুক্ত কৰিলে ‘প্ৰতিদ্বন্দী’ মুম্বাইত্যাগী ‘সম্ভাৱনা’ক

গায়কোৱাডৰ আঘাতৰ পিছত চেন্নাইৰ আন এগৰাকী খেলুৱৈ আঘাতৰ সমস্যাত ভুগিছে আৰু সেয়ে দলটোৱে পুনৰ এবাৰ সালসলনি ঘটাবলগীয়া হৈছে। দলটোৱে নিলামত ক্ৰয় কৰা যুৱ বেগী বলাৰ গুৰজপনীত সিং আঘাতৰ বাবে এখনো মেচতো অংশ নোলোৱাকৈয়ে ছিজনৰ পৰা বিদায় লৈছে। এতিয়া গুৰজপনীতৰ স্থানত চেন্নাইয়ে দলত অন্তৰ্ভুক্ত কৰিছে এগৰাকী যুৱ বেটাৰক।

ছিজনৰ মাজতে চেন্নাইৰ কৌশলী পন্থাঃ দলত অন্তৰ্ভুক্ত কৰিলে ‘প্ৰতিদ্বন্দী’ মুম্বাইত্যাগী ‘সম্ভাৱনা’ক

চেন্নাইৰ নতুন সদস্য

Published: 

18 Apr 2025 18:14 PM

আই পি এল ২০২৫ত এতিয়ালৈকে প্ৰায় তথৈবচ অৱস্থা প্ৰতিযোগিতাৰে আটাইতকৈ সফল দল চেন্নাই চুপাৰ কিংছৰ। এইপৰ্যন্ত ৭খন মেচত মাত্ৰ দুখন মেচতহে জয়ৰ ফলত অন্তিম স্থানত থাকিবলগীয়া হৈছে দলটো। এনে বিপৰ্যয়ৰ মাজতে চেন্নাইয়ে দলত ঘটাবলগীয়া হৈছে ব্যাপক সালসলনি। আঘাতৰ বাবে ছিজনৰ পৰাই বাদ পৰিছে দলৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাড। তেওঁৰ স্থানত ইতিমধ্যেই দলত অন্তৰ্ভুক্ত কৰা হৈছে শ্বেইক ৰছিদক। এতিয়া পুনৰ চেন্নাইয়ে আন এগৰাকী খেলুৱৈক দলত স্থান দিবলৈ বাধ্য হৈছে।

গায়কোৱাডৰ আঘাতৰ পিছত চেন্নাইৰ আন এগৰাকী খেলুৱৈ আঘাতৰ সমস্যাত ভুগিছে আৰু সেয়ে দলটোৱে পুনৰ এবাৰ সালসলনি ঘটাবলগীয়া হৈছে। নিলামত চেন্নাইয়ে ক্ৰয় কৰা দেশৰ আনকেপড বেগী বলাৰ গুৰজপনীত সিং আঘাতৰ সন্মুখীন হৈছে আৰু এই আঘাতৰ বাবে এখনো মেচতো অংশ নোলোৱাকৈয়ে ছিজনৰ পৰা বিদায় লৈছে। এতিয়া গুৰজপনীতৰ স্থানত চেন্নাইয়ে দলত অন্তৰ্ভুক্ত কৰিছে এগৰাকী যুৱ বেটাৰক।

চলিত ছিজনত চেন্নাইৰ বিফলতাৰ অন্যতম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে বেটিং বিভাগ। টপ অৰ্ডাৰৰ পৰা মিডল অৰ্ডাৰলৈ প্ৰায় ব্যৰ্থ হৈছে আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত। গতিকে দলৰ বেটিং বিভাগ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এগৰাকী বেটাৰক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয়। লক্ষণীয়ভাৱে চেন্নাইয়ে দলত স্থান দিয়া এই নতুন সদস্যগৰাকী দলটোৰ তীব্ৰ প্ৰতিদ্বন্দী, প্ৰতিযোগিতাৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছৰ পূৰ্বৰ এগৰাকী সদস্য।

গুৰজপনীতৰ স্থানত চেন্নাইয়ে চুক্তিবদ্ধ কৰা খেলুৱৈগৰাকী হৈছে দক্ষিণ আফ্ৰিকাৰ যুৱ খেলুৱৈ ডেৱাল্ড ব্ৰেভিচ। দক্ষিণ আফ্ৰিকাৰে কিংবদন্তি তাৰকা এবি ডে ভিলিয়াৰ্ছৰ বেটিং শৈলীৰ সৈতে যথেষ্ট সাদৃশ্য থকাৰ বাবে ‘বেবী এবি’ হিচাপে খ্যাত ব্ৰেভিচত আক্ৰমণাত্মক বেটিঙৰ বাবে টি-২০ ফৰ্মেটত এগৰাকী বিশেষজ্ঞ বেটাৰ ৰূপে গণ্য কৰা হয়। ইতিপূৰ্বে তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত খেলাৰ অভিজ্ঞতাৰেও পুষ্ট।

আজি ফ্ৰেন্সাইজিটোৱে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰে। উল্লেখ্য যে বিস্ফোৰক বেটিং কৰা যুৱ বেটাৰগৰাকীয়ে নিজৰ টি-২০ কেৰিয়াৰত মাত্ৰ ৮১খন মেচত ১২৩টা ছয় কোবাইছে, ১৪৫ ষ্ট্ৰাইক ৰেটত সংগ্ৰহ কৰিছে ১৭৮৭ ৰান। তদুপৰি শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ ডিভিজন-১ টি-২০ প্ৰতিযোগিতাৰ অন্তিম ৬ ইনিংছত এটা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰিছে ব্ৰেভিচে।

ব্ৰেভিচে ২০২২ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অভিষেক ঘটায় আৰু প্ৰথম ছিজনতে ১৪২ ষ্ট্ৰাইক ৰেটত ৭খন মেচত ১৬১ ৰান সংগ্ৰহ কৰে। কিন্তু ২০২৩ চনত তেওঁ বিশেষ সুযোগ নাপালে আৰু ২০২৪ চনত ৩খন মেচত মাত্ৰ ৬৯ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত মুম্বাইয়ে তেওঁক মুকলি কৰি দিয়ে আৰু এইবাৰ মেগা নিলামত তেওঁৰ প্ৰতি কোনো ফ্ৰেন্সাইজিয়েই বিশেষ আগ্ৰহ দেখুওৱা নাছিল।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়