LSG vs DC Confirmed Playing XI, IPL 2025: অক্ষৰে ল’লে প্ৰথমে বলিঙৰ সিদ্ধান্তঃ চাওক দুয়োটা দলৰ মূল একাদশত কোন কোন….

Lucknow Super Giants vs Delhi Capitals Confirmed Playing XI in Assamese: আই পি এল ২০৫ৰ আজিৰ মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। বিশাখাপট্টনমত কিছু সময়ৰ পিছতে আৰম্ভ হ’ব এই মেচখন। ইতিমধ্যে হৈ যোৱা টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে।

LSG vs DC Confirmed Playing XI, IPL 2025: অক্ষৰে ল’লে প্ৰথমে বলিঙৰ সিদ্ধান্তঃ চাওক দুয়োটা দলৰ মূল একাদশত কোন কোন....

চাওক দিল্লী আৰু লক্ষ্ণৌৰ মূল একাদশ

Updated On: 

27 Mar 2025 19:34 PM

আই পি এল ২০৫ৰ আজিৰ মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। বিশাখাপট্টনমত কিছু সময়ৰ পিছতে আৰম্ভ হ’ব এই মেচখন। ইতিমধ্যে হৈ যোৱা টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে আই পি এলত পূৰ্ণকালীন অধিনায়ক হিচাপে দায়িত্ব বহন কৰিছে অক্ষৰে। এইপৰ্যন্ত খিতাপ জয়ত ব্যৰ্থ হোৱা দিল্লীয়ে অক্ষৰৰ ওপৰত আস্থা প্ৰকাশেৰে খিতাপৰ খৰাং দূৰ কৰাৰ আশা কৰিছে। আনহাতে ঋষভ পণ্টৰ ৰূপত এগৰাকী নতুন অধিনায়কৰ নেতৃত্বত অভিযান চলাবলৈ সাজু হৈছে লক্ষ্ণৌ।

এই মেচখনত লক্ষ্ণৌৱে এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, আয়ুস বাদনি, ঋষভ পণ্ট (অধিনায়ক), ডেভিড মিলাৰ, প্ৰিন্স যাদৱ, দিগৱেশ ৰাঠী, শ্বাহবাজ আহমেদ, শ্বাৰ্দুল ঠাকুৰ আৰু ৰবি বিষ্ণৈক মূল একাদশত অন্তৰ্ভুক্ত কৰিছে। আনহাতে ইমপেক্ট ছাবষ্টিউট হিচাপে দলটোৱে ৰাখিছে মণিমৰন সিদ্ধাৰ্থ, আব্দুল ছামাদ, হিম্মত সিং, আকাশ সিং, আৰ এছ হাংগাৰগেকাৰৰ বিকল্প।

আনহাতে দিল্লী কেপিটেলছৰ মূল একাদশত দেখা যাব জেক ফ্ৰেজাৰ-মেকগুৰ্ক, ফাফ ডু প্লেছিছ, অভিষেক পোৰেল, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা আৰু মুকেশ কুমাৰক। ইফালে কৰুণ নায়াৰ, আশুতোষ শৰ্মা, ড’ন’ভান ফেৰেইৰা, ত্ৰিপুৰানা বিজয় আৰু দৰ্শন নালকাণ্ডেৰ ভিতৰত কোনো এগৰাকী খেলুৱৈক ইম্পেক্ট ছাবষ্টিউট হিচাপে খেলপথাৰত নমাব দিল্লীয়ে।

Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?