শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SRH vs LSG Confirmed Playing XI, IPL 2025: প্ৰথমে বলিঙৰ সিদ্ধান্ত লক্ষ্ণৌৰঃ চাওক দুয়ো দলৰ মূল একাদশ

Sunrisers Hyderabad vs Lucknow Super Giants Confirmed Playing XI in Assamese: ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হ’বলগীয়া আজিৰ মেচত ইতিমধ্যে টছত জয়ী হৈ হায়দৰাবাদে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া হেড, অভিষেক, কিষাণ, নীতিশ, ক্লাছেনৰ দৰে বিস্ফোৰক বেটাৰক কিমান ৰানৰ ভিতৰত লক্ষ্ণৌৱে বান্ধি ৰাখিব পাৰে, সেয়া হ’ব লক্ষণীয়। চাওঁ আহক আজি দুয়োটা দলৰ মূল একাদশ।

SRH vs LSG Confirmed Playing XI, IPL 2025: প্ৰথমে বলিঙৰ সিদ্ধান্ত লক্ষ্ণৌৰঃ চাওক দুয়ো দলৰ মূল একাদশ
SRH আৰু LSGৰ মূল একাদশ
monjit-dutta
Monjit Dutta | Updated On: 27 Mar 2025 19:37 PM

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ ছিজনৰ সপ্তমখন মেচ। আজিৰ মেচখনত মুখামুখি হ’ব বিগত বাৰৰ ৰাণাৰ্ছ আপ ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। এই ছিজনত দুয়োটা দলৰে এয়া দ্বিতীয়খন মেচ হ’ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে ছিজনত নিজৰ প্ৰথমখন মেচত সহজে জয়লাভ কৰি প্ৰত্যাশিত আৰম্ভণি ঘটাইছিল। দলটোৱে ৰাজস্থান ৰয়েলছৰ বিপক্ষে ২৮৬ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰি প্ৰতিটো দললৈ একপ্ৰকাৰে সকীয়নি প্ৰদান কৰে।

লক্ষণীয়ভাৱে এয়া আছিল আই পি এল ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দলীয় স্ক’ৰ। এইক্ষেত্ৰত হায়দৰাদেই ২৮৭ ৰান সংগ্ৰহেৰে প্ৰথম স্থানত আছে। অৰ্থাৎ এই ছিজনৰ নিজৰ প্ৰথম মেচখনতে মাত্ৰ ১ ৰানৰ বাবে এই অভিলেখ ভংগ কৰিবলৈ সক্ষম নহ’ল দলটো। আনহাতে লক্ষ্ণৌৱে নিজৰ প্ৰথম মেচখনত দিল্লী কেপিটেলছৰ বিপক্ষে অৱতীৰ্ণ হৈছিল। মেচখনত লক্ষ্ণৌৱে ২০৯ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰাইছিল যদিও পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল।

সেয়ে আজি লক্ষ্ণৌৱে ছিজনত নিজৰ প্ৰথম জয়ৰ চেষ্টা চলোৱাৰ বিপৰীতে হায়দৰাবাদে জয়ৰ ধাৰা অব্যাহত ৰখাৰ চেষ্টা চলাব। দুয়োটা দলৰ খেলৰ শৈলীৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ মেচখন হাই স্ক’ৰিং হৈ উঠিব বুলি আশা কৰিছে অনুৰাগীসকলে। ইতিমধ্যে টছত জয়ী হৈ হায়দৰাবাদে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া হেড, অভিষেক, কিষাণ, নীতিশ, ক্লাছেনৰ দৰে বিস্ফোৰক বেটাৰক কিমান ৰানৰ ভিতৰত লক্ষ্ণৌৱে বান্ধি ৰাখিব পাৰে, সেয়া হ’ব লক্ষণীয়।

চাওঁ আহক আজি দুয়োটা দলৰ মূল একাদশঃ

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশঃ প্ৰথম মেচৰ দৰেই অপৰিৱৰ্তিত একাদশেৰে আজিৰ মেচত নামিব হায়দৰাবাদ। দলৰ মুল একাদশ হ’ব এনেধৰণৰ- অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), চিমৰজিৎ সিং, হৰ্ষল পেটেল, মহম্মদ ছামি।

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশঃ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ একাদশত আজি আভেশ খানৰ অন্তৰ্ভুক্তি হৈছে। দলটোৰ মূল একাদশ এনেধৰণৰ- এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), ডেভিড মিলাৰ, আয়ুস বাদনি, শ্বাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ, আভেশ খান, দিগবেশ ৰাঠী, ৰাজকুমাৰ যাদৱ।

ইফালে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে শ্বাহবাজ আহমেদ, মণিমৰন সিদ্ধাৰ্থ, মিচেল মাৰ্শ্ব, হিম্মত সিং, আকাশ মহাৰাজ সিঙক ইমপেক্ট চাব হিচাপে দলত ৰখাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে ইমপেক্ট চাব হিচাপে দলত ৰাখিছে শচীন বেবী, জয়দেৱ উনাডকাট, জীছান আনছাৰী, আদাম জাম্পা, উইয়ান মুল্ডাৰক।