শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SRH vs RR Confirmed Playing XI, IPL 2025: আজি হায়দৰাবাদত কামিন্সৰ সমুখত ৰিয়ানঃ চাওক দুয়ো দলৰ মূল একাদশ

Sunrisers Hyderabad vs Rajasthan Royals Confirmed Playing XI in Assamese: হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি আই পি এল ২০২৫ৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ। বিগত বৰ্ষৰ ৰাণাৰ্ছ আপ হায়দৰাবাদৰ সমুখত আজি ৰাজস্থানৰ সমুখত থাকিব তীব্ৰ প্ৰত্যাহ্বান।

SRH vs RR Confirmed Playing XI, IPL 2025: আজি হায়দৰাবাদত কামিন্সৰ সমুখত ৰিয়ানঃ চাওক দুয়ো দলৰ মূল একাদশ
SRH vs RR মেচত দুয়ো দলৰ মূল একাদশ
monjit-dutta
Monjit Dutta | Updated On: 23 Mar 2025 16:25 PM

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি আই পি এল ২০২৫ৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ। বিগত বৰ্ষৰ ৰাণাৰ্ছ আপ হায়দৰাবাদৰ সমুখত আজি ৰাজস্থানৰ সমুখত থাকিব তীব্ৰ প্ৰত্যাহ্বান। কিয়নো প্ৰথম বৰ্ষৰ চেম্পিয়ন দল ৰাজস্থানৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমচন আজি নাথাকিব দায়িত্বত। তদুপৰি মূল একাদশতো নাথাকিব চেমচন। তেওঁৰ স্থানত আজি ৰাজস্থান ৰয়েলছৰ নেতৃত্ব বহন কৰিব অসম সন্তান ৰিয়ান পৰাগে। ইতিমধ্যে টছত জয়ী হৈ ৰিয়ানে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসাৰে আজিৰ মেচখনত প্ৰথমে বেটিং কৰিব ছানৰাইজাৰ্ছ হায়দৰাবাদে। টছৰ সময়ত অধিনায়ক পেট কামিন্সে ঘোষণা কৰা দলটোৰ মূল একাদশত আজি থাকিব ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), চিমৰজিৎ সিং, হৰ্ষল পেটেল, মহম্মদ ছামি।

দলটোত ইম্পেক্ট প্লেয়াৰ হিচাপে থাকিব শচীন বেবী, জয়দেৱ উনাডকাট, আডাম জেম্পা, ব্ৰায়ান মুল্ডাৰ আৰু জীছান আনছাৰি। মূল একাদশত এগৰাকী বিশেষজ্ঞ স্পিনাৰ অন্তৰ্ভুক্ত নোহোৱালৈ চাই আডাম জেম্পাই ইম্পেক্ট প্লেয়াৰ হিচাপে অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। আনহাতে পুনৰ এবাৰ ৰাজস্থানৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছত দলৰ সৈতে ৰাহুল দ্ৰাবিড়ৰ এয়া হ’ব প্ৰথম মেচ।

ৰাজস্থান ৰয়েলছৰ মূল একাদশত আছে অধিনায়ক ৰিয়ানৰ লগতে যশস্বী জয়ছোৱাল, শুভম ডুবে, নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), চিমৰন হেটমায়াৰ, জ’ফ্ৰা আৰ্চাৰ, মহীশ থিকছানা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, ফজলহক ফাৰুকী। দলৰ ইম্পেক্ট প্লেয়াৰ হিচাপে থাকিব সঞ্জু চেমচন, কুনাল সিং ৰাথোড়, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, কুৱেনা মফাকা।