মুম্বাই-চেন্নাই মেচৰ মাজতে আহিল দুখবৰঃ মৃত্যু ঘটিল চেন্নাইৰ তাৰকা খেলুৱৈৰ পিতৃৰ
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচখনত কালি চেন্নাই চুপাৰ কিংছৰ খেলুৱৈসকলে ক’লা আৰ্মবেণ্ড পৰিধান কৰি খেলপথাৰত নমা পৰিলক্ষিত হয়। মেচৰ পূৰ্বে বা মেচ চলি থকাৰ সময়ত ইয়াৰ কাৰণ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ পোৱা নাছিল। কিন্তু মেচ সামৰণিৰ পিছত পোহৰলৈ আহে চেন্নাই চুপাৰ কিংছৰ এগৰাকী আগশাৰীৰ তাৰকাৰ পিতৃৰ মৃত্যুৰ খবৰ।

চেন্নাইৰ খেলুৱৈৰ পিতৃৰ মৃত্যু
আই পি এলৰ চলিত ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখি দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে পৰাজয় স্বীকাৰ কৰে প্ৰতিযোগিতাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল চেন্নাই চুপাৰ কিংছে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত চেন্নাই চুপাৰ কিংছে ৯ উইকেটত সহজে হাৰ মানে। এইদৰে চলিত ছিজনত ৮ খন মেচৰ ভিতৰত ৬ খনতে পৰাজয়ৰ সন্মুখীন হৈছে দলটো আৰু পইণ্ট তালিকাৰ অন্তিম স্থানত অৱস্থান কৰিছে। পৰাজয়ৰ এই বেদনাৰ লগতে চেন্নাইৰ শিবিৰত আন এক কাৰণত শোকৰ পৰিৱেশ বিৰাজ কৰিছে।
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচখনত কালি চেন্নাই চুপাৰ কিংছৰ খেলুৱৈসকলে ক’লা আৰ্মবেণ্ড পৰিধান কৰি খেলপথাৰত নমা পৰিলক্ষিত হয়। মেচৰ পূৰ্বে বা মেচ চলি থকাৰ সময়ত ইয়াৰ কাৰণ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ পোৱা নাছিল। কিন্তু মেচ সামৰণিৰ পিছত পোহৰলৈ আহে চেন্নাই দলে গ্ৰহণ কৰা এই পদক্ষেপৰ আঁৰৰ কাৰণ। মেচৰ পিছত প্ৰকাশ পায় যে চেন্নাই চুপাৰ কিংছৰ এগৰাকী আগশাৰীৰ তাৰকাৰ পিতৃৰ মৃত্যু ঘটিছে।
কালি মেচৰ সমাপ্তিৰ পিছত বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত এই কাৰ্যসূচীৰ আঁত ধৰা হৰ্ষা ভোগলেই জানিবলৈ দিয়ে এই দুখৰ খবৰ। ভোগলেই এই শোকৰ সময়ত সান্ত্বনা দিবলৈ পিতৃক হেৰুওৱা খেলুৱৈজনৰ নাম উল্লেখ কৰে। তেওঁ উল্লেখ কৰা এই খেলুৱৈজন আছিল চেন্নাইৰ অপেনিং বেটাৰ তথা নিউজিলেণ্ডৰ তাৰকা ডেভন কনৱে’। কালিৰ মেচখনত অৱশ্যে খেলা নাছিল কিৱি তাৰকাগৰাকীয়ে।
পিতৃৰ মৃত্যুৰ বাবে ডেভন কনৱে’ হয়তো এতিয়া নিউজিলেণ্ডলৈ উভতি যাব লাগিব। স্বাভাৱিকতেই এই কঠিন সময়ত পৰিয়ালৰ লোকৰ সৈতে থাকিব লাগিব তাৰকা খেলুৱৈজন। অৰ্থাৎ চেন্নাইৰ আগন্তুক কেইখনমান মেচতো এতিয়া দেখিবলৈ পোৱা নাযাব কনৱে’ক। অৱশ্যে কালিৰ মেচখনৰ লগতে চেন্নাইয়ে লক্ষ্ণৌ চুপাৰ জায়েণ্টৰ বিপক্ষে খেলা পূৰ্বৰ মেচখনতো কনৱে’ই অংশ লোৱা নাছিল। উক্ত মেচখনত অৱশ্যে জয়ী হৈছিল চেন্নাই।
বিগত ছিজনত চেন্নাইৰ হৈ দুৰন্ত প্ৰদৰ্শন দাঙি ধৰা কনৱে’ই অৱশ্যে এই ছিজনত বিশেষ সুযোগ লাভ কৰা নাই। প্ৰথম তিনিখন মেচত মূল একাদশত স্থান লাভ নকৰা কনৱে’ক চতুৰ্থ মেচত দলত অন্তৰ্ভুক্ত হৈছিল। এই মেচখনত সফল নহ’লেও পঞ্চমখন মেচত কনৱে’ই এক অৰ্ধশতকীয় ইনিংছ খেলিছিল। অৱশ্যে তেওঁক মেচখনত ৰিটায়াৰ্দ হাৰ্ডৰ ৰূপত পৰিৱৰ্তন কৰা হৈছিল। উক্ত মেচ দুখনতো চেন্নাই পৰাজয়ৰ সন্মুখীন হৈছিল।