IPL 2025: MI বনাম CSK মেচৰ পূৰ্বে বেয়া খবৰ! আজিৰ খেল হ’ব পাৰে স্থগিত, আঁৰত এই কাৰণ…

IPL 2025: আই পি এলত আজিৰ মেচত দেখা পোৱা যাব CSK আৰু MI ক। কিন্তু এই ইয়াৰ পূৰ্বে অনুৰাগীসকলৰ বাবে আছে এক বেয়া খবৰ। কিয়নো স্থগিত হ'ব পাৰে আজিৰ মেচ।

IPL 2025: MI বনাম CSK মেচৰ পূৰ্বে বেয়া খবৰ! আজিৰ খেল হব পাৰে স্থগিত, আঁৰত এই কাৰণ...

আই পি এল

Published: 

23 Mar 2025 11:35 AM

আজি অৰ্থাৎ ২৩ মাৰ্চত IPL 2025 ত ক্ৰিকেট অনুৰাগীসকলে এখন ডাঙৰ মেচ চোৱাৰ অপেক্ষা কৰি আছে। এই খেলখন অনুষ্ঠিত হ’ব চেন্নাই ছুপাৰ কিংছ (CSK)আৰু মুম্বাই ইণ্ডিয়ানছ(MI)ৰ মাজত। এই মেচখনক ‘এল ক্লাছিকো’ বুলিও কোৱা হয়। ইয়াৰ অৰ্থ হ’ল ক্লাছিক মেচ। এই দুয়োটা দলৰ মাজত আজি এই খেল চেন্নাইৰ চেপাউক ষ্টেডিয়ামৰ এম এ চিদাম্বৰমত অনুষ্ঠিত হ’ব। আই পি এল অনুৰাগীসকলে মুম্বাই ইণ্ডিয়ানছ(MI) আৰু চেন্নাই ছুপাৰ কিংছ (CSK)ৰ মাজত খেল চাবলৈ অধীৰ অপেক্ষা কৰি থাকে। কিন্তু এই ডাঙৰ মেচখনৰ আগতেই ক্ৰিকেট অনুৰাগীৰ বাবে এটা বেয়া খবৰ প্ৰকাশ পাইছে।

MI আৰু  CSK খেলৰ পূৰ্বে অনুৰাগীৰ বাবে বেয়া খবৰ

চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ আই পি এলৰ সবাতোকৈ সফল দল। দুয়োটা দলে এতিয়ালৈকে আই পি এলত ৫ বাৰকৈ খিতাপ দখল কৰিছে। এনে পৰিস্থিতিত যেতিয়াই এই দল দুটা মুখামুখি হয় তেতিয়া দুয়োটাৰ মাজত কঠোৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা যায়। যাৰ বাবে ক্ৰিকেট অনুৰাগীসকল বিশেষ আনন্দত থকা দেখা যায়। কিন্তু এইবাৰ বৰষুণে এই সকলো উৎসুকতা ম্লান পেলাব পাৰে। বতৰ বিজ্ঞানৰ প্ৰতিবেদন অনুসৰি আজি চেন্নাইত বৰষুণৰ সম্ভাৱনা ৮০%। চেন্নাইত বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাৰ সময়ত বৰষুণৰ সম্ভাৱনা ২০ শতাংশ একে সময়তে তাপমাত্ৰা ২৭ৰ পৰা ৩৩ ডিগ্ৰীৰ ভিতৰত থাকিব বুলি আশা কৰা হৈছে।

যদি সন্ধিয়া বৰষুণ হয় তেন্তে তিতা আউটফিল্ডৰ বাবে মেচখন পলমকৈ অনুষ্ঠিত হব পাৰে। ইয়াৰোপৰি যদি বৰষুণ দি থাকে তেন্তে এই খেল স্থগিত হ’ব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে ছিজনৰ প্ৰথমখন মেচতো বৰষুণ হোৱাৰ সম্ভাৱনা আছিল। কিন্তু কলকাতাত খেলাৰ সময়ত বৰষুণ নাছিল আৰু অনুৰাগীসকলে খেল উপভোগ কৰিছিল।

MI নে  CSK

চেন্নাই ছুপাৰ কিংছৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে মুম্বাই ইণ্ডিয়ানছে। উল্লেখ্য যে, এম এ চিদাম্বৰম ষ্টেডিয়ামত দুয়োটা দলৰ মাজত মুঠ ৮খন খেল অনুষ্ঠিত হৈছে। এই সময়ছোৱাত মুম্বাইয়ে ৫ খন মেচত জয়লাভ কৰি চি এছ কে দলে মাত্ৰ ৩ খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও দুয়োটা দলে আই পি এলত মুঠ ৩৭ বাৰ মুখামুখি হৈছে। ইয়াৰে ২০টা মুম্বাই দলে আৰু ১৭টা চেন্নাই দলে জয়ী হৈছে। গতিকে এই দিশৰ পৰা চালে চেন্নাই ছুপাৰ কিংছৰ ওপৰত আছে মুম্বাই ইণ্ডিয়ানছ। অৱশ্যে বিগত কেইখনমান মেচত ইয়াৰ বিপৰীত ছবি দেখা গৈছে।যোৱা তিনিখন মেচত চেন্নাই ছুপাৰ কিংছে জয়লাভ কৰিছে।

কোন কোন আছে

চেন্নাই ছুপাৰ কিংছ : ঋতুৰাজ গাইকৱাদ (অধিনায়ক), ৰচিন ৰবিন্দ্ৰ, ৰাহুল ত্ৰিপাঠী, দীপক হুদা, শিৱম ডুবে, ছেম কাৰাণ, এম এছ ধোনি (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, খলিল আহমেদ, নূৰ আহমেদ আৰু মথিশ পাথিৰানা।

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক ভাৰ্মা, নমন ধীৰ, ৰবিন মিঞ্জ (উইকেটকীপাৰ), মিচেল ছাণ্টনাৰ, দীপক চহৰ, ট্ৰেণ্ট ব’ল্ট, মুজীব উৰ ৰহমান, আৰু কৰ্ণ শৰ্মা।

ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?
ভাৰতৰ ১০০ টকাৰ মূল্য চীনত কিমান হয়? শুনি হ'ব আচৰিত...
মঙলবাৰে বজৰংগবলীক অৰ্পন কৰক এইসমূহ বস্তু, দূৰ হ'ব ধনৰ অভাৱ