শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘তুমুল প্রতিদ্বন্দ্বী’ মুম্বাইৰ প্ৰাক্তন সদস্যৰ সহায়ত প্ৰত্যাৱৰ্তনৰ প্ৰত্যাশা চেন্নাইৰ! আজি ঘটিব পাৰে অভিষেক

হায়দৰাবাদৰ বিপক্ষে আজিৰ এই মেচখনত চেন্নাইৰ অনুৰাগীসকলে ৰাখিছে বিশেষ দৃষ্টি। কিয়নো এই মেচখন যিদৰে এফালে দলটোৰ প্লে’ অফৰ আশা জীয়াই ৰখাৰ আধাৰ হৈ পৰিছে, সেই একেদৰে আজি দলটোত এগৰাকী উদীয়মান তাৰকাৰ অভিষেকৰো সম্ভাৱনা প্ৰকাশ পাইছে।

‘তুমুল প্রতিদ্বন্দ্বী’ মুম্বাইৰ প্ৰাক্তন সদস্যৰ সহায়ত প্ৰত্যাৱৰ্তনৰ প্ৰত্যাশা চেন্নাইৰ! আজি ঘটিব পাৰে অভিষেক
আজি ব্ৰেভিছৰ অভিষেকৰ সম্ভাৱনাImage Credit source: CSK X
monjit-dutta
Monjit Dutta | Published: 25 Apr 2025 18:42 PM

ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেন্সাইজি লীগ  আই পি এলৰ ইতিহাসত এইপৰ্যন্ত আটাইতকৈ সফলতম দল চেন্নাই চুপাৰ কিংছ। প্ৰতিযোগিতাৰ ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা ১৭টা ছিজনত এই ফ্ৰেন্সাইজিটোৱে ১৫ বাৰ অংশ লৈছে আৰু পাঁচবাৰ খিতাপ জয় কৰাৰ বিপৰীতে পাঁচবাৰ হৈছে ৰাণাৰ্ছ আপ। পিছে এইবাৰ আই পি এলৰ ১৮ সংখ্যক ছিজনত চেন্নাইৰ অৱস্থা প্ৰায় তথৈবচ। এইপৰ্যন্ত দলটোৱে ৮খন মেচ খেলি মাত্ৰ দুখনতহে দেখিছে জয়ৰ মুখ। আনহাতে ছয়খন মেচতে দলটো হৈছে পৰাস্ত। এনে হতাশাজনক প্ৰদৰ্শনেৰে চেন্নাই চুপাৰ কিংছ বৰ্তমান পইণ্ট তালিকাৰ অন্তিম স্থানতে সন্তুষ্ট থাকিব লগা হৈছে, সংকটাপন্ন হৈছে দলটোৰ প্লে’ অফত প্ৰৱেশৰ আশা।

আজি ছিজনত নিজৰ নৱমখন মেচত নামিব চেন্নাই। সমুখত থাকিব বিগত বাৰৰ ৰাণাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদ। অৱশ্যে চেন্নাইৰ দৰেই এইবাৰ হায়দৰাবাদৰ প্ৰদৰ্শনো হতাশাজনক। বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত দলটোৱে এইবাৰ মাত্ৰ দুখন মেচতহে নিজৰ এই পৰিচিত শৈলী ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু এই দুয়োখন মেচতে জয়ী হৈছে দলটো। তাৰ বিপৰীতে আন ছয়খন মেচতে হায়দৰাবাদ পৰাজয়ৰ সন্মুখীন হৈছে আৰু এইদৰে পইণ্ট তালিকাত হায়দৰাবাদে নৱম স্থানত অৱস্থান কৰিছে।

হায়দৰাবাদৰ বিপক্ষে আজিৰ এই মেচখনত চেন্নাইৰ অনুৰাগীসকলে ৰাখিছে বিশেষ দৃষ্টি। কিয়নো এই মেচখন যিদৰে এফালে দলটোৰ প্লে’ অফৰ আশা জীয়াই ৰখাৰ আধাৰ হৈ পৰিছে, সেই একেদৰে আজি দলটোত এগৰাকী উদীয়মান তাৰকাৰ অভিষেকৰো সম্ভাৱনা প্ৰকাশ পাইছে। এক কথাত এই উদীয়মান তাৰকাগৰাকীয়ে দলটোৰ বেটিং ব্যৰ্থতাৰ অৱসান ঘটাব বুলিও আশা কৰা হৈছে।

এই উদীয়মান তাৰকাগৰাকী আন কোনো নহয়, তেওঁ হৈছে দক্ষিণ আফ্ৰিকাৰ সম্ভাৱনাপূৰ্ণ যুৱ ক্ৰিকেটাৰ ডেৱাল্ড ব্ৰেভিছ। আই পি এল ২০২৫ৰ পূৰ্বে অনুষ্ঠিত হোৱা মেগা নিলামত ব্ৰেভিছক ক্ৰয় কৰা নাছিল কোনো এটা দলে। কিন্তু শেহতীয়াকৈ চেন্নাইৰ গুৰজাপনীত সিং আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত ভাগ্যোদয় হয় ব্ৰেভিছৰ আৰু চেন্নাইয়ে তেওঁক দলত অন্তৰ্ভুক্ত কৰে।

কিংবদন্তি তাৰকা এবি ডে বিলিয়াৰ্ছৰ বেটিং শৈলীৰ সৈতে বহুলাংশে সাদৃশ্য থকাৰ বাবে ক্ৰিকেট বিশ্বত এতিয়া ‘বেবী এবি’ হিচাপে পৰিচিত ব্ৰেভিছে কিছুদিন ধৰি দলটোৰ সৈতে অনুশীলন কৰি আছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেচৰ পূৰ্বে চেন্নাইৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে আজিৰ মেচত ব্ৰেভিছৰ অভিষেকৰ ইংগিতো প্ৰদান কৰিছে। তেওঁৰ মতে, প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা দলটোৰ লগত কেইবাজনো ক্ৰিকেটাৰ আছে।

আজিৰ মেচখনৰ বাবে তেওঁলোকৰে এজনক মূল একাদশত স্থান দিয়া হ’ব পাৰে আৰু ইয়াৰ ভিতৰত ব্ৰেভিছো আছে বুলি ফ্লেমিঙে উল্লেখ কৰে।  উল্লেখ্য যে ইয়াৰ পূৰ্বে ব্ৰেভিছে আই পি এলৰ দুটা ছিজন মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত কটায়। তেওঁ মুঠ ১০খন মেচ খেলি ২৩০ ৰান সংগ্ৰহ কৰে। এইবাৰ এই যুৱ তাৰকাগৰাকীয়ে ধোনিৰ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে।

লক্ষণীয়ভাৱে আই পি এলত চেন্নাই আৰু মুম্বাইৰ প্ৰতিদ্বন্দিতাক এক উচ্চস্তৰত ৰখা হয়। দুয়োটা দলেই পাঁচবাৰকৈ খিতাপ জয় কৰি এই প্ৰতিদ্বন্দিতাক আৰু অধিক আকৰ্ষণীয় কৰি ৰাখিছে। গতিকে এইবাৰ বিপৰ্যয়ত পৰা চেন্নাইয়ে মুম্বাইৰ প্ৰাক্তন সদস্যৰ সহায়ত বিপৰ্যয় দূৰ কৰাৰ পৰিকল্পনা কৰিছে বুলিও অনুৰাগীৰ মাজত গুঞ্জন উঠিছে।