এইবাৰ ৰিয়ান পৰাগৰ উইকেটক লৈ বিতৰ্ক! আম্পায়াৰৰ সৈতে লিপ্ত হ’ল কাজিয়াত
গুজৰাটে বান্ধি দিয়া নিৰ্ধাৰিত বৃহৎ লক্ষ্যৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছৰ দুৰ্বল আৰম্ভণিৰ পাছত ৰিয়ান পৰাগে অহাৰ লগে লগে কিছু উৎকৃষ্ট শ্বট খেলা দেখা গৈছিল। তেওঁৰ বিস্ফোৰক ইনিংছটো ডাঙৰ হ’ব পাৰিলেহেঁতেন যদিও ৭ম অভাৰত তেওঁক কেচ আউট দিয়া হয়। পৰ্যালোচনাৰ পিছতো এই সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহ’ল।

আইপিএল ২০২৫ৰ গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হোৱা খেলখনত এটা সিদ্ধান্তক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছিল। আহমেদাবাদত খেলা মেচখনত গুজৰাট টাইটানছৰ লক্ষ্য খেদি ৰাজস্থানৰ বেটছমেন ৰিয়ান পৰাগক গিভ আউট হোৱাৰ লগে লগে সৃষ্টি হয় বিতৰ্কৰ । এই বিতৰ্কিত সিদ্ধান্তটো ৰাজস্থানৰ ইনিংছৰ সপ্তম অভাৰত লোৱা হৈছিল। যেতিয়া ৰিয়ান পৰাগক আম্পায়াৰে আউট ঘোষণা কৰিছিল আৰু ৰিভিউ লোৱাৰ পিছতো তৃতীয় আম্পায়াৰে সিদ্ধান্ত সলনি কৰা নাছিল। গোটেই ঘটনাটো কি আছিল জানো আহক।
৯ এপ্ৰিল বুধবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা এই মেচখনত গুজৰাটে প্ৰথমে বেটিং কৰি ২১৭ ৰানৰ ডাঙৰ স্ক’ৰ কৰে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ৰাজস্থানে দ্ৰুতগতিত হেৰুৱালে দুটা উইকেট। ইয়াৰ পিছতো নতুন বেটছমেন হিচাপে ক্ৰীজলৈ অহা ৰিয়ান পৰাগে আহি পোৱাৰ লগে লগে আক্রমণ আৰম্ভ কৰে৷ তেওঁৰ বেটৰ পৰা কিছু উৎকৃষ্ট শ্বট ওলাইছিল, যাৰ ফলত ৰাজস্থানৰ স্ক’ৰ আগবাঢ়ি গৈছিল।
তাৰ পিছত ইনিংছৰ সপ্তম অভাৰত বিতৰ্কৰ সৃষ্টি হয়। বাওঁহাতৰ পেচাৰ কুলৱন্ত খেজৰোলিয়াই সেই অভাৰত বলিং কৰিছিল। তেওঁৰ চতুৰ্থ বলটো প্ৰায় য়ৰ্কৰ লেংথ আছিল, যিটো ৰিয়ানে থাৰ্ড মেনৰ ফালে খেলিব বিচাৰিছিল। কিন্তু তেওঁৰ বেট নামি অহাৰ লগে লগে বলটো ওচৰৰ পৰা পাৰ হৈ গ’ল আৰু উইকেটকীপাৰে ধৰিলে। আম্পায়াৰে ইয়াক আউট বুলি ঘোষণা কৰে। কিন্তু এই ক্ষেত্ৰত ৰিয়ানে ডিআৰএছৰ সহায় লৈছিল। তেওঁ এনে কৰিছিল কাৰণ যেতিয়া বলটো বেটৰ ওচৰত আছিল, একে সময়তে বেটখনেও পিটচত জোৰেৰে আঘাত কৰিছিল।
DRAMA IN AHMEDABAD! 👀😯
Riyan Parag is not happy with the DRS decision for being caught behind & he makes his way back! What is your take here? 👀
Watch the LIVE action ➡ https://t.co/Bu2uqHSFdi #IPLonJioStar 👉 #GTvRR | LIVE NOW on Star Sports 1, Star Sports 1 Hindi &… pic.twitter.com/iy9BedHrtz
— Star Sports (@StarSportsIndia) April 9, 2025
তৃতীয় আম্পায়াৰে যেতিয়া ৰিপ্লে কৰি চালে তেতিয়া স্পষ্টকৈ দেখা গ’ল যে বেটখনে প্ৰথমে পিটচ স্পৰ্শ কৰিছিল আৰু স্নিকোমিটাৰত ইয়াৰ শব্দ শুনা গৈছিল। কিন্তু একেবাৰে পিছৰ ফ্ৰেমত বলটো বেটখন পাৰ হোৱা দেখাৰ লগে লগে স্নিকোমিটাৰৰ শব্দটো আৰু বেছিকৈ বাঢ়ি আহিল। এই কথা মনত ৰাখি তৃতীয় আম্পায়াৰে ৰিয়ান পৰাগক আউট ঘোষণা কৰে। কিন্তু ৰিয়ান পৰাগক একেবাৰে সুখী যেন নালাগিল আৰু পোনে পোনে আম্পায়াৰৰ লগত কাজিয়াত লিপ্ত হয়। তেওঁৰ এই কাণ্ড দেখি আনজন আম্পায়াৰে তাত উপস্থিত হৈ ৰিয়ানক পোনে পোনে পেভিলিয়নলৈ উভতি যাবলৈ ক’লে। তাৰ পাছত আম্পায়াৰৰ ওপৰত ক্ষুব্ধ হৈ পেভিলিয়নলৈ উভতি যাবলৈ বাধ্য হৈছিল ৰিয়ান।