শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লক্ষ্ণৌৰ সফলতাৰ পথত হেঙাৰ হৈ পৰিছে নেকি ২৭ কোটিৰ পণ্ট! কি হ’ব ভৱিষ্যতৰ স্থিতি…

ঋষভ পণ্ট, আই পি এল ২০২৫ৰ পূৰ্বে হোৱা মেগা নিলামত ২৭ কোটি টকাৰ দৰত তেওঁক ক্ৰয় কৰিছিল লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। আৰু পিছত দলটোৰ অধিনায়ক হিচাপেও তেওঁক দায়িত্ব প্ৰদান কৰা হয়। আই পি এলত কিন্তু দুৰ্দশা অব্যাহত আছে পণ্টৰ আৰু সেয়ে বাৰে বাৰে তেওঁৰ ক্ৰয় মূল্যক লৈয়ো দেখা গৈছে আলোচনা।

লক্ষ্ণৌৰ সফলতাৰ পথত হেঙাৰ হৈ পৰিছে নেকি ২৭ কোটিৰ পণ্ট! কি হ’ব ভৱিষ্যতৰ স্থিতি…
ব্যৰ্থ পণ্ট, হতাশ অনুৰাগীImage Credit source: BCCI
monjit-dutta
Monjit Dutta | Published: 25 Apr 2025 00:04 AM

বলাৰৰ বাবে ত্ৰাস সৃষ্টি কৰি বিস্ফোৰকভাৱে বেট ঘুৰুৱাত তেওঁ নিপুণ। ক্ৰীজত থিয় হৈ যিকোনো বলতে দেহৰ অদ্ভুত ভাৰসাম্যতাৰে অনায়াসে আচৰিত শ্বট কোবাই তেওঁ একপ্ৰকাৰে সৃষ্টি কৰে চমক। এনে প্ৰদৰ্শনেৰে যিকোনো সময়তে মেচৰ স্থিতি সলনি কৰিব পৰা ক্ষমতাৰ বাবেই তেওঁক দিয়া হয় মেচ উইনাৰৰ স্বীকৃতি। পিছে ইমান চৰ্চিত তথা প্ৰশংসিত খেলুৱৈজন এইবাৰৰ আই পি এলত সম্পূৰ্ণ নিস্প্ৰভ। আগ্ৰাসী শৈলীৰ বেটিঙৰ বাবে পৰিচিত খেলুৱৈগৰাকীৰ এইবাৰ বেটিঙত নাই চমক। বহুদিনৰ পৰাই তেওঁৰ প্ৰদৰ্শনক লৈ চৰ্চা হৈছে। লক্ষণীয়ভাৱে তেওঁ আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ।

গতিকে এক বৃহৎ পৰিমাণৰ অৰ্থ লাভ কৰাৰ লগতে দলৰ অধিনায়কৰ দায়িত্বও বহন কৰাৰ পিছত তেওঁৰ এনে প্ৰদৰ্শনক লৈ চৰ্চা হোৱাটো নিতান্তই স্বাভাৱিক। ঋষভ পণ্ট, আই পি এল ২০২৫ৰ পূৰ্বে হোৱা মেগা নিলামত ২৭ কোটি টকাৰ দৰত তেওঁক ক্ৰয় কৰিছিল লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। আৰু পিছত দলটোৰ অধিনায়ক হিচাপেও তেওঁক দায়িত্ব প্ৰদান কৰা হয়। আই পি এলত কিন্তু দুৰ্দশা অব্যাহত আছে পণ্টৰ আৰু সেয়ে বাৰে বাৰে তেওঁৰ ক্ৰয় মূল্যক লৈয়ো দেখা গৈছে আলোচনা।

সাধাৰণতে ক্ৰিকেটাৰসকলে বেটিং ক্ৰমৰ যিকোনো স্থানতে বেটিং কৰিবলৈ সাজু বুলি কোৱা হয়। দল পৰিচালনাৰ নিৰ্দেশ অনুসৰি ক্ৰিকেটাৰসকলে বেটিং ক্ৰমৰ পৰিৱৰ্তনৰ প্ৰতি সমৰ্থন জনায়। এগৰাকী খেলুৱৈয়ে যে সকলো সময়তে প্ৰদৰ্শন কৰিব পাৰে, তেনেও নহয় । কেতিয়াবা হিট, কেতিয়াবা মিছ! এইদৰেই আগবাঢ়ি যায় ক্ৰিকেটাৰসকল। পিছে পণ্টৰ ক্ষেত্ৰত দেখা গৈছে ধাৰাবাহিক ব্যৰ্থতা। চলিত আই পি এল ছিজনত পন্তে ৯খন খেলত মাত্ৰ ১০৬ ৰানহে সংগ্ৰহ কৰিছে। ৰানৰ গড় ১৩.২৫ আৰু ষ্ট্ৰাইক ৰেট ৯৬.৩৬।

লক্ষ্ণৌৰ হৈ অধিকাংশ মেচতে চাৰি নম্বৰ স্থানত বেটিং কৰিছে পণ্টে। মিচেল মাৰ্শ্বৰ অনুপস্থিতিৰ বাবে অৱশ্যে তেওঁ এখন মেচত অ’পোনাৰৰ ভূমিকাতো ক্ৰীজত নামে। কিন্তু এইস্থানতো সফল নহ’ল পণ্ট। তাৰ পিছত দলৰ অন্তিমখন মেচত তেওঁৰ পুৰণি দল দিল্লীৰ বিৰুদ্ধে সপ্তম স্থানত বেটিং কৰে। পিছে এইবাৰো সফলতাৰ মুখ নেদেখিলে লক্ষ্ণৌৰ অধিনায়কগৰাকীয়ে। দুটা বলত কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে তেওঁ বিদায় লয়। তেতিয়াৰ পৰাই অধিক সমালোচনাৰ সন্মুখীন হৈছে তাৰকা ক্ৰিকেটাৰগৰাকী।

উল্লেখ্য যে ২০১৬ চনৰ পৰা আই পি এলত খেলি আহিছে পণ্টে। আই পি এলত নিজৰ অভিষেক ছিজনৰ বাবে প্ৰায় আটাইকেইটা ছিজনতে তেওঁ নিজৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত দেখিছিল সফলতাৰ মুখ। অভিষেক ছিজনত পণ্টে ১০ টা ইনিংছত ১৯৮ ৰান সংগ্ৰহ কৰিছিল। উক্ত ছিজনটোৰ পিছত দীঘলীয়া সময়ৰ মূৰকত এইবাৰ পুনৰ বিফল হৈছে তাৰকাগৰাকী। এতিয়া ছিজনৰ আগন্তুক মেচকেইখনত তেওঁ কেনেকৈ পুনৰ ছন্দ ঘূৰাই পাব, সেয়া আলোচনাৰ বিষয় হৈ পৰিছে।

বেটত ৰান নোপোৱাৰ বাবে পণ্ট এইসময়ত দলৰ বেটিং লাইন আপৰ বাবে এক চিন্তাস্বৰূপ হৈ পৰিছে। দলক সফলতা প্ৰদান কৰিবলৈ হ’লে নিজৰ প্ৰদৰ্শনেৰে সমুখৰ পৰা নেতৃত্ব দিব লাগিব পণ্টে। যদি তেওঁ দললৈ সফলতা আনিব নোৱাৰে, তেতিয়া সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌৱে আগন্তুক আই পি এলৰ নিলামৰ পূৰ্বে পণ্টক মুকলি কৰি দিলেও আচৰিত হ’ব লগা নহ’ব। এই পৰিস্থিতিত পণ্টে ফৰ্ম ঘূৰাই পোৱাটো তেওঁৰ নিজৰ লগতে সামগ্ৰিকভাৱে দলৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে।