ক্ৰিকেট অনুৰাগীলৈ দুখবৰঃ আইপিএল উপভোগ কৰিবলৈ এতিয়া দিব লাগিব ইমান টকা
চেম্পিয়নছ ট্ৰফীৰ পিছতে ক্ৰিকেটপ্ৰেমীৰ মনৰ খোৰাক পূৰ কৰিবলৈ আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব আই পি এলৰ পৰৱৰ্তী ছিজন। পিছে আই পি এলৰ আগন্তুক সংস্কৰণৰ পূৰ্বে অনুৰাগীলৈ আহিছে এক দুখবৰ।

ক্ৰিকেট বিশ্বত এতিয়া চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা। প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়েই এতিয়া অত্যন্ত আশাৰে অপেক্ষা কৰিছে এই প্ৰতিযোগিতালৈ। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী। ইফালে চেম্পিয়নছ ট্ৰফীৰ পিছতে ক্ৰিকেটপ্ৰেমীৰ মনৰ খোৰাক পূৰ কৰিবলৈ আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব আই পি এলৰ পৰৱৰ্তী ছিজন। পিছে আই পি এলৰ আগন্তুক সংস্কৰণৰ পূৰ্বে অনুৰাগীলৈ আহিছে এক দুখবৰ।
আই পি এলৰ বিগত সংস্কৰণলৈকে ক্ৰিকেট অনুৰাগীসকলে প্ৰতিখন মেচ জিঅ’ চিনেমাত বিনামূলীয়াকৈ লাইভ উপভোগ কৰিছিল। কিন্তু এই ছিজনৰ পৰা এনে সুযোগ হয়তো আৰু লাভ নকৰিব অনুৰাগীসকলে। দৰাচলতে এতিয়া Jio Cinema আৰু Disney+ Hotstar একত্ৰিত কৰা হৈছে আৰু ইয়াৰ পিছত JioHotstar মুকলি কৰা হৈছে। এতিয়া এই JioHotstarত আই পি এলৰ মেচসমূহৰ লাইভ ষ্ট্ৰীমিং কৰা হ’ব।
কিন্তু এতিয়া ক্ৰিকেট অনুৰাগীসকলে JioHotstarত আইপিএলৰ মেচ চাবলৈ হয়তো কিছু ধন ব্যয় কৰিব লাগিব। Jio Cinema আৰু Disney+ Hotstar একত্ৰিত ৰূপ JioHotstarৰ স্বত্বাধিকাৰী হৈছে আম্বানি গ্ৰুপ। এই এপত অনুৰাগীয়ে আই পি এল মেচৰ প্ৰথম কেইমিনিটমান লাইভ চাব পাৰিব। মেচখন সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ হ’লে তেওঁলোকে চাবস্ক্ৰিপচন প্লেন ক্ৰয় কৰিব লাগিব। এই এপৰ ষ্টাৰ্ট চাবস্ক্ৰিপচন প্লেনৰ দাম ১৪৯ টকা।
আনহাতে ২৯৯ টকাৰ আন এক প্লেনত ব্যৱহাৰকাৰীসকলে অধিক সুবিধা লাভ কৰিব। ইয়াৰ পিছত ৪৯৯ টকীয়া প্লেনত ব্যৱহাৰকাৰীয়ে বিনা বিজ্ঞাপনেৰে মেচ চাব পাৰিব। তিনিমাহৰ বাবে এই তিনিওটা প্লেনৰ বৈধতা থাকিব। উল্লেখ্য যে অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ পৰৱৰ্তী ছিজন। প্ৰতিযোগিতাখনৰ এই ১৮ সংখ্যক সংস্কৰণৰ প্ৰথমখন মেচ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।
প্ৰথমখন মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (আৰ চি বি)ৰ মাজত। অৱশ্যে বিচিচিআইয়ে এতিয়ালৈকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজনৰ সম্পূৰ্ণ সময়সূচী ঘোষণা কৰা নাই। আগন্তুক কেইদিনিমানৰ ভিতৰতে সূচী সম্পূৰ্ণ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।