চলিত IPL ত ৫ জনকৈ খেলুৱৈৰ ওপৰত জৰিমনা আৰোপ, ঘৰলৈ উভতি গ’ল এজন

এতিয়ালৈকে IPL 2025 ত ৫ জন খেলুৱৈক জৰিমনা বিহা হৈছে। জৰিমনা বিহাৰ আঁৰত সকলোৰে নিজস্ব কাৰণ আছে। জৰিমনা বিহা সেই খেলুৱৈসকল কোন জানো আহক...

চলিত IPL ত ৫ জনকৈ খেলুৱৈৰ ওপৰত জৰিমনা আৰোপ, ঘৰলৈ উভতি গল এজন

IPL 2025

Updated On: 

07 Apr 2025 14:41 PM

দেশত চলি আছে IPL 2025ৰ জোঁৱাৰ । কিন্তু একে সময়তে খেলুৱৈৰ ওপৰত জৰিমনা বিহাৰ প্ৰক্ৰিয়াও অব্যাহত আছে। এই পৰ্যন্ত আইপিএল ২০২৫ত মুঠ ৫ গৰাকী খেলুৱৈক জৰিমনা বিহা হৈছে। ইয়াৰ মাজতে এজন ঘৰলৈ উভতিল খেলুৱৈ। এই সকলোবোৰ ঘটিছে ৯ দিনত । ৩০ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আইপি এল ২০২৫ত জৰিমনা বিহাৰ প্ৰক্ৰিয়া।৭ এপ্ৰিললৈকে এই প্ৰক্ৰিয়া যথেষ্ট বৃদ্ধি পাইছে।

৩০ মাৰ্চ- হাৰ্দিক পাণ্ডিয়াক ১২ লাখ টকাৰ জৰিমনা

জৰিমনা আৰোপ কৰাৰ আৰম্ভণি হাৰ্দিক পাণ্ডিয়াৰ পৰা হৈছিল । এখন মেচৰ নিষেধাজ্ঞা পাৰ কৰাৰ পিছত হাৰ্দিক পাণ্ডিয়াই ৩০ মাৰ্চত মুম্বাই ইণ্ডিয়ানছৰ কামাণ্ড লয়।কিন্তু যি ভুলৰ বাবে তেওঁক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, সেই ভুলৰ বাবেই হাৰ্দিকক পুনৰ জৰিমনা বিহা হয়। আই পি এল ২০২৫ৰ প্ৰথমখন মেচতে হাৰ্দিকক স্লো অভাৰ ৰেটৰ বলি হৈ ১২ লাখ টকা জৰিমনা বিহা হয়।

৩১ মাৰ্চ- ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা

৩০ মাৰ্চত মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক স্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হোৱাৰ বিপৰীতে ৩১ মাৰ্চত একে কাৰণতে সঞ্জু চেমছনৰ ঠাইত ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব লোৱা ৰিয়ান পৰাগক জৰিমনা বিহা হৈছিল।

২-৫ এপ্ৰিলৰ ভিতৰত দুবাৰকৈ জৰিমনা বিহা হয় দিগবেশক

২ এপ্ৰিলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্পিনাৰ দিগবেশ ৰাথীয়ে নিজৰ নোটবুক উদযাপনৰ বাবে জৰিমনা পৰিশোধ কৰিবলগীয়া হৈছিল। পঞ্জাৱৰ বেটছমেন প্ৰিয়ংশ আৰিয়াক আউট কৰাৰ পিছত তেওঁ যি ধৰণে উদযাপন কৰিছিল তাৰ বাবে তেওঁৰ মেচ মাচুল ২৫ শতাংশ হ্ৰাস কৰাৰ লগতে তেওঁৰ একাউণ্টত এক ডিমেৰিট পইণ্টো যোগ কৰা হৈছিল। কিন্তু মাত্ৰ ২ দিনৰ পিছত তেওঁৰ একাউণ্টত ১ৰ সলনি ২ ডিমেৰিট পইণ্ট যোগ হয়।কাৰণ, ৫ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনত তেওঁক পুনৰ জৰিমনা বিহা হৈছিল। এইবাৰ তেওঁৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা হিচাপে কৰ্তন কৰা হয়।

৫ এপ্ৰিল – ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা

৫ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে  লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মেচত অধিনায়ক ঋষভ পণ্টক স্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছিল। যিহেতু IPL 2025 ত তেওঁৰ দলৰ এয়াই প্ৰথম ভুল, গতিকে জৰিমনা হিচাপে ১২ লাখ টকা দিব লগা হৈছিল।

৩ এপ্ৰিল- ঘৰলৈ উভতি গ’ল ৰাবাদা

২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিলৰ ভিতৰত অৰ্থাৎ ৩ এপ্ৰিলত আইপিএলৰ পৰা হঠাৎ ঘৰলৈ উভতি অহাৰ খবৰ আহিছিল। ব্যক্তিগত কাৰণত গুজৰাট টাইটানছৰ বেষ্ট বলাৰ কাগিছ’ ৰাবাদাই ঘৰলৈ উভতি যাবলগীয়া হয়। ফ্ৰেঞ্চাইজিটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে, বৰ্তমান ৰাবাদা আকৌ উভতি অহাৰ ক্ষেত্ৰত একো ক’ব নোৱাৰি।

৭ এপ্ৰিল- ইশান্ত শৰ্মাৰ ওপৰত জৰিমনা

৭ এপ্ৰিলত আইপি এল ২০২৫ৰ ৫ম খেলুৱৈগৰাকীক জৰিমনা বিহা হৈছিল। এইবাৰ ঈশান্ত শৰ্মাক লেভেল ৱানৰ দোষী সাব্যস্ত কৰা হয়। তেওঁৰ মেচ মাচুল ২৫ শতাংশ হ্ৰাস কৰা হৈছে।

ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...
IPL ৰ পৰা ধোনীয়ে বৰ্তমানলৈ কিমাট টকা আয় কৰিলে? শুনিলে হ'ব আচৰিত...
ভগৱানক কাটি ফল-মূল আগবঢ়াব লাগে নে নালাগে? কি কয় প্ৰেমানন্দ মহাৰাজে