২২ গজত ক্ৰিকেটীয় ৰোমাঞ্চ, গেলেৰীত ৰোমাঞ্চ জীৱনৰঃ প্ৰেমৰ বতাহে চুইছে IPLৰ গেলেৰী
ক্ৰীড়াৰ ৰোমাঞ্চৰ সমানেই প্ৰেমৰ ক্ষেত্ৰতো আই পি এলৰ গেলেৰীয়ে কম দায়িত্ব লোৱা নাই! কেতিয়াবা যদি খেলুৱৈ, কেতিয়াবা আকৌ অনুৰাগীয়ে আই পি এলৰ গেলাৰীত বিচাৰি পাইছে জীৱনৰ অতুলনীয় সৌন্দৰ্য- প্ৰেম। গেলেৰীৰ এনে বহু মন জুৰোৱা দৃশ্য বন্দী হৈছে কেমেৰাতো।

IPLৰ গেলেৰীত প্ৰেমৰ বতাহ
আই পি এল মানেই এক চেঁপা উত্তেজনা। এফালে ষ্টেডিয়ামৰ ভিতৰত ২২ গজত ৰোমাঞ্চকৰ বেট-বলৰ যুঁজ, গেলেৰীত উন্মাদ দৰ্শকৰ গৰ্জন আৰু আনফালে মোহময়ী চিয়েৰলীডাৰৰ উপস্থিতি। এয়া এক অতি পৰিচিত দৃশ্য। পিছে আই পি এলৰ বিষয়ে এনে আলোচনা জানো প্ৰেম সংক্ৰান্তীয় আলোচনাৰ অবিহনে সম্পূৰ্ণ হ’ব! ক্ৰীড়াৰ ৰোমাঞ্চৰ সমানেই প্ৰেমৰ ক্ষেত্ৰতো আই পি এলৰ গেলেৰীয়ে কম দায়িত্ব লোৱা নাই! কেতিয়াবা যদি খেলুৱৈ, কেতিয়াবা আকৌ অনুৰাগীয়ে আই পি এলৰ গেলাৰীত বিচাৰি পাইছে জীৱনৰ অতুলনীয় সৌন্দৰ্য- প্ৰেম। গেলেৰীৰ এনে বহু মন জুৰোৱা দৃশ্য বন্দী হৈছে কেমেৰাতো।
গেলেৰীত সেই জীতুল সোণোৱালৰ ‘প্ৰথম দেখাতেই’ গানটিৰ দৰে কেৱল চকুৰ চাৱনিৰ প্ৰেম হৈছে, এনে নহয়; আই পি এলৰ গেলেৰীক ভৱিষ্যতৰ বাবে এক হোৱাৰ তাড়ণাৰে প্ৰেম প্ৰকাশৰ মঞ্চ হিচাপে বাছি লৈছে কেইবাজনেও। কেতিয়াবা যদি প্ৰেম প্ৰকাশৰ, কেতিয়াবা আকৌ আলিঙ্গন কিম্বা চুম্বনৰ দৃশ্যও আহিছে পোহৰলৈ। আজি চাওঁ আহক আই পি এলৰ গেলেৰীত হৃদয় জিনা এনে কিছুমান ঘটনাৰ বিষয়ে-
ভাৰতীয় তাৰকা পেচাৰ উমেশ যাদৱ আৰু তেওঁৰ পত্নী তানিয়া ৱাধৱাৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল আই পি এলৰ এখন খেলৰ সময়ত। এগৰাকী বন্ধুৰ সৈতে আই পি এলৰ খেল চাবলৈ আহিছিল তানিয়া। তাতেই প্ৰথম সাক্ষাৎ হৈছিল তানিয়া আৰু উমেশৰ। তানিয়াৰ সৈতে অহা বন্দুজন আকৌ উমেশৰ বন্ধু আছিল। এইদৰে প্ৰথমে দেখাতে হোৱা পাৰস্পৰিক আকৰ্ষণ আৰু তাৰ পিছত প্ৰেমৰ পৰা বিবাহলৈ আগ বাঢ়িছিল উমেশ আৰু তানিয়া।
২০২১ চনত চেন্নাই বনাম পঞ্জাৱৰ এখন খেলৰ সময়ত দীপক চাহাৰৰ প্ৰেমিকা জয়া ভৰদ্বাজ গেলেৰীত উপস্থিত আছিল। গেলেৰীত থকা জয়াৰ কাষলৈ আগবাঢ়ি গৈছিল দীপক আৰু আঁঠু লৈ দাঙি ধৰিছিল প্ৰস্তাৱ। তাৰ পিছত জয়াই আনন্দৰে দীপকৰ প্ৰস্তাৱত মান্তি হয় আৰু ইজনে সিজনক সাৱটি ধৰে। যদিও উক্ত মেচখনত চেন্নাই জয়ী হ’ব নোৱাৰিলে, তথাপি এই দিনটো স্মৰণীয় হৈ ৰ’ল দীপকৰ বাবে।
২০২২ চনত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত বাংগালুৰু আৰু চেন্নাইৰ মাজত অনুষ্ঠিত হোৱা এখন মেচতো দেখা গৈছিল অনুৰূপ দৃশ্য। আৰচিবিৰ এগৰাকী অনুৰাগীয়ে গেলেৰীত বহি থকা প্ৰেমিকক দিয়ে প্ৰেমৰ প্ৰস্তাৱ। এই প্ৰস্তাৱত প্ৰেমিকজনে আনন্দৰে সন্মতি দিয়াত দুয়ো ইজনে সিজনক সাৱটি ধৰে। এই মধুৰ মুহূৰ্তটোও বন্দী হৈছিল কেমেৰাত আৰু ক্ষণিকৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
একেটা ছিজনতে আন এখন খেলত মুখামুখি হৈছিল গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছ। মেচখনত গুজৰাটৰ ইনিংছৰ সময়ত এহাল প্ৰেমাস্পদক গেলেৰীত বহি চুম্বনৰত অৱস্থাত দেখা গৈছিল। আৰু সেই ছবিখন সামাজিক মাধ্যমত ব্যাপকভাৱে বিয়পি পৰিছিল।
শেহতীয়াকৈ ৫১ বছৰীয়া ৰিংকু মজুমদাৰ নামৰ এগৰাকী মহিলা পশ্চিমবংগৰ ৬১ বছৰীয়া বিজেপি নেতা দিলীপ ঘোষৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। খবৰ অনুসৰি ইডেন গাৰ্ডেনত কে কে আৰৰ মেচৰ সময়ত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। এইদৰে ক্ৰিকেটীয় ৰোমাঞ্চৰ সমানেই জীৱনৰো ৰোমাঞ্চ পূৰ কৰি তুলিছে আই পি এলৰ গেলেৰীয়ে।