ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীলৈ সুখবৰঃ গুৱাহাটীত আইপিএলৰ আন এখন মেচ, দেখা পাব এইসকল তাৰকাক…
কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৮ তম সংস্কৰণৰ পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰি দুখন মেচ গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল। এতিয়া বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামে আই পি এলৰ আন এখন মেচো আয়োজনৰ সুযোগ লাভ কৰিছে। এই মেচখনত কোনকেইটা দলে প্ৰতিদ্বন্দিতা আগবঢ়াব চাওক।

কাইলৈৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰতীক্ষিত আই পি এলৰ ১৮ তম সংস্কৰণ। প্ৰতিযোগিতাৰ উদ্বোধনী মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ইফালে ঘোষিত সূচী অনুসৰি এইবাৰ প্ৰতিযোগিতাৰ দুখন মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব। ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰা ষ্টেডিয়ামক দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে দলটোৱে দুখন মেচ বৰ্ষাপাৰাত খেলিব। সূচী অনুসৰি অহা ২৬ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে আৰু ৩০ মাৰ্চত চেন্নাই চুপাৰ কিংছৰ বিপক্ষে বৰ্ষাপাৰাত দুখন মেচ খেলিব ৰাজস্থানে।
এই মেচ দুখনৰ বাবে এতিয়া ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ মাজত যথেষ্ট উছাহ পৰিলক্ষিত হৈছে। অনুৰাগীৰ এই উছাহৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যেই বিক্ৰী হৈ গৈছে সকলো টিকট। এই মেচ দুখনৰ বাবে অধীৰ অপেক্ষাৰ মাজতে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীলৈ আহিছে এক সুখবৰ। প্ৰতিবেদন অনুসৰি গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ আৰু এখন মেচ। এক বিশেষ পৰিস্থিতিত লীগৰ এখন মেচ গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, অহা ৬ এপ্ৰিলত কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাম নৱমীৰ পৰিপ্ৰেক্ষিতত এই মেচখন এতিয়া আন স্থানলৈ স্থানান্তৰিত কৰিব লগা হৈছে। এইক্ষেত্ৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামেই প্ৰথম পছন্দ হিচাপে বিবেচনা কৰা হয়। ইতিপূৰ্বে কলকাতা আৰক্ষীয়ে এই সন্দৰ্ভত বেংগল ক্ৰিকেট এছ’চিয়েচনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।
ৰাম নৱমীৰ বাবে ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া মেচখনত পৰ্যাপ্ত আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰিব পৰা নহ’ব বুলি আৰক্ষীয়ে পত্ৰখনত উল্লেখ কৰিছিল। এনে পৰিস্থিতিত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বেংগল ক্ৰিকেট এছ’চিয়েচনে মেচখন স্থানান্তৰিত কৰাৰ বাবে বিচিচিআইৰ ওচৰত অনুৰোধ জনায় আৰু এই অনুৰোধ অনুসৰিয়েই বিচিচিআইয়ে ৬ এপ্ৰিলত হ’বলগা কলকাতা আৰু লক্ষ্ণৌৰ মেচখন গুৱাহাটীলৈ স্থানান্তৰিত কৰে।
ব’ৰ্ডৰ এই সিদ্ধান্তৰ পিছত অসম ক্ৰিকেট সন্থায়ো মেচখনৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰাৰ আশ্বাস দিছে। এই মেচখনৰ জৰিয়তে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে এতিয়া আন এখন হাইপ্ৰফাইল মেচৰ সোৱাদ লাভ কৰিব। স্বচক্ষুৰে প্ৰত্যক্ষ কৰিব পাৰিব বিশ্বৰ বহুকেইগৰাকী আগশাৰীৰ তাৰকা-মহাতাৰকাৰ বেট-বলৰ আকৰ্ষণীয় যুঁজ। এই মেচখনৰ পূৰ্বেই ক্ৰিকেটপ্ৰেমীয়ে ২৬ মাৰ্চত দেখা পাব কলকাতাৰ খেলুৱৈৰ খেল।
গতিকে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে ৰাহানে, কুইণ্টন ডে কুক, ৰাছেল, নাৰাইণ, ন’কিয়া, মঈন আলী, বৰুণ চক্ৰৱৰ্তী, ৰিংকুৰ দৰে তাৰকা খেলুৱৈৰ প্ৰদৰ্শনত উৎফুল্লিত হোৱাৰ সুযোগ পাব। তাৰ পিছত ৬ এপ্ৰিলৰ মেচখনৰ জৰিয়তে অসমৰ ক্ৰিকেট অনুৰাগীসকলে পণ্ট, পুৰাণ, মিলাৰ, মাৰ্ক্ৰাম, মাৰ্শ্ব আদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী তাৰকাৰ খেল স্বচক্ষুৰে পত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব।