IPL 2025: পাণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা, কোন হ’ব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক!
অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৮তম সংস্কৰণ। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছদিনাই, অৰ্থাৎ ২৩ মাৰ্চত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈ অভিযান আৰম্ভ কৰিব দুই সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছে। লক্ষণীয়ভাৱে এই প্ৰথমখন মেচতে দেখা পোৱা নাযাব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক তথা তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক।

চেম্পিয়নছ ট্ৰফী জয় কৰি ইতিমধ্যে স্বদেশলৈ উভতি আহিছে ভাৰতীয় ক্ৰিকেট দল। স্বদেশলৈ উভতিয়েই প্ৰায় প্ৰতিগৰাকী খেলুৱৈয়েই আগন্তুক আই পি এলৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি। নিজ নিজ ফ্ৰেন্সাইজিৰ শিবিৰত যোগ দিছে খেলুৱৈসকলে। অহা ২২ মাৰ্চৰ পৰা এই ক্ৰিকেট লীগ আৰম্ভ হ’ব আৰু প্ৰতিযোগিতাখনৰ বাবে ক্ৰিকেটপ্ৰেমীৰ মাজত ইতিমধ্যেই দেখা গৈছে উৎকণ্ঠা। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছদিনাই, অৰ্থাৎ ২৩ মাৰ্চত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈ অভিযান আৰম্ভ কৰিব দুই সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছে।
লক্ষণীয়ভাৱে এই প্ৰথমখন মেচতে দেখা পোৱা নাযাব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক তথা তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক। এখন মেচৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ বাবে পাণ্ডিয়াই এই হাই ভল্টেজ মেচখনত অংশ ল’ব নোৱাৰিব। গুজৰাট টাইটানছৰ সফল অধিনায়ক হিচাপে দুটাকৈ ছিজন পাৰ কৰাৰ পিছত বিগত ছিজনত পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতিছিল পাণ্ডিয়া আৰু দলটোৰ অধিনায়ক হিচাপে দায়িত্ব লয়।
পিছে অধিনায়ক তথা খেলুৱৈ- এই দুয়োটা দিশতে ব্যৰ্থ হয় পাণ্ডিয়া। ছিজনটোত হতাশাজনক প্ৰদৰ্শনেৰে মুম্বাই পইণ্ট তালিকাৰ অন্তিম স্থানত থাকে। ছিজনটোত মুঠ তিনিখনকৈ মেচত শ্ল’ অভাৰ ৰেটৰ বাবে শাস্তিৰ সন্মুখীন হয় মুম্বাইৰ অধিনায়ক পাণ্ডিয়া আৰু শাস্তি হিচাপে ৩০ লাখ টকাৰ জৰিমনাৰ লগতে এখন মেচৰ বাবে নিলম্বিত হয়। ছিজনত নিজৰ অন্তিমখন মেচত এই শাস্তিৰ সন্মুখীন হৈছিল মুম্বাইৰ অধিনায়কগৰাকী।
সেয়ে এই ছিজনৰ প্ৰথমখন মেচতে এই শাস্তি ভোগ কৰিব লাগিব পাণ্ডিয়াই আৰু সেয়ে চেন্নাইৰ বিপক্ষে প্ৰথমখন মেচত তেওঁ দলত নাথাকিব। পাণ্ডিয়াৰ অনুপস্থিতিত এতিয়া মেচখনত দলৰ অধিনায়ক কোন হ’ব, সেই লৈ যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ৰোহিত শৰ্মাৰ নাম প্ৰথমেই চৰ্চালৈ আহিছে। মুম্বাইক নেতৃত্ব দি ইতিমধ্যে পাঁচবাৰ খিতাপ জয় কৰা ৰোহিত প্ৰতিযোগিতাৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক।
সেয়ে অনুৰাগীসকলে এইবাৰ পুনৰ ৰোহিতক অধিনায়ক হিচাপে চাব বিচাৰিছে। পিছে বিগত ছিজনত অধিনায়ক পদৰ পৰা আচম্বিতে অপসাৰিত হোৱাৰ পিছত ৰোহিতে পুনৰ দায়িত্ব লোৱাৰ সম্ভাৱনা কম। আনহাতে দলটোৰ আন এগৰাকী তাৰকা তথা অধিনায়ক পদৰ অন্যতম দাবীদাৰ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে প্ৰতিযোগিতাৰ প্ৰথমাৰ্ধৰ পৰা বাহিৰ হ’ব পাৰে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
তেনে পৰিস্থিতিত ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে চেন্নাইৰ বিপক্ষে মেচখনত অধিনায়ক হিচাপে দায়িত্ব বহন কৰিব পাৰে। যাদৱো মুম্বাই ইণ্দিয়ানছৰ অন্যতম এগৰাকী পুৰণি সদস্য আৰু দলটোৰ বহু সফলতাৰ নায়ক। তদুপৰি জাতীয় দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ বাবে ফ্ৰেন্সাইজিটোৰ মেনেজমেণ্টে চেন্নাইৰ বিপক্ষে যাদৱৰ কান্ধতে এই দায়িত্ব অৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।