শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আৰ চি বিৰ বিস্ফোৰক বেটাৰ ছানৰাইজাৰ্ছৰ শিবিৰত, কাব্যাৰ পছন্দ স্মৰণ

সকলো ঠিকে থাকিলে তেওঁক ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত দেখা গ’লহেঁতেন । ঘৰুৱা দল । কিন্তু যদি সকলো ঠিকে থাকিলেহে! আৰচিবিৰ শিবিৰত আছিল তেওঁ । দৃষ্টিও আকৰ্ষণ কৰিছিল । ৰয়েল চেলেঞ্জাৰ্ছে তেওঁক মেগা নিলামত কিনা নাছিল । কিনিলে কাব্যাই ।

আৰ চি বিৰ বিস্ফোৰক বেটাৰ ছানৰাইজাৰ্ছৰ শিবিৰত, কাব্যাৰ পছন্দ স্মৰণ
কাব্যা মাৰণImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 16 Apr 2025 16:02 PM

সঠিক পথ অনুসৰণ কৰিলে সকলোৰে বাবে সুযোগ আহে । স্কোৱাডত স্থান, একাদশত স্থান পোৱা যাব নে নাযায়, এই প্ৰশ্নটো বহু পিছৰ । ঘৰুৱা দলত স্থান নোপোৱাত কিছু আক্ষেপ থাকিব পাৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অষ্ট্ৰেলিয়ান তাৰকা এডাম জাম্পাক বাদ দিয়া হৈছে । এইদৰে সলনি কৰিব বুলি তেওঁ চাগে ভবাই নাছিল । লেগ স্পিনাৰৰ সলনি এজন বিধ্বংসী বেটছমেন! আমি এনে এজনৰ কথা কৈছোঁ যাৰ স্মৃতি সুঁৱৰিছে কাব্যা মাৰণে ।

চলি আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ । এতিয়াও বহু খেল বাকী আছে । আৰম্ভনিৰ পৰা ভাবিলে বহু দূৰ আগবাঢ়িছে । বহু দলৰ বাবে ইয়াক ছিজনৰ মাজভাগ বুলিও ক’ব পাৰি । এনে পৰিস্থিতিতেই ৰবিচন্দ্ৰন স্মৰণে আই পি এলত প্ৰথমটো দল লাভ কৰে । ভাৰতীয় ক্ৰিকেটত চিনাকি নাম নহয় । অলপ পৰিচিত ঘৰুৱা ক্ৰিকেটত । চলিত বৰ্ষৰ আৰম্ভণিতে ৰঞ্জী ট্ৰফীত তেওঁৰ বেটিং প্ৰদৰ্শন আছিল বিধ্বংসী । ২৫টা বাউণ্ডেৰী আৰু তিনিটা ছয় । কৰ্ণাটকৰ এজন যুৱ বেটছমেনে ২৭০ বলত দ্বি-শতক অৰ্জন কৰে ।

সকলো ঠিকে থাকিলে তেওঁক ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুত দেখা গ’লহেঁতেন । ঘৰুৱা দল । কিন্তু যদি সকলো ঠিকে থাকিলেহে! আৰচিবিৰ শিবিৰত আছিল তেওঁ । দৃষ্টিও আকৰ্ষণ কৰিছিল । ৰয়েল চেলেঞ্জাৰ্ছে তেওঁক মেগা নিলামত লোৱা নাছিল । মনত ৰাখিব, তেওঁ অপেক্ষা কৰি আছিল, যদিহে অলৌকিক কিবা ঘটে! মাজে মাজে ছ’চিয়েল মিডিয়াত হঠাতে এটা বা দুটা পোষ্ট পপ্ আপ হয়, য’ত কোৱা হয় যে আৰচিবিৰ খেলুৱৈ মনোজ ভাণ্ডাগে আঘাতপ্ৰাপ্ত হৈছে । লগতে লগতে কোৱা হৈছে যে মনোজৰ সলনি স্থানীয় যুৱক ৰবিচন্দ্ৰন স্মৰণ দলত অন্তৰ্ভুক্ত হ’ব পাৰে । তেওঁক স্নেপ আপ কৰিছিল কাব্যা মাৰণৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে ।

ঘৰুৱা ক্ৰিকেটত কৰ্ণাটকৰ হৈ তেওঁ বিধ্বংসী প্ৰদৰ্শন আগবঢ়াইছে । কেৱল সেয়াই নহয়, যোৱা বছৰ বেংগালুৰুৰ স্থানীয় ফ্ৰেঞ্চাইজি প্ৰতিযোগিতা মহাৰাজা টি-২০ লীগত গুলবাৰ্গ মিষ্টিকছৰ হৈ ৯ ইনিংছত ৩০২ ৰান সংগ্ৰহ কৰিছিল । বেটিং গড় ৪৩ৰ ওপৰত । ষ্ট্ৰাইক ৰেট ১৪৫ৰ অধিক । টি-২০ত এই বেটিং এভাৰেজ আৰু ষ্ট্ৰাইক ৰেট কিমান গুৰুত্বপূৰ্ণ সেই কথা কোৱা বাহুল্য ।

জুনিয়ৰ পৰ্যায়ত ধাৰাবাহিক প্ৰদৰ্শনৰ সৌজন্যত তেওঁ যোৱা ছিজনত কৰ্ণাটকৰ হৈ ঘৰুৱা অভিষেক ঘটায় । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৭খন মেচত ৫১৬ ৰান । বেটিং গড় প্ৰায় ৬৫! ঘৰুৱা ৱান ডে টুৰ্ণামেণ্ট অৰ্থাৎ লিষ্ট এ ক্ৰিকেটত মাত্ৰ ১০খন মেচ খেলাৰ পিছতো তেওঁৰ গড় ৭২ৰ ওপৰত । কৰ্ণাটকৰ হৈ আধা ডজন টি-২০ মেচত গড় ৩৪ ।

এই সকলোবোৰ পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট যে তেওঁৰ বেটিং দক্ষতা যিকোনো ফৰ্মেটৰ লগত খাপ খাব পাৰে । কিন্তু আই পি এলৰ পৰ্যায়টো সম্পূৰ্ণ বেলেগ । নিজকে চিকুটি স্মৰণে যেন সুধিব খুজিছে সঁচাকৈয়ে আই পি এল দলত থকাৰ সুযোগ পাইছেনে । তাকো এনে এটা দল যিয়ে নিৰ্দয়ভাৱে বেটিং কৰে । তেওঁ এক সাক্ষাৎকাৰত স্বীকাৰ কৰে যে তেওঁ এই খবৰটো হজম কৰিব বিচাৰে । তেওঁৰ প্ৰধান লক্ষ্য হৈছে ছানৰাইজাৰ্ছৰ অধিনায়ক পেট কামিন্সৰ চকুত পৰা আৰু হাইনৰিচ ক্লাচেনক লগ পোৱা । অৰেঞ্জ আৰ্মীয়ে তেওঁক দললৈ আদৰণি জনাইছে, তেওঁ খেলাৰ সুযোগ পাবনে? ২২ গজৰ আমন্ত্ৰণৰ অপেক্ষাত ৰবিচন্দ্ৰন স্মৰণ ।