শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ওৱাইড ডেলিভাৰীৰেও চাতুৰী কৰে নেকি ক্ৰিকেট দলে?

ক্ৰিকেট মেচ এখনত দলীয় পৰিকল্পনা যে সদায় সফল হ’ব তাৰ কোনো নিশ্চয়তা নাই । কিন্তু পৰিকল্পনা বাতিল কৰিলে পিছুৱাব লাগিব পাৰে । ৱাইড বলকলৈও নতুন পৰিকল্পনা চলিছে নেকি?

ওৱাইড ডেলিভাৰীৰেও চাতুৰী কৰে নেকি ক্ৰিকেট দলে?
শ্বাৰ্দুল ঠাকুৰImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 10 Apr 2025 14:33 PM

পৰিকল্পনা… কৌশল… কাৰ্যকৰিতা । ক্ৰীড়া জগতত এই শব্দবোৰ নতুন নহয় । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো একেই দেখা যায় । মেচ এখনত জয়ী হ’লে অধিনায়কসকলে প্ৰায়েই কয়, “আমি যি পৰিকল্পনা কৰিছিলো, সেই পৰিকল্পনা আমি খেলপথাৰত বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছিলোঁ ।” পৰাজয় হ’লে ইয়াৰ বিপৰীত হয় ভাষ্য । পৰিকল্পনা সাজু আছিল যদিও খেলপথাৰত ইয়াৰ কাৰ্যকৰীকৰণ সঠিক নহ’ল । কোৱা বাহুল্য যে অহৰহ নতুন নতুন ব্লুপ্ৰিণ্ট সৃষ্টি হৈ আছে ।

গোটেই বছৰটো ক্ৰিকেট অনুষ্ঠিত হয় । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট হওক বা আই পি এল হওক । প্ৰতিটো দলে যেনেকৈ প্ৰতিপক্ষৰ শক্তি আৰু দুৰ্বলতা জানে, তেনেকৈয়ে নিজৰ খেলুৱৈকো চিনে । তেতিয়া কেনেকৈ জয়ী হ’ব? পৰিকল্পনা কিম্বা নতুন কৌশলৰ দ্বাৰা! পৰিকল্পনা যে সদায় সফল হ’ব তাৰ কোনো নিশ্চয়তা নাই । কিন্তু পৰিকল্পনা বাতিল কৰিলে পিছুৱাব লাগিব পাৰে । ৱাইড বলকলৈও নতুন পৰিকল্পনা চলিছে নেকি?

ভাৰতীয় ক্ৰিকেটত হৰ্ষল পেটেল এটা সুপৰিচিত নাম । যশপ্ৰীত বুমৰাহো সকলোৰে পৰিচিত । লগতে ভুৱনেশ্বৰ কুমাৰকো তালিকাত স্থান দিব লাগিপব । সকলোৰে এটা ‘প্লেন’ থাকে । আই পি এলৰ এটা ছিজনত সৰ্বাধিক উইকেট দখল কৰাৰ যৌথ অভিলেখো আছে হৰ্ষল পেটেলৰ । সেই সময়ত আৰচিবিৰ হৈ খেলা হৰ্ষলে ২০২১ চনৰ আইপিএলত ৩২টা উইকেট দখল কৰিছিল । তেওঁৰ এটা লক্ষ্যণীয় দিশ ধীৰ গতিৰে আক্ৰমণ । স্লগ অভাৰত লেহেমীয়া ফুলটছ্ আৰু বাউন্সাৰ । ইয়াৰ লগতে ৱাইড য়ৰ্কাৰো দেখা যায় ।

বুমৰাহৰ য়ৰ্কাৰ কিমান নিখুঁত কোৱাৰ প্ৰয়োজন নিশ্চয় নাই । টি-২০ ক্ৰিকেটত অভাৰ বাউণ্ডেৰীতকৈ ডট বলৰ মূল্য বেছি । বুমৰাহেও স্লগ অভাৰত গতিৰ চাতুৰী খেলে । কিছুমান ইয়ৰ্কাৰ তীব্ৰ গতিত আৰু কিছুমান ইয়ৰ্কাৰ লেহেমীয়া গতিত এৰে । সেইটোৱেই তেওঁক সফলতা দিয়ে । ভুৱনেশ্বৰ কুমাৰৰ নকল ডেলিভাৰীত কিমান বেটছমেন আউট হৈছে সেয়া ক’ব নোৱাৰি ।

এতিয়া ৱাইডৰ কথালৈ আহো! কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এক অভাৰত ১১ টা বল কৰে শ্বাৰ্দুল ঠাকুৰে । প্ৰথম দৃষ্টিত আপুনি ভাবিব পাৰে যে কোনোবাই ইচ্ছাকৃতভাৱে ৱাইড বল কিয় বল কৰিব? যদি আমি ইয়াৰ বিষয়ে আন এটা দৃষ্টিকোণৰ পৰা চিন্তা কৰিব পাৰো তেন্তে? টি-২০ হৈছে দ্ৰুতগতিত চলি থকা ক্ৰিকেট । যদি কোনো দল এটা ছন্দত থাকে, তেন্তে তেওঁলোকৰ একাগ্ৰতা বিঘ্নিত কৰিবলৈ বিভিন্ন উপায় আছে । এনেধৰণৰ বহু ঘটনা ঘটিছে, হয়তো বৰ সাধাৰণ যেন লাগে, কিন্তু সেইটো দলৰ কৌশল হ’ব পাৰে!

আই পি এলত সুকীয়া কৌশলগত টাইম আউট থাকে । সেই ডেৰ-দুই মিনিটৰ ভিতৰতো কৌশল তৈয়াৰ কৰিব পাৰি । হয়তো একেৰাহে কৰা ৱাইডবোৰে শ্বাৰ্দুলৰ একাগ্ৰতাত ব্যাঘাত জন্মাইছে । পৰৱৰ্তী মেচত ভালদৰে লক্ষ্য কৰিলে সম্ভৱতঃ সেয়া বুজা যাব! কোনে জানে, হয়তো ইতিমধ্যে বিপক্ষ দলবোৰে এই বিষয়টো বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে!