শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোহলীৰ বলিঙেৰে আৰম্ভ হ’ল আই পি এল ২০২৫! এয়া কি ঘটিল কলকাতা-বাংগালুৰুৰ মেচত..

আই পি এল ২০২৫ৰ প্ৰথমখন মেচত আজি আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়। কলকাতাৰ হৈ বেটিং মুকলি কৰিবলৈ ক্ৰীজলৈ আহে অপেনাৰদ্বয় কুইণ্টন ডে কুক আৰু সুনীল নাৰাইণ। পিছে মেচ আৰম্ভ হোৱাৰ লগে লগে দেখা গ’ল এক আচৰিত দৃশ্য। এই নতুন ছিজনৰ প্ৰথম অভাৰতে বলাৰৰ ৰূপত দেখা গ’ল তাৰকা বেটাৰ বিৰাট কোহলীক।

কোহলীৰ বলিঙেৰে আৰম্ভ হ’ল আই পি এল ২০২৫! এয়া কি ঘটিল কলকাতা-বাংগালুৰুৰ মেচত..
বিৰাট কোহলী
monjit-dutta
Monjit Dutta | Published: 22 Mar 2025 22:19 PM

এক ৰোমাঞ্চকৰ ছিজনৰ প্ৰত্যাশা বহন কৰি আৰম্ভ হ’ল আই পি এল ২০২৫। আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানৰ পিছত আৰম্ভ হয় আই পি এলৰ ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচ। মেচখনত টছত জয়ী হৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়ক ৰজত পাটিদাৰে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু কলকাতা নাইট ৰাইডাৰ্ছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। কলকাতাৰ হৈ বেটিং মুকলি কৰিবলৈ ক্ৰীজলৈ আহে অপেনাৰদ্বয় কুইণ্টন ডে কুক আৰু সুনীল নাৰাইণ। পিছে মেচ আৰম্ভ হোৱাৰ লগে লগে দেখা গ’ল এক আচৰিত দৃশ্য।

এই নতুন ছিজনৰ প্ৰথম অভাৰতে বলাৰৰ ৰূপত দেখা গ’ল তাৰকা বেটাৰ বিৰাট কোহলীক। স্বাভাৱিকতেই মেচখনৰ লাইভ সম্প্ৰচাৰ চাই থকা দৰ্শকসকলৰ বাবে এয়া আচৰিত কথাই হ’ব। প্ৰথম অভাৰত যিহেতু বাংগালুৰুৱে জ’ছ হেজেলউডৰ হাতত বলিঙৰ দায়িত্ব অৰ্পণ কৰিছিল, তেনে পৰিস্থিতিত কোহলীৰ বলিঙেৰে কিদৰে আই পি এল ২০২৫ আৰম্ভ হ’ব, সেয়া ভাবিবলগীয়া কথাই!

ইয়াৰ আঁৰত আছে এক বিশেষ ঘটনা। মেচখনৰ লাইভ সম্প্ৰচাৰ চাই থকা দৰ্শকসকলে দেখাৰ দৰেই আই পি এল ২০২৫ৰ প্ৰথম অভাৰত বলিং কৰি আছিল হেজলউডে। কিন্তু সম্প্ৰচাৰকসকলৰ পৰা ঘটিল এক গুৰুতৰ ভুল। টেলিভিছনৰ পৰ্দাত হেজেলউডৰ নাম দেখুওৱাৰ সলনি ভুলতে কোহলীৰ নাম দেখুওৱা হ’ল। অৱশ্যে পিছত লগে লগে এই ভুল শুধৰোৱা হ’ল। অৰ্থাৎ মেচখনত কোহলীয়ে বল কৰা নাছিল, মাত্ৰ ভুলতে তেওঁৰ নাম দেখুওৱাহে হৈছিল।

আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন ঘটোৱা জ’ছ হেজেলউডে দলক এক সুন্দৰ আৰম্ভণি প্ৰদান কৰে। প্ৰথম অভাৰৰ পঞ্চম বলতে কুইণ্টন ডি ক’কৰ (৪) ৰূপত প্ৰথমটো উইকেট দখল কৰে অষ্ট্ৰেলিয়ান পেচাৰগৰাকীয়ে। ইয়াৰ পিছত অৱশ্যে অধিনায়ক আজিংক্যা ৰাহানে আৰু সুনীল নাৰাইণে কলকাতাৰ ইনিংছ আগবঢ়াই নিয়ে। ৰাহানেই সৰ্বাধিক ৫৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নাৰাইণৰ বেটৰ পৰা আহে ৪৪ ৰান।

অৱশ্যে দুয়োৰে উইকেট পতনৰ পিছত কলকাতাই আশা কৰাৰ দৰে এক শক্তিশালী স্ক’ৰ থিয় কৰাত বিফল হয়। আৰচিবিৰ বলিং বিভাগে দুৰন্ত প্ৰত্যাৱৰ্তনেৰে কলকাতাক মাত্ৰ ১৭৪ ৰানতে বান্ধি ৰাখিবলৈ সক্ষম হয়। দলটোৰ হৈ ক্ৰুনাল পাণ্ডিয়াই ২৯ ৰানত ৩টা উইকেট দখল কৰে। ইফালে জয়ৰ বাবে ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰচিবিয়ে ছল্ট আৰু কোহলীৰ দৰ্শনীয় বেটিঙৰ সহায়ত শক্তিশালী আৰম্ভণি ঘটাইছে।