শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় ক্ৰিকেটত নতুন ‘প্ৰিন্স’! আই পি এলত দিছে নিজৰ আগমনৰ বতৰা…

ক্ৰিকেট বিশ্বত প্ৰিন্স হিচাপে প্ৰথমে বিভূষিত হৈছিল সৌৰভ গাংগুলী। পিছলৈ কিং কোহলীৰ লগত সংগতি ৰাখি শুভমন গিলক ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰ বুলি ক’বলৈ আৰম্ভ কৰা হয়। পিছে হঠাৎ এতিয়া আবিৰ্ভাৱ ঘটিছে আন এজন ৰাজকুমাৰৰ। চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলত আত্মপ্ৰকাশ ঘটিছে এই ৰাজকুমাৰজনৰ।

ভাৰতীয় ক্ৰিকেটত নতুন ‘প্ৰিন্স’! আই পি এলত দিছে নিজৰ আগমনৰ বতৰা…
আই পি এলত প্ৰিন্সৰ আগমনৰ বতৰা
monjit-dutta
Monjit Dutta | Updated On: 29 Mar 2025 16:06 PM

ভাৰতীয় ক্ৰিকেটত ‘প্ৰিন্স’ শব্দটো শুনিলেই প্ৰথমে মনলৈ আহে এখন মুখ। কাণত ভাঁহি উঠে জিঅ’ফ্ৰে বয়কটৰ গলগলীয়া কণ্ঠত গুঞ্জৰিত সেই ধাৰাভাষ্য, কলকাতাৰ ৰাজকুমাৰ। সৌৰভ গাংগুলীৰ সাৱলীল বেটিং দেখি তেওঁ এই বিশেষণটো সংযোজন কৰিছিল। পিছলৈ কিং কোহলীৰ লগত সংগতি ৰাখি শুভমন গিলক ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰ বুলি ক’বলৈ আৰম্ভ কৰা হয়। পিছে হঠাৎ এতিয়া আবিৰ্ভাৱ ঘটিছে আন এজন ৰাজকুমাৰৰ। চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলত আত্মপ্ৰকাশ ঘটিছে এই ৰাজকুমাৰজনৰ।

আই পি এলৰ এই ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আৰম্ভণি হৈছিল পৰাজয়েৰে। তাৰ অন্যতম কাৰণ হৈ পৰিছিল লক্ষ্ণৌৰ বলিং আক্ৰমণ। দলটোত আছিল বহুকেইজন পেচাৰ। কিন্তু ইয়াৰে একাধিক আঘাতগ্ৰস্ত। আঘাতপ্ৰাপ্ত পেচাৰ মায়ংক যাদৱ কেতিয়া উপলব্ধ হ’ব, তাৰ কোনো নিশ্চয়তা নাই। আন এজন পেচাৰ মহছিন খান আঘাতৰ বাবে এইবাৰৰ আই পি এলৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে ।

তেনে পৰিস্থিতিত মহছিনৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হয় শ্বাৰ্দুল ঠাকুৰক। ইফালে দলৰ সদস্য মিচেল মাৰ্শ্ব পেচ বলিং অলৰাউণ্ডাৰ যদিও তেওঁ সম্পূৰ্ণ ফিট নহয়। সেইবাবেই তেওঁক কেৱল এগৰাকী বেটাৰ হিচাপেহে খেলিবলৈ অনুমতি দিয়া হৈছে। এনে অৱস্থাত লক্ষ্ণৌৱে দলত বিচাৰিব লগা হয় এগৰাকী বিকল্প পেচাৰৰ। আৰু এই সন্ধানেই সুযোগ আন দিয়ে প্ৰিন্স যাদৱৰ হাতলৈ।

এইবাৰৰ আই পি এলৰ লক্ষ্ণৌৰ প্ৰথমখন মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অভিষেক ঘটায় প্ৰিন্স যাদৱে। অৱশ্যে আৰম্ভণি সুখৰ নাছিল প্ৰিন্সৰ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৪ অভাৰত ৪৭ ৰান খৰচ কৰি উইকেট দখলতো তেওঁ ব্যৰ্থ হয়। বহুতে ভাবিছিল পৰৱৰ্তী মেচত হয়তো তেওঁক সুযোগ দিয়া নহ’ব ! কিন্তু হায়দৰাবাদৰ বিৰুদ্ধে তেওঁক সুযোগ দিয়া হ’ল, তাতেই তেওঁ প্ৰিন্স নামটোৰ মান ৰাখিলে।

তেওঁ নিজৰ কেৰিয়াৰৰ প্ৰথমটো আই পি এল উইকেট হিচাপে দখল কৰিছিল বিধ্বংসী ট্ৰেভিছ হেডৰ উইকেট। তাৰ পিছতেই তেওঁৰ বাবেই ছানৰাইজাৰ্ছৰ আন এজন বিধ্বংসী বেটছমেন হেইনৰিখ ক্লাচেনো ৰান আউট হৈছিল। নিজ স্পেলৰ ৪ অভাৰত মাত্ৰ ২৯ ৰানহে খৰচ কৰে প্ৰিন্সে। টি-২০ ফৰ্মেটত এয়া একপ্ৰকাৰে প্ৰশংসনীয় প্ৰদৰ্শনেই। প্ৰিন্সৰ এই সাফল্যৰ বাবে অৱশ্যে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেণ্টৰ জাহিৰ খানো কৃতিত্বৰ যোগ্য।

এতিয়া ভাৰতীয় ক্ৰিকেটত পৰিচিত হৈ পৰিছে প্ৰিন্সৰ নাম। পিছে কিদৰে নিজ কেৰিয়াৰৰ উত্থান ঘটালে প্ৰিন্সে? দিল্লীৰ পেচাৰ প্ৰিন্সে ঘৰুৱা ক্ৰিকেটত নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ বিশেষ সুযোগ নাপালে । যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল দিল্লীৰ ঘৰুৱা ফ্ৰেঞ্চাইজি লীগ দিল্লী প্ৰিমিয়াৰ লীগ। এই লীগত প্ৰিন্সে ঋষভ পন্তৰ নেতৃত্বত খেলি ১০খন মেচত ১৩টা উইকেট দখল কৰে।

ইয়াৰ পিছতে তেওঁ দিল্লীৰ হৈ ৰঞ্জী ট্ৰফীতো আৰু চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাতো সুযোগ লাভ কৰে। আই পি এলৰ মেগা নিলামৰ ঠিক পূৰ্বে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে নীতিশ ৰাণা আৰু সমীৰ ৰিজৱীৰ উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে প্ৰিন্সে। ইয়াৰ পিছতে আই পি এলৰ মেগা নিলামত লক্ষ্ণৌৱে তেওঁক ৩০ লাখ টকাত ক্ৰয় কৰিছিল। এতিয়া আই পি এলত ধাৰাবাহিকতা বজাই ৰাখিব পাৰিলেই প্ৰিন্স হৈ পৰিব ক্ৰিকেট অনুৰাগীৰ বাবে এটি চিনাকি নাম।

 

প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা