ছিংগাপুৰ-অষ্ট্ৰেলিয়াৰ মাজত সাঁকো সাজিছে ডেভিদে, সংগ দিছে ষ্টেফানীয়ে
নিৰাশাৰ মাজতো শেহতীয়াকৈ আৰচিবিৰ শিবিৰত আশাৰ সঞ্চাৰ কৰিছে টিম ডেভিদে। দীঘলীয়া শ্বটেৰে ডেভিড এতিয়া হৈ পৰিছে আৰচিবিৰ আশা। ক্ৰিকেটত ক্ৰীজৰ পৰা বাউণ্ডেৰীৰ পাৰ কৰি পঠিওৱা দীঘলীয়া শ্বটবোৰৰ দৰেই এইগৰাকী বিস্ফোৰক খেলুৱৈৰ প্ৰেমৰ পথো পিছে দীঘলীয়া।

টিম ডেভিদৰ প্ৰেম কাহিনী
আই পি এলত প্ৰতিবাৰেই ন-শক্তিৰে অৱতীৰ্ণ হয় ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। পিছে প্ৰতিবাৰেই দলটোৱে হতাশাজনকভাৱে অন্ত পেলায় ছিজন। চলিত ছিজনতো আৰচিবিয়ে প্ৰত্যাশিত আৰম্ভণি ঘটাইছিল যদিও এতিয়া দেখা গৈছে ধাৰাবাহিকতাৰ অভাৱ। পিছে নিৰাশাৰ মাজতো শেহতীয়াকৈ আৰচিবিৰ শিবিৰত আশাৰ সঞ্চাৰ কৰিছে টিম ডেভিদে। দীঘলীয়া শ্বটেৰে ডেভিড এতিয়া হৈ পৰিছে আৰচিবিৰ আশা। ক্ৰিকেটত ক্ৰীজৰ পৰা বাউণ্ডেৰীৰ পাৰ কৰি পঠিওৱা দীঘলীয়া শ্বটবোৰৰ দৰেই এইগৰাকী বিস্ফোৰক খেলুৱৈৰ প্ৰেমৰ পথো পিছে দীঘলীয়া।
টিম ডেভিদৰ গৃহভূমি হৈছে ছিংগাপুৰ। তেওঁৰ পিতৃ ৰড ডেভিদো আছিল এগৰাকী ক্ৰিকেটাৰ। ছিংগাপুৰৰ জাতীয় দলৰ হৈ খেলা ৰডে ১৯৯৭ চনত আই চি চি ট্ৰফীতো অংশ লৈছিল। ক্ৰিকেটাৰৰ সমান্তৰালকৈ ৰড ডেভিদ পেছাত এজন অভিযন্তা। পেছাগত কাৰণতে তেওঁৰ পৰিয়াল নব্বৈৰ দশকৰ আৰম্ভণিতে অষ্ট্ৰেলিয়া এৰি ছিংগাপুৰলৈ গুচি যায়। অৱশ্যে দশকৰ শেষৰ ফালে তেওঁৰ পৰিয়াল পুনৰ অষ্ট্ৰেলিয়ালৈ উভতে। সেই সময়ত টিম ডেভিদৰ বয়স আছিল মাত্ৰ দুবছৰ।
টিম ডেভিদে জন্মভূমি ছিংগাপুৰৰ জাতীয় দলৰ হৈও খেলিছিল। পিছলৈ অৱশ্যে তেওঁ নিজ দেশ অষ্ট্ৰেলিয়াতে ক্ৰিকেট কেৰিয়াৰৰ ভৱিষ্যত গঢ়াৰ স্বপ্ন দেখে। ঘৰুৱা ক্ৰিকেট, ফ্ৰেঞ্চাইজি লীগত ক্ৰমান্বয়ে নিজৰ দক্ষতা প্ৰমাণ কৰে ডেভিদে। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলত ডেভিদে প্ৰথমে মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰিছিল। অৱশ্যে এই ছিজনৰ পূৰ্বে নিলামত আৰচিবিয়ে তেওঁক ক্ৰয় কৰে।
এতিয়া আই পি এলকে ধৰি আন ফ্ৰেন্সাইজি লীগসমূহৰ লগতে দেশৰ হৈ নিজৰ প্ৰতিভাৰ পূৰ্ণ প্ৰকাশৰ প্ৰচেষ্টাত ব্ৰতী ডেভিদ। এক কথাত আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত হৈ পৰিলেও ডেভিদ এতিয়াও হৈ উঠা নাই ক্ৰিকেটৰ ৰজা। পিছে তেওঁৰ পত্নী ইতিমধ্যেই আলোচিত হৈছে হকীৰ ৰাণী হিচাপে। নাম তেওঁৰ ষ্টেফানী কেৰশ্ব’। অষ্ট্ৰেলিয়াৰ জাতীয় দলৰ ফিল্ড হকী খেলুৱৈ ষ্টেফানী। অষ্ট্ৰেলিয়াৰ হকী দলৰ হৈ তেওঁ লভিছে বহু সফলতা।
২০১৭ চনত ষ্টেফানীয়ে অষ্ট্ৰেলিয়াৰ হকী দলক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰথম সুযোগ লাভ কৰে। তেতিয়াৰ পৰাই ষ্টেফানী অষ্ট্ৰেলিয়াৰ মহিলা হকী দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হৈ পৰিছে। কমনৱেলথ গেমছ আৰু বিশ্বকাপতো জাতীয় দলক প্ৰতিনিধিত্ব কৰিছে ষ্টেফানীয়ে। পিছে ক্ৰিকেট আৰু হকী, এই দুই ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত দুই খেলুৱৈৰ মাজত কিদৰে গঢ়ি উঠিল প্ৰেমৰ সম্পৰ্ক!
টিম ডেভিদ আৰু ষ্টেফানী প্ৰথম সাক্ষাৎ হৈছিল দুয়োৰে এগৰাকী উমৈহতীয়া বন্ধুৰ জৰিয়তে। খেলৰ প্ৰতি থকা ভালপোৱাই যেন কাষ চপাই আনিছিল দুয়োকে আৰু সময়ৰ লগে লগে প্ৰেম গভীৰ হৈ পৰে। এগৰাকী খেলুৱৈ সূত্ৰে দুয়ো পৰস্পৰে পৰস্পৰ সফলতা-বিফলতাৰ আনন্দ আৰু হতাশাক ভালদৰে বুজি পায়। পাৰস্পৰিক সন্মানে এক সম্পৰ্কৰ ভেটি সুদৃঢ় কৰি তোলে। ডেভিদ আৰু ষ্টেফানীৰ ক্ষেত্ৰতো দেখা যায় ইয়াৰ প্ৰমাণ।
দুয়ো পৰস্পৰৰ খেলৰ সময়ত ষ্টেণ্ডত উপস্থিত থাকি আগবঢ়ায় পূৰ্ণ সমৰ্থন। অৱশ্যে সেয়া নিৰ্ভৰ কৰে দুয়োৰে খেলৰ সময় আৰু বিৰতিৰ ওপৰত। অত্যন্ত ব্যস্ততাৰ মাজতো অৱশ্যে দুয়ো ইজনে আনজনক দিছে সময়, দিছে একেলগে থকাৰ প্ৰতিশ্ৰুতি। সাধাৰণতে ডেভিদ আৰু ষ্টেফানী দুয়ো নিজৰ জীৱন ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। পিছে দুয়োৰে এই প্ৰেমৰ বাৰ্তাই জানো স্পৰ্শ নকৰাকৈ থাকে অনুৰাগীসক! সেয়ে এতিয়া অনুৰাগীও মোহিত ছিংগাপুৰ-অষ্ট্ৰেলিয়াৰ এই প্ৰেমৰ সাঁকোৰ মোহত!