শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বলীউড সুন্দৰী তথা পঞ্জাব কিংছৰ স্বত্বাধিকাৰী প্ৰীতি জিন্টাৰ সম্পত্তি পৰিমাণ কিমান জানেনে?

বয়স বাঢ়িলেও প্ৰীতি ধুনীয়া হৈয়েই আছে । কেৱল সৌন্দৰ্যৰেই ধনী নে প্ৰীতি ? তেওঁৰ জীৱনশৈলী আৰু ধন-সম্পত্তিয়েও আপোনাক আচৰিত কৰি তুলিব । প্ৰীতি জিন্টাৰ ব্যক্তিগত জীৱনত এবাৰ চকু ফুৰাওঁ আহক ।

বলীউড সুন্দৰী তথা পঞ্জাব কিংছৰ স্বত্বাধিকাৰী প্ৰীতি জিন্টাৰ সম্পত্তি পৰিমাণ কিমান জানেনে?
প্ৰীতি জিন্টা
raj-saikia
Raj Saikia | Updated On: 07 Apr 2025 14:01 PM

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আৰম্ভণিৰে পৰা অংশগ্ৰহণকাৰী দল পঞ্জাব কিংছ । অৱশ্য দলটোৰ নাম সলনি হৈছে । আৰম্ভনিতে দলটোৰ নাম আছিল কিংছ ইলেভেন পঞ্জাব । বৰ্তমান এই দলটো পৰিচিত পঞ্জাব কিংছ হিচাপে । নাম সলনি হ’ল কিন্তু ট্ৰফী জয়ৰ সপোন এতিয়াও আধৰুৱা । ফাইনেল পৰ্যন্ত খেলিছে যদিও খিতাপ দখল কৰিব পৰা নাই । দেশ-বিদেশৰ ভিন্নজন তাৰকা আছে পঞ্জাব কিংছত । প্ৰতিজনৰেই আশা ট্ৰফী জয়ৰ । এইবাৰ এদল শক্তিশালী ৰণুৱাৰ সৈতে খেলপথাৰত নামিছে প্ৰীতিৰ পঞ্জাব । প্ৰশিক্ষক ৰিকি পন্টিং, অধিনায়ক শ্ৰেয়াছ আয়াৰ । দলত আছে এজাক দক্ষ ক্ৰিকেটৰ । বৰ্তমানলৈকে এখন খেলত পৰাস্ত হ’লেও ফেভাৰিট পৰিগণিত হৈছে পঞ্জাব কিংছ ।

পঞ্জাব কিংছৰ অন্যতম মুৰব্বী বলিউড ষ্টাৰ প্ৰীতি জিন্টা । দলৰ প্ৰধান মুখ হিচাপে তেওঁকেই ভবা হয় । ঘৰুৱা খেল পথাৰত বেছিভাগ মেচতেই দলক প্ৰেৰণা যোগাবলৈ ষ্টেণ্ডত থাকে প্ৰীতি জিন্টা । খেলুৱৈৰ সৈতে আচৰণো খুব সুন্দৰ । খেলপথাৰত তেনেকৈ খং-ৰাগ কৰা দেখা নাযায় প্ৰীতিক । প্ৰতিপক্ষই হওক বা নিজৰ দলৰ খেলুৱৈৰ সৈতেই হওক, এগৰাকী বন্ধু বা এগৰাকী ভগ্নী হিচাপেই আচৰণ কৰা দেখা যায় তেওঁক । এইবাৰ পঞ্জাবৰ প্ৰথম মেচৰ সময়তো সেয়া দেখা গৈছিল । দলৰ সাফল্যত যিদৰে উল্লাসিত হৈছিল, তেনেকৈ পৰাজয়তো মন বেয়া কৰিছিল । খেলুৱৈৰ সৈতে বাৰ্তালাপৰ সময়ত অৱশ্যে মুখত সেই একেই পৰিচিত হাঁহি ।

আই পি এলৰ সময়ত যেনেকৈ বিভিন্ন দল আৰু ক্ৰিকেটাৰক লৈ আলোচনা হয়, তেনেদৰে প্ৰীতিৰো কেতবোৰ মুহূৰ্তই আকৰ্ষণ কৰে । তেওঁৰ বিষয়ে আলোচনাও হয় । বয়স বাঢ়িলেও প্ৰীতি ধুনীয়া হৈয়েই আছে । কেৱল সৌন্দৰ্যৰেই ধনী নে প্ৰীতি ? তেওঁৰ জীৱনশৈলী আৰু ধন-সম্পত্তিয়েও আপোনাক আচৰিত কৰি তুলিব । প্ৰীতি জিন্টাৰ ব্যক্তিগত জীৱনত এবাৰ চকু ফুৰাওঁ আহক ।

তথ্য অনুসৰি প্ৰীতি জিন্টাৰ মুঠ সম্পত্তি কমেও ১৮৩ কোটি টকা । অৱশ্যে সেই তথ্য দুবছৰমান আগৰ । ক’ব পাৰি যে সময়ৰ লগে লগে এই পৰিমাণ বৃদ্ধি পাইছে । চিনেমাৰ পৰাও তেওঁ দীঘলীয়া বিৰতি লৈছে । অৱশ্যে ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আছে । তথ্য অনুসৰি প্ৰীতিয়ে ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ বাবে প্ৰায় ১.৫ কোটি টকা লয় ।

দুবছৰমান আগতে প্ৰীতিয়ে ১৭ কোটিৰো অধিক টকাত আন এটা এপাৰ্টমেণ্ট কিনিছিল । ইয়াৰ উপৰিও তেওঁৰ গৃহ চহৰ ছিমলাতো এটা ঘৰ আছে । আনকি লছ এঞ্জেলছতো আছে ঘৰ । ঘৰৰ লগতে গাড়ী সংগ্ৰহো বাদ দিব নোৱাৰি । তেওঁৰ পৰ্ছে আৰু মাৰ্চিডিজৰ দৰে কেইবাখনো বিলাসী বাহন আছে ।

অভিনয়ৰ উপৰিও তেওঁৰ বিনিয়োগৰ প্ৰতিও প্ৰৱণতা আছে । ২০০৮ চনত আই পি এলত যৌথ মালিকীস্বত্ব ক্ৰয় কৰিছিল প্ৰীতিয়ে । তেওঁ ৩৫ কোটি টকা বিনিয়োগ কৰিছিল কিংছ ইলেভেন পঞ্জাবত । সময়ৰ লগে লগে দলটোৰ মূল্য বৃদ্ধি পাইছে । ব্যৱসায়তো ‘সুন্দৰ’ বন্ধুত্ব প্ৰীতিৰ । শেহতীয়া তথ্য অনুসৰি পঞ্জাব কিংছৰ মূল্য প্ৰায় ৮ হাজাৰ কোটি ! একমাত্ৰ আক্ষেপটো হ’ল ট্ৰফী জয় । সেই সপোন পূৰণৰ লক্ষ্য প্ৰীতিৰ পঞ্জাবৰ ।

প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9- বাংলা