অভিষেকতেই ধোনীৰ আশীৰ্বাদ লাভ শ্বেখ ৰছিদৰ

১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খেলাৰ পিছত নতুন পৰ্যায়ত সুযোগ লাভ কৰে বহু ক্ৰিকেটাৰে । সেয়া আই পি এলৰ মঞ্চও হ’ব পাৰে । মেগা নিলাম হওক বা বিশ্বকাপৰ পিছত মিনি নিলাম হওক, ভৱিষ্যত প্ৰজন্মৰ ওপৰত গুৰুত্ব দিয়া হয় । ২০২২ চনত দেশৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ দলৰ অংশ আছিল শ্বেখ ৰছিদ ।

অভিষেকতেই ধোনীৰ আশীৰ্বাদ লাভ শ্বেখ ৰছিদৰ

ধোনীৰ সৈতে ৰছিদ

Published: 

15 Apr 2025 15:10 PM

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে জন্ম দিছে নতুন তাৰকাৰ । কেতিয়াবা ক্ষণিক অপেক্ষা কৰিব লাগে । সুযোগ আহে । যদি ব্যৱহাৰ কৰিব পাৰি…। তেওঁক তাৰকা বুলি কোৱাৰ সময় এতিয়াও হোৱা নাই । মাত্ৰ এখন মেচ খেলিছেহে । দুবছৰমান বেঞ্চত বহি কটালে । অৱশেষত সুযোগ আহিল । তাকো আকৌ ধোনীৰ অধিনায়কত্বত! আমি শ্বেখ ৰছিদৰ কথা কৈছো । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মেচত যে ফুলি উঠিল নতুন এপাহ সুৰুজমুখী ।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খেলাৰ পিছত নতুন পৰ্যায়ত সুযোগ লাভ কৰে বহু ক্ৰিকেটাৰে । সেয়া আই পি এলৰ মঞ্চও হ’ব পাৰে । মেগা নিলাম হওক বা বিশ্বকাপৰ পিছত মিনি নিলাম হওক, ভৱিষ্যত প্ৰজন্মৰ ওপৰত গুৰুত্ব দিয়া হয় । ২০২২ চনত দেশৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ দলৰ অংশ আছিল শ্বেখ ৰছিদ । কে কে আৰৰ অংকৃষ ৰঘুবংশী, মুম্বাই ইণ্ডিয়ানছৰ ৰাজ অংগদ বাৱা, শ্বেখ ৰছিদ একেটা বেচৰ । ২১ বছৰীয়া শ্বেখ ৰছিদৰ উত্থান হঠাৎ হোৱা নাই ।

ৰাজ্যৰ প্ৰতিভাক উলিয়াই আনি তেওঁলোকক সঠিকভাৱে প্ৰশিক্ষণ দিয়া আৰু তেওঁলোকক আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰা, এই উদ্দেশ্যেই তিনিখন ক্ৰিকেট একাডেমী স্থাপন কৰা হয় অন্ধ্ৰ প্ৰদেশত । লক্ষ্য আছিল আৰ্থিকভাৱে বঞ্চিত সম্প্ৰদায়ৰ পৰা নতুন প্ৰতিভা বিচাৰি উলিওৱা । শ্বেখ ৰছিদ তেওঁলোকৰ অন্যতম উজ্জ্বল মুখ ।

এই সফলতাৰ বহুখিনি দাবীদাৰ তেওঁৰ পিতৃ বালিছা । ৰছিদ অতি সাধাৰণ পৰিয়ালৰ ল’ৰা । দেউতাকে কীটনাশকৰ দোকান এখনত কাম কৰিছিল । পুতেকক ডাঙৰ সপোন দেখাত কেতিয়াও বাধা দিয়া নাছিল । ৰছিদে দেউতাকৰ কষ্ট যাতে সাৰ্থক হয় সেই কথা সদায় লক্ষ্য ৰাখিছিল । কোনো চৰ্টকাট নাই । লাহে লাহে উত্থান তেওঁৰ । ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলকে ধৰি ঘৰুৱা ক্ৰিকেটত তেওঁ প্ৰমাণ কৰিছে নিজক ।

প্ৰথমবাৰৰ বাবে আই পি এলৰ মঞ্চত খেলাৰ সুযোগ । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অ’পেন কৰিবলৈ ওলাই আহিল ৰছিদ । সহযোগী ধোনীৰ বিশ্বাসযোগ্য হাত । ১৯টা বলত ২৭ ৰান সংগ্ৰহ । ইয়াত ৰান কম হ’ব পাৰে, কিন্তু সাহস আৰু দৃঢ়তা বহুত বেছি । ২৭ ৰাণৰ ভিতৰত ৬ টা বাউণ্ডেৰী । কোনো ধৰণৰ ফেন্সী শ্বট নেখেলিলে । সেইবাবেই মহেন্দ্ৰ সিং ধোনীয়েও ক’ব পাৰিছিল – তেওঁ সঁচাকৈয়ে বহুত ভাল শ্বট খেলিছে । মাত্ৰ আৰম্ভণিহে, নিখুঁতভাৱে পৰিষ্কাৰ শ্বট এটাৰেও যি শক্তি দেখুৱাব পৰা যায়, সেয়া তেওঁৰ বেটিঙত স্পষ্ট, আশাকৰোঁ তেওঁ আন অ’পেনাৰক দেখাৰ পিছত নিজকে সলনি নকৰিব ।

ক’ব পাৰি যে শ্বেখ ৰছিদৰ প্ৰদৰ্শনে ধোনিৰ মন কিছু পৰিমাণে ভৰাই পেলাইছে । মাহীয়ে যে ৰছিদৰ হাত এৰি নিদিয়ে সেয়াও নিশ্চিত । মাত্ৰ ধোনিৰ সতৰ্কবাণীটো মনত ৰাখিব লাগিব- ৰছিদে আন অ’পেনাৰক চাই নিজকে সলনি কৰিব নালাগে ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক