IPL 2025 Mega Auction: ইতিহাস! ১৩ বছৰীয়া কিশোৰৰ বাবে উঠিল কোটি টকাৰ দৰঃ কোন এই কিশোৰ চাঞ্চল্য….
আই পি এলৰ চলিত নিলামত নামী দামী খেলুৱৈৰ লগতে অখ্যাত খেলুৱৈয়ো হৈ পৰিছে কোটিপতি। পিছে এই নিলামত আজি দৃষ্টি আকৰ্ষণ কৰিলে এটি ১৩ বছৰীয়া কিশোৰে। এই কিশোৰ খেলুৱৈগৰাকীৰ বাবে নিলামত উঠিল কোটি টকাৰ নিবিদা। ইতিহাস সৃষ্টি কৰি এই খেলুৱৈগৰাকী এতিয়া ক্ৰিকেট বিশ্বত হৈ পৰিছে এটি চৰ্চিত নাম।
চৌদি আৰৱৰ জেদ্দাহ চহৰত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে আই পি এলৰ মেগা নিলাম। এই নিলামত খেলুৱৈৰ বিপৰীতে উঠিছে টকাৰ উজান। কোটি কোটি টকাৰ দৰত খেলুৱৈ ক্ৰয় কৰি নিজৰ দল শক্তিশালী কৰি তুলিছে ফ্ৰেন্সাইজিসমূহে। নামী দামী খেলুৱৈৰ লগতে অখ্যাত খেলুৱৈয়ো নিলামত হৈ পৰিছে কোটিপতি। হৈছে ভাগ্যোদয়। পিছে এই নিলামত আজি দৃষ্টি আকৰ্ষণ কৰিলে এটি ১৩ বছৰীয়া কিশোৰে। এই কিশোৰ খেলুৱৈগৰাকীৰ বাবে নিলামত উঠিল কোটি টকাৰ নিবিদা। ইতিহাস সৃষ্টি কৰি এই খেলুৱৈগৰাকী এতিয়া ক্ৰিকেট বিশ্বত হৈ পৰিছে এটি চৰ্চিত নাম।
আজি নিলামৰ দ্বিতীয় দিনা আটাইতকৈ চৰ্চিত হৈ পৰা এই কিশোৰ খেলুৱৈগৰাকীৰ নাম বৈভৱ সূৰ্যবংশী। এই কিশোৰগৰাকী আই পি এলৰ ইতিহাসত কোনো ফ্ৰেন্সাইজিৰ সৈতে চুক্তিবদ্ধ হোৱা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আজি নিলামত বৈভৱ সূৰ্যবংশীক ১.১০ কোটি টকাত ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। সূৰ্যবংশীৰ বাবে নিলামত ৰাজস্থানৰ সৈতে দিল্লী কেপিটেলছৰ মাজত তীব্ৰ নিবিদা প্ৰতিদ্বন্দিতা হয়।
অৱশেষত বহু প্ৰতিদ্বন্দিতাৰ অন্তত ৰাজস্থানে ক্ৰয় কৰিবলৈ সক্ষম হয় কিশোৰ খেলুৱৈগৰাকীক। এতিয়া ৰাহুল দ্ৰাবিড়ৰ দৰে একালৰ তাৰকা তথা দক্ষ প্ৰশিক্ষকৰ তত্বাৱধানত খেলাৰ সৌভাগ্য হ’ব সূৰ্যবংশীৰ। যুৱ খেলুৱৈক সঠিক দিকদৰ্শনৰ বাবে সততে সুনাম থকা দ্ৰাবিড়ৰ প্ৰশিক্ষণত নিজকে গঢ় দিয়াৰ সুৱৰ্ণ সুযোগ লাভ কৰিব কিশোৰগৰাকীয়ে। ক্ৰিকেট বিশ্বত এতিয়া চৰ্চিত এই বৈভৱ সূৰ্যবংশীৰ ঘৰ বিহাৰত।
আই পি এলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰা বৈভৱ সূৰ্যবংশীয়ে ইতিপূৰ্বে ২০২৩-২৪ বৰ্ষৰ ৰঞ্জি ট্ৰফী ছিজনত মাত্ৰ ১২ বছৰ ২৮৪ দিনত মুম্বাইৰ বিৰুদ্ধে অভিষেক ঘটাই প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। এইদৰে তেওঁ যুৱৰাজ সিং আৰু শচীন তেণ্ডুলকাৰৰ দৰে ক্ৰিকেট কিংবদন্তিৰ অভিলেখ ভংগ কৰিছিল।
উল্লেখ্য যে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত যুৱ টেষ্ট শৃংখলাৰ সময়ত সূৰ্যবংশীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। মাত্ৰ ৬২টা বলত ১০৪ ৰান সংগ্ৰহ কৰি এই শৃংখলাটোৰ সময়ত উজলি উঠিছিল সূৰ্যবংশী। ১৩ বছৰ ১৮৮ দিন বয়সত তেওঁ প্ৰতিযোগিতামূলক ক্ৰিকেটৰ ১৭০ বছৰীয়া ইতিহাসৰ আটাইতকৈ কম বয়সীয়া শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
লগতে যুৱ পৰ্যায়তো এজন ভাৰতীয়ৰ দ্বাৰা দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল সূৰ্যবংশীয়ে। এইক্ষেত্ৰত সূৰ্যবংশীতকৈ আগত আছে কেৱল ইংলেণ্ডৰ তাৰকা মঈন আলী। সূৰ্যবংশীয়ে ৫৮ বলত শতক সম্পূৰ্ণ কৰাৰ বিপৰীতে মঈন আলীয়ে ৫৬টা বলত এই কৃতিত্ব অৰ্জন কৰিছিল। এনে সাফল্য লাভেৰে আই পি এলৰ চুক্তিৰ পথ মুকলি কৰা বৈভৱ সূৰ্যবংশীয়ে আগন্তুক আই পি এলত কেনে প্ৰদৰ্শন দাঙি ধৰিব পাৰে, সেয়া হ’ব লক্ষণীয়।