পুনৰ ঘূৰিব মুম্বাইৰ সৌভাগ্যৰ চকৰী! দললৈ উভতিল এইগৰাকী ‘সফল’ প্ৰশিক্ষক… | IPL 2025 mega auction Mumbai Indians sack Mark Boucher Mahela Jayawardene return as head coach Assam news - Assam Tv9

পুনৰ ঘূৰিব মুম্বাইৰ সৌভাগ্যৰ চকৰী! দললৈ উভতিল এইগৰাকী ‘সফল’ প্ৰশিক্ষক…

আগন্তুক ছিজনৰ আইপিএলৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে বৰ্খাস্ত কৰিছে দলটোৰ মুখ্য প্ৰশিক্ষক মাৰ্ক বাউচাৰক। বাউচাৰৰ ঠাইত মুম্বায়ে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ইতিপূৰ্বেও দলটোত এই দায়িত্ব পালন কৰি যোৱা আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক। তেওঁৰ তত্বাৱধানত তিনিবাৰকৈ আইপিএল খিতাপ জয় কৰিছিল ফ্ৰেন্সাইজিটোৱে।

পুনৰ ঘূৰিব মুম্বাইৰ সৌভাগ্যৰ চকৰী! দললৈ উভতিল এইগৰাকী ‘সফল’ প্ৰশিক্ষক…

মুম্বাই ইণ্ডিয়ানছে নিযুক্তি দিলে নতুন প্ৰশিক্ষক

Updated On: 

13 Oct 2024 19:22 PM

ক্ৰিকেটপ্ৰেমীৰ মাজত সম্প্ৰতি চৰ্চাত আইপিএল ২০২৫ৰ মেগা নিলাম। খেলুৱৈৰ ৰিটেনচন তথা ক্ৰয়ক লৈ উৎকণ্ঠিত হৈ আছে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমী। মেগা নিলামৰ এনে চৰ্চাৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আইপিএলৰ আটাইতকৈ সফল দল মুম্বাই ইণ্ডিয়ানছে। আগন্তুক ছিজনৰ প্ৰতিযোগিতাৰ পূৰ্বে ফ্ৰেঞ্চাইজিটোৱে বৰ্খাস্ত কৰিছে মুখ্য প্ৰশিক্ষক মাৰ্ক বাউচাৰক। বাউচাৰৰ ঠাইত পুনৰবাৰ দলটোৱে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা তথা পূৰ্বেও মুম্বাইৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰা মাহেলা জয়াৱৰ্ধনেক।

আজি আনুষ্ঠানিকভাৱে ফ্ৰেঞ্চাইজিটোৱে জয়াৱৰ্ধনেৰ পুনৰ নিযুক্তিৰ কথা ঘোষণা কৰে। ইতিপূৰ্বে তেওঁ ২০১৭ চনৰ পৰা ২০২২ চনলৈকে একেৰাহে ৬টা ছিজন মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰিছিল। অৱশ্যে যোৱা দুটা ছিজনত তেওঁক ফ্ৰেঞ্চাইজিটোৰ ‘গ্ল’বেল হেড অৱ ক্ৰিকেট‘ হিচাপে দায়িত্ব দিয়া হৈছিল। ইয়াৰ পিছতে ২০২৩ চনৰ ছিজনৰ পূৰ্বে মুম্বায়ে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা মাৰ্ক বাউচাৰক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল।

কিন্তু তেওঁৰ কাৰ্যকালত যোৱা দুটা ছিজনত দলটোৰ প্ৰদৰ্শন আছিল অত্যন্ত দুৰ্বল। বিশেষকৈ গত ছিজনত হাৰ্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তন আৰু ৰোহিত শৰ্মাক অধিনায়কৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত ফ্ৰেন্সাইজিটোক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ধাৰাবাহিক দুৰ্বল প্ৰদৰ্শনৰ ফলস্বৰূপে দলটোৱে পইণ্ট তালিকাত অন্তিম স্থানতে সন্তুষ্ট থাকিবলগা হৈছিল। এনে পৰিস্থিতিত মুম্বায়ে পুনৰ জয়াৱৰ্ধনেৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।

মুম্বাইৰ ‘গ্ল’বেল হেড অৱ ক্ৰিকেট‘ হিচাপে মাহেলা জয়াৱৰ্ধনেই বিশ্বৰ বিভিন্ন টি-২০ লীগত ফ্ৰেঞ্চাইজিটোৰ সম্প্ৰসাৰণ আৰু পৰিচালনাৰ কাম পৰিচালনা কৰি আহিছে। এতিয়া এই দায়িত্ব এৰি তেওঁ পুনৰ মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব। উল্লেখ্য যে ইয়াৰ পূৰ্বে জয়াৱৰ্ধনেই ২০১৭ চনৰ পৰা ২০২২ ছিজনলৈ মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত মুম্বায়ে ২০১৭, ২০১৯ আৰু ২০২০ চনত আইপিএলত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।

আগন্তুক ছিজনৰ পৰাই জয়াৱৰ্ধনেই দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব। জয়াৱৰ্ধনেৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক কৰ্মচাৰী দলৰ আন এগৰাকী ব্যক্তিৰো দললৈ প্ৰত্যাৱৰ্তন ঘটিছে। বিগত প্ৰায় দুবছৰ ধৰি ভাৰতীয় দলত ৰাহুল দ্ৰাবিড়ৰ সহযোগী হিচাপে ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি অহা পাৰস মহামব্ৰেকো দললৈ ঘূৰাই আনিছে ফ্ৰেন্সাইজিটোৱেই। এতিয়া তেওঁ বৰ্তমানৰ বলিং প্ৰশিক্ষক লাচিথ মালিংগাক সহযোগিতা আগবঢ়াব।

এতিয়া নতুন প্ৰশিক্ষক হিচাপে মাহেলা জয়াৱৰ্ধনেই মুম্বাইৰ খেলুৱৈ ৰিটেনচন আৰু তাৰ পিছত মেগা নিলামৰ কৌশল প্ৰস্তুত কৰিব লাগিব। ইফালে বাউচাৰক বৰ্খাস্ত আৰু আৰু জয়াৱৰ্ধনেক পুনৰ নিযুক্তিৰ পিছত মুম্বায়ে পৰৱৰ্তী সময়ত আন কোনো বৃ্হৎ গ্ৰহণ কৰিব নেকি, সেয়া আন এক চৰ্চিত প্ৰশ্ন হৈ পৰিছে। বিশেষকৈ হাৰ্দিক পাণ্ডিয়াৰ স্থানত ৰোহিত শৰ্মাক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব নেকি, সেই লৈ চলিছে জল্পনা-কল্পনা।

সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!