দিল্লী কেপিটেলছ এৰিব নেকি ঋষভ পণ্টে! নিশাৰ টুইটক লৈ চলিছে ব্যাপক চৰ্চা

আইপিএলৰ আগন্তুক মেগা নিলামক লৈ উৎকণ্ঠিত হৈ আছে অনুৰাগীসকল। এই মেগা নিলামৰ পূৰ্বে ঋষভ পণ্টে এইবাৰ দিল্লী কেপিটেলছ এৰিব পাৰে বুলি খবৰ ওলাইছে। এই চৰ্চাৰ মাজতে পণ্টে সামাজিক মাধ্যমত এক প্ৰশ্ন তুলি অনুৰাগীৰ উৎকণ্ঠা অধিক ঘণীভূত কৰি তুলিছে।

দিল্লী কেপিটেলছ এৰিব নেকি ঋষভ পণ্টে! নিশাৰ টুইটক লৈ চলিছে ব্যাপক চৰ্চা

দিল্লী এৰিব নেকি পণ্টে!

Published: 

12 Oct 2024 14:19 PM

আইপিএলৰ আগন্তুক মেগা নিলামক লৈ জল্পনা-কল্পনা ইতিমধ্যে তুংগত আছে। ফ্ৰেন্সাইজিসমূহৰ খেলুৱৈৰ ৰিটেনচন আৰু ক্ৰয়ৰ সম্ভাৱনীয়তাক লৈ চলিছে ব্যাপক চৰ্চা। শেহতীয়াকৈ বিচিচিআইয়ে আইপিএল ২০২৫ৰ মেগা নিলামৰ নিয়মাৱলী প্ৰকাশ কৰিছিল। মেগা নিলামৰ বাবে ব’ৰ্ডে বহু নিয়মৰ পৰিৱৰ্তন কৰাৰ লগতে দলসমূহে খেলুৱৈ নিলামৰ বাবে ব্যৱহাৰ কৰিব লগা ধনৰ পৰিমাণো বৃদ্ধি কৰিছিল। অৱশ্যে এইপৰ্যন্ত কোনো এটা দলেই প্ৰকাশ কৰা খেলুৱৈৰ ৰিটেনচন লিষ্ট। খেলুৱৈৰ ৰিটেনচন তালিকা প্ৰকাশৰ পূৰ্বৰে পৰা বহু তাৰকা খেলুৱৈয়ে বৰ্তমানৰ দল এৰি যোৱাৰ সম্ভাৱনাক লৈ চৰ্চা চলিছে।

এনে চৰ্চাৰ বাবে আগন্তুক মেগা নিলামক লৈ উৎকণ্ঠিত হৈছে অনুৰাগীসকল। এই উৎকণ্ঠা অধিক কৰি তুলিছে ঋষভ পণ্টে। মেগা নিলামৰ পূৰ্বে ঋষভ পণ্টে এইবাৰ দিল্লী কেপিটেলছ এৰিব পাৰে বুলি খবৰ ওলাইছে। দিল্লীৰ পৰিৱৰ্তে পণ্টক এইবাৰ চেন্নাই ছুপাৰ কিংছ বা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলত দেখা যাব পাৰে বুলিও সামাজিক মাধ্যমত চৰ্চা হৈছে। এই চৰ্চাৰ মাজতে পণ্টে সামাজিক মাধ্যমত এক প্ৰশ্ন তুলি অনুৰাগীৰ উৎকণ্ঠা অধিক ঘণীভূত কৰি তুলিছে।

উল্লেখ্য যে ২০১৬ চনৰ পৰা দিল্লী কেপিটেলছৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে আছে ঋষভ পণ্ট। বিগত কেইটামান ছিজন ধৰি পণ্টে ফ্ৰেন্সাইজিটোৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰি আছে। খিতাপ জয় কৰিব নোৱাৰিলেও অধিনায়ক হিচাপে পণ্টৰ প্ৰদৰ্শন আওকাণ কৰিব নোৱাৰি। সমান্তৰালকৈ পণ্টৰ অনন্য প্ৰতিভাৰ বাবে স্বাভাৱিকতেই সকলো ফ্ৰেঞ্চাইজিয়েই তাৰকাগৰাকীক নিজ দলত অন্তৰ্ভুক্ত কৰিব বিচাৰিব।

যোৱা নিশা সামাজিক মাধ্যম যোগে পণ্টে অনুৰাগীসকলক উদ্দেশ্যি কৰে এক বিশেষ প্ৰশ্ন। পণ্টৰ নাম মেগা নিলামলৈ আহিলে তেওঁ বিক্ৰী হ’ব নে নহয় বুলি প্ৰশ্ন কৰে তাৰকাগৰাকীয়ে। লগতে মেগা নিলামলৈ আহিলে তেওঁৰ নিবিদা কিমান হ’ব পাৰে বুলিও পণ্টে প্ৰশ্ন কৰে। পণ্টৰ এই প্ৰশ্নই তেওঁৰ লগতে দিল্লী কেপিটেলছ দলৰ অনুৰাগী তথা সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। পণ্টৰ পোষ্টটোৰ তলতে বহু অনুৰাগীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে।

কোনো কোনোৱে পণ্ট মেগা নিলামলৈ আহিলে তেওঁৰ দৰ ২০ কোটি্ৰ পাৰ হ’ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। একেদৰে কোনো কোনোৱে ১৮ কোটি, ১২ কোটি টকাৰ দৰৰ সম্ভাৱনা ব্যক্ত কৰিছে। একাংশ অনুৰাগীয়ে আকৌ পণ্টৰ এই পোষ্টটোক ধেমালি আখ্যা দিছে। কোনোৱে আকৌ নিশা সুৰা পান কৰাৰ পিছত এনে চিন্তা আহে বুলিও  কটুক্তি কৰিছে। তথাপি পণ্টৰ এই পোষ্টটোৱে বাৰুকৈয়ে লহৰ তুলিছে সামাজিক মাধ্যমত।

লক্ষণীয়ভাৱে বিগত ছিজনত দিল্লী কেপিটেলছে ঋষভ পণ্টক ১৬ কোটি টকাৰ দৰত নিজ দলত ৰিটেইন কৰি ৰাখিছিল। যদি এইবাৰো দলটোৱে তাৰকাগৰাকীক ৰিটেইন কৰি ৰাখে তেতিয়া নিয়ম অনুসাৰে ১৮ কোটি টকা লাভ কৰিব। উল্লেখ্য যে আইপিএলৰ মেগা নিলাম চলিত বৰ্ষৰে নৱেম্বৰ মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ পূৰ্বে দলসমূহে ৩০ অক্টোবৰৰ ভিতৰত ৰিটেনচন লিষ্ট মুকলি কৰিব লাগিব।

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...