শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ashwani Kumar: প্ৰথম বলতে উইকেট, নিস্তেজ ৰাছেল পাৱাৰোঃ ৱাংখেড়েত অভিষেকতে চমক সৃষ্টি কৰা কোন এই অশ্বনী কুমাৰ!

অভিষেক বলতে এই যুৱ পেচাৰগৰাকীয়ে আজিংক্যা ৰাহানেৰ দৰে অভিজ্ঞ বেটাৰক বিদায় দি উইকেটৰো অভিষেক ঘটালে। সিমানতে অন্ত নপৰিল তেওঁৰ চমক। তাৰ পিছতে এটা এটাকৈ হাতত তুলি ল’লে আৰু তিনিটা সফলতা। এইদৰে অভিষেক মেচতে সকলোৰে নয়নৰ মণি হৈ পৰিছে এই খেলুৱৈগৰাকী। নাম তেওঁৰ অশ্বনী কুমাৰ।

Ashwani Kumar: প্ৰথম বলতে উইকেট, নিস্তেজ ৰাছেল পাৱাৰোঃ ৱাংখেড়েত অভিষেকতে চমক সৃষ্টি কৰা কোন এই অশ্বনী কুমাৰ!
অভিষেকত অশ্বনীৰ চমক
monjit-dutta
Monjit Dutta | Updated On: 31 Mar 2025 23:03 PM

আই পি এল ইতিহাসত খিতাপ জয়ৰ সাফল্যৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ আছে নিজা এক স্বৰ্ণিল ধাৰা। এই ফ্ৰেন্সাইজিটোৱে ভাৰতীয় ক্ৰিকেটক প্ৰদান কৰিছে বহুকেইজন তাৰকা খেলুৱৈক। এইক্ষেত্ৰত সমুখতে আছে যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়াৰ দৰে নাম। চলিত ছিজনতো মুম্বাইয়ে সমুখলৈ আনিছে এনে দুই প্ৰতিভা। চেন্নাই চুপাৰ কিংছৰ বিপক্ষে ছিজনৰ প্ৰথমখন মেচত পৰাস্ত হ’লেও মুম্বাইৰ যুৱ স্পিনাৰ ভিগনেশ পুথুৰে তিনি উইকেটেৰে লাভ কৰিছিল চৰ্চা। সেয়া আছিল পুথুৰৰ প্ৰথমখন আই পি এল মেচ। এইদৰে অভিষেকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল পুথুৰে।

ভিগনেশ পুথুৰৰ পিছত আজি মুম্বাইয়ে কলকাতাৰ বিপক্ষে আৱিষ্কাৰ কৰিলে আন এক যুৱ প্ৰতিভাক। প্ৰথম দুখন মেচত পৰাজয়ৰ পিছত জয়ৰ সন্ধানত থকা মুম্বাইয়ে আজি মূল একাদশত স্থান দিছিল এই যুৱ খেলুৱৈজনক। ইনিংছৰ চতুৰ্থ অভাৰত অধিনায়ক পাণ্ডিয়াই এই যুৱ পেচাৰগৰাকীৰ হাতত তুলি দিছিল বল। আৰু নিজৰ আই পি এল অভিষেকৰ প্ৰথমটো বলতে তেওঁ ৱাংখেড়েৰ গেলাৰীত তুলিলে আনন্দৰ লহৰ।

অভিষেক বলতে এই যুৱ পেচাৰগৰাকীয়ে আজিংক্যা ৰাহানেৰ দৰে অভিজ্ঞ বেটাৰক বিদায় দি উইকেটৰো অভিষেক ঘটালে। সিমানতে অন্ত নপৰিল তেওঁৰ চমক। তাৰ পিছতে এটা এটাকৈ হাতত তুলি ল’লে আৰু তিনিটা সফলতা। এইদৰে অভিষেক মেচতে সকলোৰে নয়নৰ মণি হৈ পৰিছে এই খেলুৱৈগৰাকী। নাম তেওঁৰ অশ্বনী কুমাৰ। চমকপ্ৰদ স্পেলেৰে আজি চলিত ছিজনত মুম্বাইৰ প্ৰথমটো জয়ৰ নায়ক তেওঁ।

নিজৰ আই পি এল কেৰিয়াৰৰ প্ৰথমটো বলতে আজি অশ্বনী কুমাৰে বিদায় দিয়ে কলকাতাৰ অধিনায়ক আজিংক্যা ৰাহানেক। ইয়াৰ পিছত নিজ স্পেলৰ দ্বিতীয় অভাৰতো অশ্বনীয়ে দেখুৱায় চমক আৰু দুটা উইকেট দখল কৰে। দৰ্শনীয় বলিঙেৰে অভাৰটোত ৰিংকু সিং আৰু মনীষ পাণ্ডেক পেভিলিয়নৰ পথ দেখুৱায় তেওঁ। ইয়াৰ পিছত অশ্বনীৰ চিকাৰ হয় আন্দ্ৰে ৰাছেলৰ দৰে বিপজ্জনক বেটাৰ। পিছে কলকাতাৰ ইনিংছত খহলীয়া অনা কোন এই অশ্বনী কুমাৰ?

বিগত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হোৱা মেগা নিলামত মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাত ক্ৰয় কৰিছিল অশ্বনী কুমাৰক। ২০২২ চনত পঞ্জাৱৰ হৈ চৈয়দ মুস্তাক আলী ট্ৰফীত অভিষেক ঘটোৱা অশ্বিনীয়ে আজিৰ মেচখনৰ পূৰ্বলৈকে ৪খন টি-২০ মেচত ইকনমি ৰেটেৰে ৮.৫ ৩টা উইকেট দখল কৰিছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ পৰিচিত হৈছিল এগৰাকী ডেথ অভাৰ স্পেচিয়েলিষ্ট হিচাপে। পঞ্জাৱৰ হৈ অশ্বিনীয়ে ২ খন প্ৰথম শ্ৰেণী আৰু ৪ খন লিষ্ট এ মেচো খেলিছে।

অশ্বনীৰ জন্ম হৈছিল ২০০১ চনৰ ২৯ আগষ্টত, পঞ্জাৱৰ মোহালীৰ ঝাঁঝেৰী নামৰ এখন সৰু গাঁৱত। এক মধ্যবিত্ত পৰিয়ালৰ সন্তান অশ্বনীয়ে শ্বেৰ-ই-পাঞ্জাব টি-২০ কাপৰ পৰাই দেখুৱাইছিল নিজৰ প্ৰতিভা। এই প্ৰতিযোগিতাত তেওঁ ৬খন মেচত ১১টা উইকেট দখল কৰিছিল। বাওঁহতীয়া পেচাৰ অশ্বনীৰ শক্তি হিচাপে বিবেচিত হৈছে তেওঁৰ ভিন্ন শৈলীৰ বলিং। গতিৰ পৰিৱৰ্তনৰ উপৰিও নিখুঁত লাইন-লেংথেৰে বাউন্সাৰ আৰু ইয়ৰ্কাৰ নিক্ষেপতো সক্ষম তেওঁ।

আজিৰ এই প্ৰদৰ্শনৰ বাবে অশ্বনী বিবেচিত হয় মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে। এনে চমকপ্ৰদ অভিষেকৰ পিছত অশ্বনী যে আগন্তুক মেচকেইখনত মুম্বাই ইণ্ডিয়ানছৰ এক প্ৰধান অস্ত্ৰ হৈ পৰিব, সেয়া নিশ্চিত। এতিয়া ক্ৰিকেটপ্ৰেমীৰ আশা, অভিষেকৰ সাফল্যক আধাৰ হিচাপে লৈ অশ্বনীয়ে নিৰ্মাণ কৰিব এক চমকৃত ক্ৰিকেট কেৰিয়াৰৰ।