প্ৰতীক্ষাৰ সোৱাদ দিছে ৰোহিতেঃ হিটমেনৰ প্ৰত্যাৱৰ্তনে পূৰাব নেকি মুম্বাই ইণ্ডিয়ানছৰ এই আশা….
আই পি এল ২০২৫ৰ আৰম্ভণিতে ম্লান পৰি আছিল ৰোহিতৰ বেটৰ সেই পৰিচিত লয়। হতাশ হৈছিল ৰোহিত তথা মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীসকলো। হতাশ হ’লেও পিছে আশা এৰা নাছিল অনুৰাগীসকলে। সকলোৱে অপেক্ষা কৰি আছিল ৰোহিতৰ বেটৰ ছন্দ উদ্ধাৰলৈ। অৱশেষত অনুৰাগীৰ আশা পূৰণো কৰিলে ৰোহিতে, ২২ গজত পুনৰ তুলিলে পৰিচিত লহৰ।

হিটমেন ৰোহিত, ছন্দ থাকিলেই ৰোহিতৰ বেটে নৃত্য কৰে ২২ গজত; তোলে তাণ্ডৱ। ৰোহিতৰ এই তাণ্ডৱত বিপৰ্যস্ত হৈ পৰে যিকোনো বলাৰ। খেলপথাৰত দেখা যায় ছয়-চাৰিৰ ফুলজাৰি, গেলাৰীত ফুটি উঠে হৰ্ষোল্লাস। এয়া পৰিচিত দৃশ্য প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবে। পিছে আই পি এল ২০২৫ৰ আৰম্ভণিতে ম্লান পৰি আছিল ৰোহিতৰ বেটৰ সেই পৰিচিত লয়। হতাশ হৈছিল ৰোহিত তথা মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীসকলো। হতাশ হ’লেও পিছে আশা এৰা নাছিল অনুৰাগীসকলে। সকলোৱে অপেক্ষা কৰি আছিল ৰোহিতৰ বেটৰ ছন্দ উদ্ধাৰলৈ।
অৱশেষত অনুৰাগীৰ আশা পূৰণো কৰিলে ৰোহিতে, ২২ গজত পুনৰ তুলিলে পৰিচিত লহৰ। ছিজনৰ প্ৰথমখন মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে ক্ৰীজ এৰিছিল ৰোহিতে। তাৰ পিছত গুজৰাটৰ বিৰুদ্ধে ৮ ৰান, কলকাতাৰ বিৰুদ্ধে ১৩ ৰান, আৰচিবিৰ বিৰুদ্ধে ১৭ ৰান, দিল্লীৰ বিৰুদ্ধে ১৮ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে দীঘলীয়া ইনিংছ নেখেলিলেও ২৬ ৰানৰ এক ইনিংছেৰে ৰোহিতে ফৰ্মলৈ উভতাৰ আশা দেখুৱায়। অৱশেষত ‘ৰিভেঞ্জ উইক’ত ৰোহিতৰ বেটে দিলে বহু প্ৰতীক্ষিত আশাৰ সঠিক উপহাৰ। যোৱা ২০ এপ্ৰিলত অনুষ্ঠিত মুম্বাইৰ ‘ৰিভেঞ্জ’ মেচৰ প্ৰথমখনত মুখামুখি হৈছিল চেন্নাই চুপাৰ কিংছ। ৱাংখেড়েত ধোনীৰ চেন্নাইৰ বিৰুদ্ধে ৪৫টা বলত অপৰাজিত ৭৬ ৰান সংগ্ৰহ কৰি ৰোহিতে দিয়ে ফৰ্মলৈ উভতাৰ প্ৰমাণ।
এনে মাৰমুখী ইনিংছৰ বাবে ৰোহিত মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। ইয়াৰ পিছতে হায়দৰাবাদৰ বিৰুদ্ধে ৰোহিতৰ বেটে তুলিলে ৰানৰ লহৰ। এই মেচখনত ৰোহিতে পুনৰ ৪৬টা বলত ৭০ ৰান সংগ্ৰহ কৰে। এইদৰে প্ৰাৰম্ভিক ব্যৰ্থতাৰ পিছত ৰোহিতে এই ছিজনত ৮খন মেচত মুঠ ২২৮ ৰান সংগ্ৰহ কৰিছে। ৰানৰ গড় প্ৰায় ৩৩ আৰু ষ্ট্ৰাইক ৰেট প্ৰায় ১৫৫।
হিটমেন ৰোহিতৰ এই প্ৰত্যাৱৰ্তনে এতিয়া মুম্বাই ইণ্ডিয়ানছৰ শিবিৰলৈ সকাহ কঢ়িয়াই আনিছে। প্ৰথম পাঁচখন মেচৰ চাৰিখনতে পৰাস্ত হোৱা মুম্বাইয়ে দুৰন্ত প্ৰত্যাৱৰ্তনেৰে এতিয়া শেহতীয়া চাৰিওখন মেচতে জয়ী হৈ পইণ্ট তালিকাৰ পঞ্চম স্থানত অৱস্থান কৰিছে। এতিয়া ৰোহিতে নিজৰ হিটমেন অভিধাক অধিক উজ্জল কৰি তুলি দলক আন এক আই পি এল খিতাপৰ কাষলৈ লৈ যাব পাৰেনে, সেয়া হ’ব লক্ষণীয়।