শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সমালোচনাৰ পৰা প্ৰশংসালৈ! কণ্টকময় পথ নেওচি উত্থানৰ ন উদাহৰণ পাণ্ডিয়া….

মুম্বাইৰ ঘৰুৱা মেচত অৰ্থাৎ ৱাংখেড়ে ষ্টেডিয়ামত যিদৰে তেওঁ উপহাসৰ বলি হৈছিল, গৃহ চহৰ আহমেদাবাদৰ গেলেৰীৰ পৰাও অনুৰূপ ধৰনেই তেওঁ বিভিন্ন ধৰণৰ উপহাসৰ সন্মুখীন হৈছিল। আনকি চৰম উপহাসেৰে তেওঁক ‘চাপৰি’ বুলিও ক’বলৈ ধৰিলে অনুৰাগীয়ে। পিছে সময় সদায় একেই নাথাকে। হাৰ্দিকৰ ক্ষেত্ৰতো দেখা গ’ল সময়ৰ এই খেল।

সমালোচনাৰ পৰা প্ৰশংসালৈ! কণ্টকময় পথ নেওচি উত্থানৰ ন উদাহৰণ পাণ্ডিয়া….
হাৰ্দিক পাণ্ডিয়া
monjit-dutta
Monjit Dutta | Published: 29 Mar 2025 17:13 PM

সময়ৰ জোখাৰে মাত্ৰ এটা বছৰ। সলনি হৈছে পৰিস্থিতি! কিন্তু কিমান? আজি সন্ধিয়া পোৱা যাব ইয়াৰ আভাস। এইবাৰ হয়তো আহমেদাবাদৰ গেলেৰীৰ পৰা বিদ্ৰুপ নহয়, মুখৰিত হ’ব পাৰে প্ৰশংসা বাণীৰে!  শুনা যাব পাৰে হাৰ্দিক পাণ্ডিয়াৰ নামত অনুৰাগীৰ মৰমৰ আটাহ। প্ৰথম মেচৰ পৰা বাদ পৰাৰ পিছত আজি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰূপে খেলপথাৰত নামিব হাৰ্দিক। মুম্বাইৰ অধিনায়কতকৈও আজি তেওঁৰ প্ৰথম চিনাকি হ’ব ‘ঘৰৰ ল’ৰা’ ৰূপে, কিয়নো হাৰ্দিকৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব আজিৰ এই মেচখন।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছ। এই প্ৰতিযোগিতাত মুম্বাইয়ে এইপৰ্যন্ত ৫ বাৰ খিতাপ জয় কৰিছে। এই ফ্ৰেন্সাইজিক প্ৰতিনিধিত্ব কৰি হাৰ্দিক পাণ্ডিয়ায়ো চুম্বন দিছে আই পি এল ট্ৰফীত। পিছে ২০২২ চনত হাৰ্দিকে সলনি কৰে দল আৰু খোজ দিয়ে ঘৰুৱা দল গুজৰাট টাইটানছত। হাৰ্দিকৰ নেতৃত্বতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত অভিষেক ঘটায়েই ট্ৰফী জয় কৰে দলে!

ইয়াৰ পিছৰ ছিজনতো পাণ্ডিয়াৰ নেতৃত্বতে দলে প্ৰৱেশ কৰে ফাইনেলত। অৱশ্যে ৰাণাৰ্ছ আপত সেইবাৰ ক্ষান্ত থাকিবলগা হয় গুজৰাট। দুটাকৈ সফল ছিজনেৰে নায়ক হৈ পৰে হাৰ্দিক পাণ্ডিয়া। কিন্তু যোৱা ছিজনত তাচপাতৰ ঘৰৰ দৰে খহি পৰিল এই সকলো নাম-যশ। নায়কৰ পৰা পোনে পোনে খলনায়ক হৈ পৰে হাৰ্দিক। বিগত ছিজনত টাইটানছে ৰিটেনচন লিষ্ট প্ৰকাশ কৰি পুনৰবাৰ অধিনায়ক হিচাপে বাহাল ৰাখে হাৰ্দিকক।

কিন্তু কিছু সময়ৰ ভিতৰতে পৰিস্থিতি সলনি হ’ল। টাইটানছ এৰি মুম্বাইলৈ উভতিল হাৰ্দিক পাণ্ডিয়া। আৰু সকলোকে আচৰিত কৰি মুম্বাই ইণ্ডিয়ানছে তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়ে। আৰু ইয়াৰ পৰাই আৰম্ভ হ’ল এক নতুন পৰিস্থিতিৰ। হঠাতে নেতৃত্বৰ পৰা অপসাৰণ হ’ল ‘সফল’ ৰোহিত শৰ্মা। হাৰ্দিকৰ লগতে মুম্বাই টীম মেনেজমেন্টৰ ওপৰত ক্ষোভিত হৈ পৰে অনুৰাগীসকল। প্ৰতিখন মেচতে হাৰ্দিকক কৰা হ’ল উপহাসৰ লক্ষ্য।

মুম্বাইৰ ঘৰুৱা মেচত অৰ্থাৎ ৱাংখেড়ে ষ্টেডিয়ামত যিদৰে তেওঁ উপহাসৰ বলি হৈছিল, গৃহ চহৰ আহমেদাবাদৰ গেলেৰীৰ পৰাও অনুৰূপ ধৰনেই তেওঁ বিভিন্ন ধৰণৰ উপহাসৰ সন্মুখীন হৈছিল। আনকি চৰম উপহাসেৰে তেওঁক ‘চাপৰি’ বুলিও ক’বলৈ ধৰিলে অনুৰাগীয়ে। পিছে সময় সদায় একেই নাথাকে। হাৰ্দিকৰ ক্ষেত্ৰতো দেখা গ’ল সময়ৰ এই খেল। টি-২০ বিশ্বকাপ, চেম্পিয়নছ ট্ৰফীত নিজৰ প্ৰদৰ্শনেৰে হাৰ্দিক হৈ পৰিল ভাৰতৰ সফলতাৰ অন্যতম নায়ক।

তাৰ পিছতে হেৰুওৱা স্থান পুনৰ এবাৰ ঘূৰাই পাইছে হাৰ্দিকে। তেওঁক উপহাস কৰা ৱাংখেড়েৰ গেলেৰীয়েই টি-২০ বিশ্বকাপ জয়ৰ সময়ত আন্দোলিত হৈ পৰিছিল হাৰ্দিকৰ নামেৰে। সামাজিক মাধ্যমতো ‘চাপৰি’ হাৰ্দিক হৈ পৰিল ‘নায়ক’ হাৰ্দিক। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজনৰ প্ৰথমখন মেচত খেলিব নোৱাৰিলে হাৰ্দিকে। শ্ল’ অভাৰ ৰেটৰ বাবে নিষেধাজ্ঞাৰ শাস্তি ভোগাৰ পিছত এতিয়া দললৈ উভতিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকী।

আজি আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধেই চলিত ছিজন আৰম্ভ কৰিবলৈ সাজু হৈছে হাৰ্দিকে। মাত্ৰ এটা বছৰ পূৰ্বে খলনায়ক হৈ পৰা হাৰ্দিক এতিয়া উভতিছে নায়কৰ ৰূপত। এতিয়া হয়তো আহমেদাবাদৰ গেলেৰীৰ হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীয়ে হাৰ্দিকৰ বাবেই একে সুৰত সুৰ মিলাই দিব ধ্বনি, “জিকিব হাৰ্দিক আৰু জিকিব ক্ৰিকেট।”