IPLৰ এই নতুন সদস্যই লগাইছে তোলপাৰঃ কেপ্তেইন কুলৰ পৰা চিয়েৰলীডাৰলৈ, আদৰিছে সকলোৱে

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী ক্ৰিকেট লীগ আই পি এল ভাৰতীয়ৰ বাবে কেৱল বিনোদনেই নহয়, ২ মাহজোৰা এক উৎসৱ। এই আই পি এলে প্ৰতিবছৰেই দৰ্শকক নতুন চমক দি আহিছে। এইবাৰ আই পি এলৰ নতুন চমক ৰবট কুকুৰ। এই ৰবট কেমেৰা কুকুৰ ক্ৰিকেটাৰৰ পৰা ষ্টাফ, চিয়াৰলীডাৰ সকলোৰে বাবে এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

IPLৰ এই নতুন সদস্যই লগাইছে তোলপাৰঃ কেপ্তেইন কুলৰ পৰা চিয়েৰলীডাৰলৈ, আদৰিছে সকলোৱে

IPLত নতুন সদস্য

Published: 

19 Apr 2025 18:09 PM

ভাৰতৰ জাতীয় খেল যদিও হকী, জনপ্ৰিয়তাৰ দিশৰ পৰা পিছে হকীতকৈ বহু দূৰ আগুৱাই গৈছে ক্ৰিকেট। দেশত এতিয়া ক্ৰিকেট কেৱল উপভোগৰ মাধ্যমেই নহয়, ই হৈ পৰিছে আৱেগ। ক্ৰিকেট এতিয়া যিদৰে বিনোদনৰ আধাৰ হৈ পৰিছে, সেইদৰে ক্ৰিকেটৰ মাজতো দেখা গৈছে বিনোদনৰ ন ন সম্ভাৰ। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী ক্ৰিকেট লীগ আই পি এল ভাৰতীয়ৰ বাবে কেৱল বিনোদনেই নহয়, ২ মাহজোৰা এক উৎসৱ। এই আই পি এলে প্ৰতিবছৰেই দৰ্শকক নতুন চমক দি আহিছে। এইবাৰ আই পি এলৰ নতুন চমক ৰবট কুকুৰ। এই ৰবট কেমেৰা কুকুৰ ক্ৰিকেটাৰৰ পৰা ষ্টাফ, চিয়াৰলীডাৰ সকলোৰে বাবে এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

আই পি এলৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰবট কুকুৰৰ কথা প্ৰথম প্ৰকাশ পায়। সেই ভিডিঅ’ত নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ধাৰাভাষ্যকাৰ ডেনি মৰিছনে অনুৰাগীৰ সৈতে পৰিচয় কৰায় দিয়ে এই ৰবট কুকুৰটো। ডেনি মৰিছনে কুকুৰটোৰ কিছুমান বৈশিষ্ট্যৰ কথাও প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰা মতে, এই কুকুৰটোৱে খোজ কাঢ়িব, দৌৰিব, জঁপিয়াব আৰু নাচিবও পাৰে। তেওঁ লগতে কুকুৰটোৰ পোহনীয়া জন্তুৰ দৰে আচৰণো আছে বুলি উল্লেখ কৰে।

প্ৰকাশিত ভিডিঅ’টোত ভিডিঅ’ত কুকুৰটোৱে পিছ ঠেঙত ভৰ দি আগ ঠেঙেৰে লাভ ইমোজিৰ ভংগীমা দিয়া দেখিবলৈ পোৱা গৈছে। কুকুৰটোৰ এই ভংগীমা তেওঁৰ ব্যক্তিগত পছন্দ বুলি মৰিছনে লগতে কয়। এই কুকুৰটোৰ মুখত এটা কেমেৰা লগোৱা আছে আৰু ইয়াৰ সহায়ত সমুখৰ লোকজনৰ প্ৰতিক্ৰিয়া ধৰি ৰাখে। আইপিএলত কুকুৰটোৰ আমদানিৰ পাছৰ পৰাই বহু খেলুৱৈয়ে কুকুৰটোৰ সৈতে ধেমালি কৰা দেখা গৈছে।

হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ধোনী সকলোকে কুকুৰটোৰ সৈতে সময় কটোৱা দেখা গৈছে। এটা ভিডিঅ’ত ধোনীয়ে খেলপথাৰৰ পৰা কুকুৰটো দাঙি বাহিৰলৈ লৈ যোৱাও দেখা গৈছে। হাৰ্দিক পাণ্ডিয়াকো কুকুৰটোক নিজৰ কাষলৈ মাতি ধেমালি কৰাৰ ভিডিঅ’ যথেষ্ট ভাইৰেল হৈছে। মুম্বাই ইণ্ডিয়ানছৰ ৰিছ টপলিয়ে কুকুৰটোৱে দুই ঠেং দাঙি ৰোৱাৰ দৃশ্য দেখি আশ্চৰ্য প্ৰকাশ কৰে।

মেচ চলি থকাৰ সময়ত চিয়াৰ লীডাৰসকলেও কুকুৰটোৰ সৈতে ধেমালি কৰা দেখা যায়। কেৱল ছবি তোলা বা খেলুৱৈৰ প্ৰতিক্ৰিয়া কেপচাৰ কৰাৰ বাবেই নহয়, টছৰ সময়ত কইন কঢ়িয়াবৰ বাবেও এই ৰবট কুকুৰটো ব্যৱহাৰ কৰা হয়। ভৱিষ্যতে দৰ্শকৰ অভিজ্ঞতাক আৰু সুন্দৰ কৰি তোলাৰ বাবে ব্যৱহাৰ কৰা হ’ব এই কুকুৰটো। ক্ৰিকেটৰ সম্প্ৰচাৰক অন্য এক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত এই ৰবট কুকুৰটো সহায়ক হ’ব বুলি আশা কৰা হৈছে।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়