শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অধিক ৰোমাঞ্চকৰ হৈ পৰিব আই পি এলৰ উদ্বোধনী অনুষ্ঠানঃ বিচিচিআইয়ে ল’লে এনে সিদ্ধান্ত

কলকাতাৰ ইডেন গাৰ্ডেনত কাইলৈ অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী মেচ। এই মেচখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰতিযোগিতাখনৰ ১৮ তম সংস্কৰণ অনুৰাগীৰ বাবে বিশেষ কৰি তুলিব বিচাৰিছে বিচিচিআইয়ে আৰু সেয়ে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অধিক ৰোমাঞ্চকৰ হৈ পৰিব আই পি এলৰ উদ্বোধনী অনুষ্ঠানঃ বিচিচিআইয়ে ল’লে এনে সিদ্ধান্ত
আই পি এলৰ উদ্বোধনী অনুষ্ঠান
monjit-dutta
Monjit Dutta | Published: 21 Mar 2025 23:33 PM

অৱশেষত কাইলৈ অন্ত পৰিব ক্ৰিকেট অনুৰাগীৰ বহুদিনীয়া অপেক্ষাৰ, সমগ্ৰ ক্ৰিকেট বিশ্ব ডুব যাব আই পি এল ২০২৫ৰ উন্মাদনাত। কলকাতাৰ ইডেন গাৰ্ডেনত কাইলৈ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী মেচ। এই মেচখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰতিযোগিতাখনৰ ১৮ তম সংস্কৰণ অনুৰাগীৰ বাবে বিশেষ কৰি তুলিব বিচাৰিছে বিচিচিআইয়ে আৰু সেয়ে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আই পি এলৰ মেচ অনুষ্ঠিত হ’বলগীয়া ১৩টা স্থানতে উদ্বোধনী অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে। কেৱল কলকাতাতে নহয়, প্ৰতিটো স্থানতে প্ৰথমখন মেচৰ পূৰ্বে মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব। এই সময়ছোৱাত বহু শিল্পীয়ে অনুৰাগীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰি আমোদ প্ৰদান কৰিব। স্প’ৰ্টষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কাইলৈ কলকাতাৰ ইডেন গাৰ্ডেনত প্ৰতিযোগিতাৰ আৰম্ভণিৰ পূৰ্বে এক বৃহৎ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব।

প্ৰায় ৩০ মিনিট সময়ৰ এই উদ্বোধনী অনুষ্ঠানত বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় কলা-কুশলীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ পিছতে বিচিচিআইয়ে প্ৰতিখন স্থানতে প্ৰথমখন খেলৰ আৰম্ভণিতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। এই অনুষ্ঠানসমূহত বহু বিখ্যাত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে বিচিচিআইয়ে এইবাৰ প্ৰতিযোগিতাখনৰ জৰিয়তে অধিক আনন্দ দিব বিচাৰিছে।

প্ৰতিটো স্থানৰ দৰ্শকে যাতে উদ্বোধনী অনুষ্ঠান উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে। তথ্য অনুসৰি কাইলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত বলীউডৰ কলা-কুশলী শ্ৰেয়া ঘোষাল, দিশা পাটানী, শ্ৰদ্ধা কাপুৰ, বৰুণ ধাৱান, কৰণ অ’জলাই অনুষ্ঠান পৰিৱেশন কৰিব। উদ্বোধনী অনুষ্ঠানত আইচিচিৰ অধ্যক্ষ তথা বিচিচিআইৰ প্ৰাক্তন সচিব জয় শ্বাহো উপস্থিত থাকিব।

প্ৰতিবেদন অনুসৰি, কলকাতাৰ বাহিৰেও আন ১২টা স্থানত এই অনুষ্ঠানৰ বাবে বহুকেইজন বিখ্যাত শিল্পীৰ সৈতে ব’ৰ্ডে আলোচনা কৰিছে। সূত্ৰটোৱে লগতে কয় যে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ কাৰ্যসূচী গ্ৰহণৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে। কোনো ধৰণৰ বাধা নোহোৱাকৈ যাতে কাৰ্যসূচী সঠিকভাৱে সম্পূৰ্ণ কৰিব পৰা যায়, সেই উদ্দেশ্যে বিচিচিআই আৰু ৰাজ্যিক ক্ৰিকেট সংস্থাসমূহে একেলগে কাম কৰি আছে বুলি সূত্ৰই লগতে প্ৰকাশ কৰিছে।