KKR vs RCB Live Score, IPL 2025: প্ৰথম মেচতে পৰাজিত ডিফেণ্ডিং চেম্পিয়নঃ জয়েৰে অভিযান আৰম্ভ আৰচিবিৰ
Kolkata Knight Riders vs Royal Challengers Bangalore Live Score in Assamese: কলকাতাৰ ইডেন গাৰ্ডেনত কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মেচৰ জৰিয়তে আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। প্ৰথমে বেটিং কৰি কলকাতাই অধিনায়ক ৰাহানেৰ অৰ্ধশতকৰ সহায়ত ১৭৪ ৰান সংগ্ৰহ কৰে আৰু আৰচিবিৰ সমুখত ১৭৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

অনুৰাগীৰ উষ্ম উৎকণ্ঠাৰ অৱসান ঘটিবলৈ আৰু মাথোঁ কিছু ক্ষণ। কলকাতাৰ ইডেন গাৰ্ডেনত কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মেচৰ জৰিয়তে আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। এই মেচ আৰম্ভ হোৱাৰ পূৰ্বে অনুৰাগীয়ে সোৱাদ লভিব আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানৰ। কিছু সময়ৰ পিছত ইডেনত উদ্বোধনী অনুষ্ঠানত বহুকেইগৰাকী জনপ্ৰিয় কলা-কুশলীয়ে অনুষ্ঠান পৰিৱেশনেৰে আমোদ দিব অনুৰাগীক।
LIVE NEWS & UPDATES
-
ক্ৰুনাল পাণ্ডিয়া মেচৰ শ্ৰেষ্ঠ
সুন্দৰ বলিং প্ৰদৰ্শনেৰে ৪ অভাৰত ২৯ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰা আৰচিবিৰ ক্ৰুনাল পাণ্ডিয়া মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। মেচখনত পাণ্ডিয়াই দখল কৰে ৰাহানে, আয়াৰ আৰু ৰিংকুৰ উইকেট।
-
৭ উইকেটত সহজ জয় আৰচিবিৰ
আই পি এল ২০২৫ৰ প্ৰথমখন মেচতে পৰাস্ত হৈছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ। দৰ্শনীয় প্ৰদৰ্শনেৰে কলকাতাক ৭ উইকেটত পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।
-
বিদায় ল’লে পাটিদাৰে
১৬টা বলত ৩৪ ৰানৰ এক আকৰ্ষণীয় ইনিংছ খেলি বৈভৱ আৰোৰাৰ বলত উইকেট হেৰুৱালে আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে। অৱশ্যে পাটিদাৰৰ উইকেট পতনৰ পিছতো জয়ৰ প্ৰায় কাষ চাপিছে আৰচিবি।
-
পাটিদাৰৰ বাউণ্ডেৰীৰ লহৰ
ছল্ট আৰু কোহলীৰ পিছত অধিনায়ক ৰজত পাটিদাৰৰ বেটৰ পৰাও আহিছে বাউণ্ডেৰীৰ বৰষুণ। হৰ্ষিত ৰাণাৰ একেটা অভাৰতে পাটিদাৰে কোবায় চাৰিটাকৈ বাউণ্ডেৰী।
-
কোহলীৰ অৰ্ধশতক
আশা কৰাৰ দৰেই আই পি এল ২০২৫ৰ আৰম্ভণি ঘটাইছে বিৰাট কোহলীয়ে। মাত্ৰ ৩০টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰি কোহলীয়ে আৰচিবিক আজি শক্তিশালী আৰম্ভণি প্ৰদান কৰিছে।
-
নাৰাইণে বিদায় দিলে পাড়িক্কালক
সুনীল নাৰাইণে বিদায় দিলে আৰচিবিৰ ইম্পেক্ট প্লেয়াৰ দেৱদত্ত পাড়িক্কালক। মাত্ৰ ১০ ৰান সংগ্ৰহ কৰিয়েই আউট হয় পাড়িক্কাল।
-
শতক সম্পূৰ্ণ আৰচিবিৰ
এক বিস্ফোৰক আৰম্ভণিৰে ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ৯.৫ অভাৰতে শতকৰ সীমা স্পৰ্শ কৰিছে আৰচিবিয়ে।
-
ছল্টক বিদায় দিলে বৰুণে
৫৬ ৰানৰ এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ খেলাৰ পিছত বৰুণ চক্ৰৱৰ্তীৰ বলত নিজৰ উইকেট হেৰুৱাইছে ফিল ছল্টে। কিছু খৰচী বিবেচিত হ’লেও বৰুণেই কলকাতাক দিলে প্ৰথমটো সফলতা।
-
ছল্টৰ অৰ্ধশতক সম্পূৰ্ণ
বিস্ফোৰক বেটিঙেৰে দলক শক্তিশালী আৰম্ভণি দিয়াৰ লগতে নিজৰ অৰ্ধশতকো সম্পূৰ্ণ কৰিছে ফিল ছল্টে। মাত্ৰ ২৫ টা বলতে তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
কোহলীয়েও ল’লে আক্ৰমণৰ পথ
ফিল ছল্টৰ পিছত বিৰাট কোহলীয়েও গ্ৰহণ কৰিছে আক্ৰমণাত্মক শৈলী। ইনিংছৰ পঞ্চম অভাৰৰ প্ৰথম দুটা বলত দুটা ছয় কোবোৱাৰ পিছত পৰৱৰ্তী দুটা বলতো আক্ৰমণৰ চেষ্টা চলোৱা দেখা গ’ল কোহলীক।
-
বৰুণকো আক্ৰমণ, ৫০ ৰান সম্পূৰ্ণ আৰচিবিৰ
কলকাতাৰ বলিং আক্ৰমণৰ প্ৰধান ভৰসা বৰুণ চক্ৰৱৰ্তীৰ ওপৰতো চলিল ছল্টৰ আক্ৰমণ। বৰুণে নিজৰ প্ৰথমটো অভাৰতে খৰচ কৰে ২১ ৰান। ইয়াৰে ২০ ৰান আহে ছল্টৰ বেটৰ পৰা। এইদৰে ৩.৪ অভাৰতে আৰচিবিয়ে ইনিংছৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
ছল্ট-কোহলীৰ বিস্ফোৰক আৰম্ভণি
আৰচিবিৰ ইনিংছত বিস্ফোৰক আৰম্ভণি ঘটাইছে অপেনাৰদ্বয় ছল্ট আৰু কোহলীয়ে। দুয়ো আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ তিনি অভাৰতে ৩৭ ৰান সংগ্ৰহ কৰিছে।
-
বাউণ্ডেৰীৰে আই পি এল ২০২৫ৰ আৰম্ভণি কোহলীৰ
বৈভৱ আৰোৰাৰ বলত এটা বাউণ্ডেৰী কোবাই আই পি এল ২০২৫ৰ আৰম্ভণি ঘটাইছে বিৰাট কোহলীয়ে।
-
প্ৰথমটো বলতে চাৰি কোবালে ছল্টে
১৭৫ ৰানৰ লক্ষ্য অনুসৰণৰ পথত প্ৰথমটো বলতে চাৰি কোবাই আৰচিবিক প্ৰত্যাশিত আৰম্ভণি প্ৰদান কৰিছে ফিল ছল্টে।
-
ইম্পেক্ট প্লেয়াৰৰ ৰূপত বৈভৱ
কলকাতা নাইট ৰাইডাৰ্ছে ইম্পেক্ট প্লেয়াৰৰ ৰূপত ৰঘূবংশীৰ স্থানত অন্তৰ্ভুক্ত কৰিছে পেচাৰ বৈভৱ আৰোৰাক। বৈভৱেই দলৰ হৈ বলিং মুকলি কৰিব।
-
ছল্ট-কোহলীয়ে মুকলি কৰিব আৰচিবিৰ ইনিংছ
১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়েৰে আই পি এল ২০২৫ৰ যাত্ৰা জয়েৰে আৰম্ভ কৰাৰ চেষ্টা চলাব আৰচিবিয়ে। দলটোৰ হৈ ইনিংছ মুকলি কৰিব বিৰাট কোহলী আৰু ফিল ছল্টে।
-
আৰচিবিৰ সমুখত ১৭৫ ৰানৰ লক্ষ্য
বলিং বিভাগৰ শক্তিশালী প্ৰত্যাৱৰ্তনেৰে কলকাতাক ১৭৪ ৰানৰ স্ক’ৰত বান্ধি ৰাখিবলৈ সক্ষম হৈছে আৰচিবি। ৰাহানে আৰু নাৰাইণৰ উইকেট পতনৰ পিছত হঠাতে বিপৰ্যয়ৰ সন্মুখীন হোৱা কলকাতাই ৮ উইকেট ১৭৪ ৰান সংগ্ৰহ কৰি আৰচিবিক ১৭৫ ৰানৰ লক্ষ্য দিছে।
-
য়শে বিদায় দিলে ৰঘূবংশীক
কলকাতাৰ ইনিংছত পতন ঘটিছে সপ্তমটো উইকেটৰ। ১৯ সংখ্যক অভাৰত য়শ দয়ালে বিদায় দিয়ে অংকৃশ ৰঘূবংশীক (৩০)।
-
ইম্পেক্ট প্লেয়াৰৰ ৰূপত খেলপথাৰত নামিল পাড়িক্কাল
লেগ স্পিনাৰ সুয়শ শৰ্মাৰ স্পেল সমাপ্ত হোৱাৰ পিছতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলে ইম্পেক্ট প্লেয়াৰৰ ৰূপত দেৱদত্ত পাড়িক্কালক খেলপথাৰত নমাইছে। ইয়াৰ দ্বাৰা বেটিং বিভাগৰ শক্তি বৃদ্ধি কৰাৰ কৌশল অৱলম্বন কৰিছে আৰচিবিয়ে।
-
ৰাছেলো ব্যৰ্থ, ১৫০ ৰানত ৬টা উইকেট পতন কলকাতাৰ
১৫০ ৰানৰ স্ক’ৰত ষষ্ঠটো উইকেট হেৰুৱাইছে কলকাতা নাইট ৰাইডাৰ্ছে। বিস্ফোৰক আন্দ্ৰে ৰাছেলক (৪) বিদায় দি সুয়শ শৰ্মাই বাংগালুৰুক দিয়ে আন এটা সফলতা।
-
ৰিংকু ব্যৰ্থ, ক্ৰুনালৰ চমক
প্ৰথমখন মেচতে প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছে ৰিংকু সিং। মাত্ৰ ১২ ৰান সংগ্ৰহ কৰিয়েই ৰিংকুৱে ল’বলগা হয় পেভিলিয়নৰ পথ। আনহাতে ৰিংকুক বিদায় দি নিজৰ চমকপ্ৰদ স্পেল সামৰে ক্ৰুনাল পাণ্ডিয়াই। ক্ৰুনালে ৪ অভাৰত ২৯ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে।
-
ব্যৰ্থ হ’ল ভেংকটেশ
হঠাতে কলকাতাৰ ইনিংছত সৃষ্টি হৈছে খহনীয়াৰ। এইবাৰ মাত্ৰ ৬ ৰান সংগ্ৰহ কৰিয়েই ক্ৰুনাল পাণ্ডিয়াৰ বলত আউট হ’ল ভেংকটেশ আয়াৰ।
-
পেভিলিয়নলৈ উভতিল ৰাহানে
এক অধিনায়কোচিত দৰ্শনীয় ইনিংছ খেলি পেভিলিয়নলৈ উভতিল ৰাহানে। ক্ৰুনালৰ বলত আউট হোৱাৰ পূৰ্বে ৰাহানেই খেলে ৩১টা বলত ৫৬ ৰানৰ অৰ্ধশতকীয় ইনিংছ।
-
বিদায় ল’লে নাৰাইণে
অধিনায়ক ৰাহানেৰ সৈতে এক শতকীয় যুটিৰে দলৰ ইনিংছৰ গঢ় দিয়াৰ পিছত ৰাছিখ ডাৰৰ বলত উইকেটকীপাৰ জিতেশ শৰ্মাৰ হাতত কেচ তুলি বিদায় ল’লে নাৰাইণে। মাত্ৰ ২৬টা বলত নাৰাইণে সংগ্ৰহ কৰে ৪৪ ৰান।
-
শতক পাৰ হ’ল কলকাতাৰ
ৰাহানে-নাৰাইণৰ বেটিং বিক্ৰমেৰে কলকাতাই মাত্ৰ ৯.৩ অভাৰতে অতিক্ৰম কৰিছে শতকৰ সীমা।
-
অৰ্ধশতক সম্পূৰ্ণ ৰাহানেৰ
বিস্ফোৰক বেটিঙেৰে আই পি এল ২০২৫ৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছে আজিংক্যা ৰাহানেই। সুয়শ শৰ্মাৰ বলত এটা ছয় কোবাই মাত্ৰ ২৫ টা বলত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
ছয় অভাৰত কলকাতাৰ সংগ্ৰহ ৬০ ৰান
আজিংক্যা ৰাহানেৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত ছয় অভাৰত ৬০ ৰান সংগ্ৰহ কৰিছে কলকাতাই। ৰাহানেই ১৬টা বলত ৩৯ আৰু নাৰাইণে ১৫টা বলত ১৭ ৰান সংগ্ৰহেৰে ক্ৰীজত আছে।
-
কলকাতাৰ ইনিংছত সম্পূৰ্ণ ৫০ ৰান
এক দৰ্শনীয় ছয়েৰে কলকাতা নাইট ৰাইডাৰ্ছৰ ইনিংছত ৫০ ৰান পূৰ্ণ কৰে অধিনায়ক ৰাহানেই। ইনিংছৰ ৫.৪ অভাৰত ৫০ ৰানৰ সীমা পাৰ কৰে দলটোৱে।
-
এইবাৰ আক্ৰমণ নাৰাইণৰ
ৰাহানেৰ পিছত এইবাৰ আক্ৰমণ আৰম্ভ কৰিছে সুনীল নাৰাইণে। প্ৰথম ১১ টা বলত কিছু সংগ্ৰাম কৰিলেও ক্ৰুনাল পাণ্ডিয়াৰ প্ৰথমটো বলত ছয় কোবাই এই ছিজনত নিজৰ প্ৰথমটো বাউণ্ডেৰী সংগ্ৰহ কৰিছে নাৰাইণে।
-
ৰাহানেৰ অধিনায়কোচিত আৰম্ভণি
প্ৰাৰম্ভিক ৩ অভাৰত কলকাতাই ৰান সংগ্ৰহত কিছু সংগ্ৰাম কৰাৰ পিছত চতুৰ্থ অভাৰত অধিনায়ক আজিংক্যা ৰাহানেই আৰম্ভ কৰিছে বিস্ফোৰক বেটিং। অভাৰৰ দ্বিতীয় বলত এটা চাৰি কোবোৱাৰ পিছত তৃতীয় আৰু পঞ্চম বলত দুটা ছয় কোবায় ৰাহানেই।
-
দুই অভাৰৰ অন্তত কলকাতাৰ সংগ্ৰহ ৫ ৰান
দুই অভাৰৰ অন্তত কলকাতা নাইট ৰাইডাৰ্ছে এটা উইকেট হেৰুৱাই ৫ ৰান সংগ্ৰহ জৰিছে। ইনিংছৰ দ্বিতীয় অভাৰত মাত্ৰ ১ ৰান ব্যয় কৰে য়শ দয়ালে।
-
প্ৰথম অভাৰতে সফলতা বাংগালুৰুৰ
আই পি এল ২০২৫ৰ প্ৰথমটো অভাৰতে দেখা গ’ল ৰোমাঞ্চ। ছিজনৰ দ্বিতীয়টো বলতে এটা বাউণ্ডেৰীৰে ৰান মুকলি কৰাৰ পিছত তৃতীয় বলত জীৱনদান পাইছিল ডে কুকে। কিন্তু পঞ্চম বলত কুকক বিদায় দিয়ে হেজেলউডে।
-
আৰম্ভ হ’ল আই পি এলৰ উন্মাদনা
ইডেনত আৰম্ভ হ’ল আই পি এল ২০২৫ৰ উন্মাদনা। কলকাতাৰ হৈ ইনিংছ মুকলি কৰিছে ডি ক’ক আৰু নাৰাইণে। আনহাতে হেজেলউডে আৰম্ভ কৰিছে বলিং।
-
ইডেনত ঘণ্টা বজাই আই পি এলৰ আৰম্ভণি জয় শ্বাহ, ঝুলন আৰু গাংগুলীৰ
ইডেন গাৰ্ডেনত ঘণ্টা বজাই আই পি এল ২০২৫ৰ শুভাৰম্ভণি ঘটায় আইচিচিৰ অধ্যক্ষ জয় শ্বাহ, কিংবদন্তি মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামী আৰু ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশত আছে- বিৰাট কোহলী, ফিল ছল্ট, ৰজত পাটিদাৰ(অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰাছিখ দাৰ চালাম, সুয়শ শৰ্মা, জ’ছ হেজলউড, যশ দয়াল।
-
কলকাতাৰ মূল একাদশ
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশত স্থান লাভ কৰিছে কুইণ্টন ডি কুক, ভেংকটেশ আয়াৰ, অজিংক্যা ৰাহানে, ৰিংকু সিং, অংকৃশ ৰঘুবংশী, সুনীল নাৰাইণ, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, স্পেন্সৰ জনছন, হৰ্ষিত ৰানা আৰু বৰুণ চকাৰৱৰ্তীয়ে।
-
প্ৰথমখন মেচতে টছত জয়ী পাটিদাৰ
অধিনায়ক হিচাপে প্ৰথমখন মেচতে টছত জয়লাভ কৰিছে ৰজত পাটিদাৰে। আৰ চি বিৰ অধিনায়কগৰাকীয়ে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়।
-
কেক কাটি উদযাপন আই পি এলৰ জন্মদিন
আই পি এলৰ ১৮ তম ছিজনৰ উদযাপনৰ অৰ্থে মঞ্চত কেক কাটিলে বিচিচিআইৰ বিষয়ববীয়াই।
-
ট্ৰফীৰ সৈতে খেলপথাৰত দুই দলৰ অধিনায়ক
এখন সুসজ্জিত বাহনত উঠি ইডেনত প্ৰৱেশ কৰে আজি উদ্বোধনী মেচত খেলিবলগা দুয়ো দল কলকাতা আৰু বাংগালুৰুৰ অধিনায়কদ্বয় ক্ৰমে ৰাহানে আৰু পাটিদাৰ।
-
শ্বাহৰুখৰ সৈতে মঞ্চত কোহলী, ৰিংকুৰ নৃত্য
শ্বাহৰুখ খানৰ সৈতে আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত নৃত্য পৰিৱেশন কৰিলে বিৰাট কোহলী আৰু ৰিংকু সিঙে। ৰিংকুৱে ‘লুট ফুট গয়া’ গীতৰ তালত আৰু কোহলীয়ে ‘পাঠান’ গিতৰ তালত শ্বাহৰুখ খানৰ সৈতে একেলগে নৃত্য কৰে।
-
মঞ্চত শ্বাহৰুখৰ সৈতে কোহলী
অনুষ্ঠানৰ আঁত ধৰি শ্বাহৰুখ খানে মঞ্চলৈ আমন্ত্ৰণ জনায় সাম্প্ৰতিক ক্ৰিকেট জগতৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীক। কোহলীৰ উপস্থিতিয়ে ইডেনত তোলে দৰ্শকৰ অনন্য হৰ্ষোল্লাস।
-
পুনৰ মঞ্চত কিং খান শ্বাহৰুখ
কেইবাগৰাকীও জনপ্ৰিয় কলা-কুশলীৰ অনুষ্ঠান পৰিৱেশনৰ পিছত পুনৰ মঞ্চত উঠিছে কিং খান শ্বাহৰুখ। মঞ্চত উঠিয়েই দৰ্শকক সম্বোধন কৰি শ্বাহৰুখৰ প্ৰশ্ন, “কলকাতা, কেমন আছ?”
-
কৰণ অ’জলাৰ কণ্ঠৰ তালত দিশাৰ নৃত্য
জনপ্ৰিয় কণ্ঠশিল্পী কৰণ অ’জলাৰ কণ্ঠৰ তালত উদ্দাম হৈ নাচি উঠিল ইডেন। তেওঁৰ কণ্ঠৰ তালে তালে দিশা পাটানীয়ে পৰিৱেশন কৰা নৃত্যই মন জুৰালে দৰ্শকৰ।
-
অনুষ্ঠান সামৰিলে শ্ৰেয়াই, আৰম্ভ দিশা পাটানীৰ নৃত্যানুষ্ঠান
কেইবাটাও জনপ্ৰিয় গানেৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখাৰ পিছত অনুষ্ঠান সামৰিলে শ্ৰেয়া ঘোষালে। ইয়াৰ পিছতে নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিশা পাটানীয়ে।
-
শ্ৰেয়াৰ কণ্ঠৰ যাদুত আন্দোলিত ইডেন
হাজাৰ হাজাৰ দৰ্শকেৰে ঠাহ খাই থকা ইডেন গাৰ্ডেন শ্ৰেয়া ঘোষালৰ অমিয়া কণ্ঠৰ যাদুত আন্দোলিত হৈ পৰিছে। শুনা গৈছে অত্যুৎসাহী দৰ্শকৰ হৰ্ষোল্লাস।
-
শ্ৰেয়া ঘোষালৰ কণ্ঠত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত
ইডেনত নিজৰ সুললিত কণ্ঠৰে ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত পৰিৱেশন কৰিছে শ্ৰেয়া ঘোষালে। ‘আমি যে তোমাৰ’ পৰা আৰম্ভ কৰি ‘ৰং দে বসন্তী’লৈকে কেইবাটাও গানেৰে দৰ্শকক আমোদ দিছে শ্ৰেয়াই।
-
উদ্বোধনী অনুষ্ঠানত কোন কোন কলা-কুশলী
কিং খান শ্বাহৰুখে আঁত ধৰা আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত এতিয়া অনুষ্ঠান পৰিৱেশন কৰিছে শ্ৰেয়া ঘোষালে। ইয়াৰ পিছত দিশা পাটানী, শ্ৰদ্ধা কাপুৰ, বৰুণ ধাৱান, কৰণ অ’জলাই অনুষ্ঠান পৰিৱেশন কৰিব।
-
বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালৰ সংগীতানুষ্ঠান
ইডেনত উদ্বোধনী অনুষ্ঠানত নিজৰ কণ্ঠৰ মায়াজালেৰে দৰ্শকক মুগ্ধ কৰি তুলিছে বলীউডৰ সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষালে।
-
আৰম্ভ হ’ল উদ্বোধনী অনুষ্ঠান
ইডেনত আৰম্ভ হৈছে আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান। বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে শোভা বৃদ্ধি কৰিছে এই আকৰ্ষণীয় অনুষ্ঠানৰ।
-
আৰম্ভ হোৱাৰ দিশে আই পি এল ২০২৫
আজিৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ। কলকাতাৰ ইডেন গাৰ্ডেনত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ মুখামুখি হ’ব প্ৰথমখন মেচত।
Published On - Mar 22,2025 5:59 PM