শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি বাজিব IPL ২০২৫ৰ শিঙাঃ ইডেনত ২০০৮ৰ পুনৰাবৃত্তি, ক্ৰিকেটপ্ৰেমীৰ স্মৃতিত মেককালামৰ ধুমুহা

আজি আৰম্ভ হ’ব ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষিত আই পি এল ২০২৫। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আজি অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উল্লেখ্য যে আই পি এলৰ উদ্বোধনী বৰ্ষৰ প্ৰথমখন মেচতো মুখামুখি হৈছিল দুয়োটা দল। এই মেচখনত কলকাতাৰ হাতত বাংগালুৰু প্ৰায় বিধ্বস্ত হৈ পৰিছিল।

আজি বাজিব IPL ২০২৫ৰ শিঙাঃ ইডেনত ২০০৮ৰ পুনৰাবৃত্তি, ক্ৰিকেটপ্ৰেমীৰ স্মৃতিত মেককালামৰ ধুমুহা
আজি আৰম্ভ হ’ব আই পি এল ২০২৫
monjit-dutta
Monjit Dutta | Updated On: 22 Mar 2025 17:42 PM

আজি আৰম্ভ হ’ব ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষিত আই পি এল ২০২৫। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আজি অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। সন্ধিয়া ৭.৩০ বজাৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত আৰম্ভ হ’ব এই মেচ। দুগৰাকী নতুন অধিয়ানকৰ তত্বাৱধানত আজি খেলপথাৰত নামিব দুয়োটা ফ্ৰেন্সাইজি। ৰাহানেৰ নেতৃত্বত কলকাতাই এফালে খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে আজি অভিযান আৰম্ভ কৰিব, আনহাতে প্ৰথমবাৰৰ বাবে আই পি এলত অধিনায়কৰ দায়িত্ব লাভ কৰা ৰজত পাটিদাৰৰ নেতৃত্বত প্ৰথমটো খিতাপ জয়ৰ লক্ষ্য লৈছে বাংগালুৰুৱে।

উল্লেখ্য যে আই পি এলৰ উদ্বোধনী বৰ্ষৰ প্ৰথমখন মেচতো মুখামুখি হৈছিল কলকাতা আৰু বাংগালুৰু। এই মেচখনত কলকাতাৰ হাতত বাংগালুৰু প্ৰায় বিধ্বস্ত হৈ পৰিছিল। কলকাতাৰ এগৰাকী খেলুৱৈয়েই বাংগালুৰুৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰিছিল এই মেচখনত। তেওঁ আছিল নিউজিলেণ্ডৰ প্ৰাক্তন তাৰকা ব্ৰেণ্ডন মেককালাম। নিজৰ আক্ৰমণাত্মক শৈলীৰ বাবে বিখ্যাত মেককালামে এই মেচখনত বিপৰ্যস্ত কৰি তুলিছিল তাৰকা সমৃদ্ধ বাংগালুৰুক।

প্ৰথমখন মেচতে ছয়-চাৰিৰ ফুলজাৰিৰে ব্ৰেণ্ডন মেককালামে নিৰ্মাণ কৰিছিল আই পি এলৰ বিশ্বজনীন জনপ্ৰিয়তাৰ পথ। মাত্ৰ ৭৩টা বলত ১৩টা ছয় আৰু ১০টা চাৰিৰ সমাহাৰেৰে মেচখনত মেককালামে খেলিছিল অপৰাজিত ১৫৮ ৰানৰ এক মাৰমুখী ইনিংছ। তাৰকাগৰাকীৰ এই বেটিং তাণ্ডৱৰ সুবাদতে কলকাতাই উক্ত মেচখনত সংগ্ৰহ কৰিছিল ৩ উইকেটত ২২২ ৰান। ইয়াৰ প্ৰত্যুত্তৰত বাংগালুৰুৱে বেটিং কৰা লক্ষ্যৰ কাষ চপা বাদেই, মেককালামৰ ওচৰতে হাৰ মানিছিল।

মেচখনত আৰ চি বিয়ে ১৫.১ অভাৰত মাত্ৰ ৮২ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। এই মেচখনত অংশ লোৱা দুয়োটা দলৰ খেলুৱৈৰ ভিতৰত মাত্ৰ এগৰাকী খেলুৱৈকহে আজিৰ মেচখনতো দেখা যাব। তেওঁ হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক প্ৰতিনিধিত্ব কৰা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী। প্ৰতিটো ছিজনতে দলটোৰ হৈ খেলি অহা কোহলীয়ে উক্ত মেচখনত ৫টা বলত ১ ৰান সংগ্ৰহ কৰিছিল। গতিকে ২০০৮ৰ এই উদ্বোধনী মেচখনৰ স্মৃতিয়ে আজিও হয়তো কোহলীক আমনি কৰিব।

এতিয়া ২০০৮ চনৰ পিছত পুনৰ এবাৰ আই পি এলৰ উদ্বোধনী মেচত কলকাতাৰ বিপক্ষে অৱতীৰ্ণ হ’বলৈ সাজু হৈছে বাংগালুৰু। ১৭টা বৰ্ষৰ সেই বিপৰ্যয়ৰ পোতক তুলি আৰ চি বিয়ে আজি কলকাতাক পৰাস্ত কৰিবলৈ সক্ষম হ’ব নে পুনৰবাৰ কলকাতাই আধিপত্য বিস্তাৰ কৰিব সেয়া চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীসকলে। ২০০৮ চনৰ সেই বিষাদৰ স্মৃতিৰ অৱসান ঘটাবলৈ আজি কোহলীয়েও হয়তো চলাব নিজৰ সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা!