শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPLৰ সৈতে TV9- এ উপহাৰ জয়ৰ সুযোগঃ উত্তৰ দিয়ক ক্ৰিকেট সম্পৰ্কীয় সহজ প্ৰশ্নৰ, লাভ কৰক উপহাৰ

আই পি এল চাই আপুনি কেৱল মনোৰঞ্জনেই নহয়, লাভ কৰিব পাৰে উপহাৰো। IPLৰ বতৰত দৰ্শকসকললৈ TV9- এ আনিছে উপহাৰ জয়ৰ এক সুৱৰ্ণ সুযোগ। আই পি এল সম্পৰ্কীয় কিছু সহজ প্ৰশ্নৰ উত্তৰ দিয়ক আৰু লাভ কৰক কিছুমান আকৰ্ষণীয় উপহাৰ।

IPLৰ সৈতে TV9- এ উপহাৰ জয়ৰ সুযোগঃ উত্তৰ দিয়ক ক্ৰিকেট সম্পৰ্কীয় সহজ প্ৰশ্নৰ, লাভ কৰক উপহাৰ
আই পি এল কুইজ
monjit-dutta
Monjit Dutta | Published: 31 Mar 2025 16:43 PM

আই পি এলৰ উন্মাদনাই স্পৰ্শ কৰিছে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীক। ষ্টেডিয়ামত নিগৰিছে ছয়-চাৰিৰ বৰষুণ বা বলাৰৰ নিখুঁত কলাই ৰক্ষণ ভেদি উফৰাই পেলাইছে ষ্টাম্প। লগে লগে গেলাৰীত শুনা গৈছে দৰ্শকৰ হৰ্ষোল্লাস। এফালে খেলুৱৈয়ে যদি নিজ প্ৰদৰ্শনেৰে গঢ়িছে অভিলেখ, আনফালে আকৌ এই অভিলেখেই মুকলি কৰিছে তেওঁলোকৰ বিপুল উপাৰ্জনৰ দ্বাৰ। গেলাৰীৰ দৰ্শকৰ দৰে আপুনিও হয়তো টেলিভিচন বা মোবাইলৰ স্ক্ৰীণত প্ৰিয় খেলুৱৈ বা দলৰ প্ৰদৰ্শনত জপিয়াই উঠিছে। লাভ কৰিছে মনোৰঞ্জন তথা সুখানুভূতি।

পিছে এতিয়া আপুনি খেল চাই কেৱল মনোৰঞ্জনেই নহয়, লাভ কৰিব পাৰে উপহাৰো। IPLৰ বতৰত দৰ্শকসকললৈ TV9- এ আনিছে উপহাৰ জয়ৰ এক সুৱৰ্ণ সুযোগ। TV9 হিন্দীয়ে আপোনাৰ বাবে লৈ আহিছে এক বিশেষ কুইজ প্ৰতিযোগিতা। এই আই পি এল কুইজ শ্ব’ত অংশগ্ৰহণ কৰি আপুনি আই পি এল সম্পৰ্কীয় কিছু সহজ প্ৰশ্নৰ উত্তৰ দিয়ক আৰু লাভ কৰক কিছুমান আকৰ্ষণীয় উপহাৰ।

TV9 হিন্দীৰ ৱেবছাইট https://www.tv9hindi.com/quiz ত গৈ ক্ৰিকেট সম্পৰ্কীয় সহজ প্ৰশ্নৰ উত্তৰ দিয়ক আৰু তাৰ পিছত নাম, মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ দৰে সবিশেষ তথ্য পূৰ কৰক। প্ৰতিখন মেচৰ দিনত আপুনি আই পি এলৰ সৈতে জড়িত এটা নতুন কুইজ দেখা পাব। এই প্ৰশ্নৰ ক্ষীপ্ৰতম আৰু শুদ্ধ উত্তৰ দিয়া অংশগ্ৰহণকাৰীসকলে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰাৰ সুযোগ পাব।

এই কুইজ প্ৰতিযোগিতাত যিকোনো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰে। স্বাভাৱিকতেই বহুকেইজন লোকে এটা প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে। শুদ্ধ উত্তৰ দিয়া সকলো অংশগ্ৰহণকাৰীৰ ভিতৰত তিনিজন ভাগ্যৱান বিজয়ীক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব আৰু তেওঁলোকে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ। চাওঁ আহক এই প্ৰতিযোগিতাৰ কিছু নিয়মাৱলী-

নিৰ্বাচিত তিনিজন ভাগ্যৱান বিজয়ীক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

বিজয়ী নিৰ্বাচন সন্দৰ্ভত TV9ৰ সিদ্ধান্ত চূড়ান্ত হ’ব।

এই প্ৰতিযোগিতা কেৱল মনোৰঞ্জন আৰু জ্ঞান বৃদ্ধিৰ বাবে আয়োজন কৰা হৈছে আৰু ইয়াত কোনো ধৰণৰ আইনী বাধ্যবাধকতা নাথাকিব।

TV9 ৰ যিকোনো সময়তে নিয়ম সলনি বা কুইজ বাতিল কৰাৰ অধিকাৰ থাকিব।