কেৱল খিতাপ জয়েই নহয়, এই দিশতো আছে আৰচিবিৰ ১৭ বছৰীয়া ব্যৰ্থতা! আজি ঘটিব নে ব্যৰ্থতাৰ অৱসান?
আই পি এলৰ বিগত ১৭টা সংস্কৰণত এইপৰ্যন্ত এবাৰো খিতাপ জয় কৰিব পৰা নাই প্ৰতিযোগিতাৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি আৰচিবিয়ে। চলিত ছিজনৰ প্ৰথমখন মেচত জয়ী হোৱাৰ পিছত দলটো আজি চেন্নাইৰ বিপক্ষে দ্বিতীয়খন মেচত নামিব। পিছে এই মেচখন খিতাপ জয়ৰ ব্যৰ্থতাৰ লগতে আন এক দিশত থকা ১৭ বছৰীয়া ব্যৰ্থতাৰ বাবেও আৰচিবিৰ সমুখত প্ৰত্যাহ্বানপূৰ্ণ হ’ব।

বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ আই পি এল আৰম্ভ হৈছিল ২০০৮ চনত। অৰ্থাৎ এইবাৰ প্ৰতিযোগিতাৰ ১৮ সংখ্যক সংস্কৰণ। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা আই পি এলৰ ১৭টা সংস্কৰণত এইপৰ্যন্ত এবাৰো খিতাপ জয় কৰিব পৰা নাই প্ৰতিযোগিতাৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। প্ৰতিটো ছিজনতে দলটোৱে পূৰ্ণশক্তিৰে খিতাপ জয়ৰ আশাৰে প্ৰতিযোগিতাত নামে যদিও প্ৰতিবাৰেই ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে। দলৰ এই প্ৰদৰ্শনত স্বাভাৱিকতেই দলটোৰ অনুৰাগীসকলো নিৰাশ হৈছে। তথাপি অৱশ্যে জনপ্ৰিয়তা হ্ৰাস পোৱা নাই আৰচিবিৰ।
চলিত ছিজনতো ৰজত পাটিদাৰৰ ৰূপত এগৰাকী নতুন অধিনায়কৰ নেতৃত্বত পূৰ্ণশক্তিৰে খেলপথাৰত নামিছে আৰচিবি। ছিজনৰ প্ৰথমখন মেচতে জয়েৰে যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছে দলটো। আজি নিজৰ দ্বিতীয়খন মেচত আৰচিবি অৱতীৰ্ণ হ’ব চেন্নাই চুপাৰ কিংছৰ বিপক্ষে। পিছে এই মেচখন কেৱল শক্তিৰ দিশতে নহয়, পুৰণি ৰেকৰ্ডৰ দিশতো আৰচিবিৰ বাবে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিব। কিয়নো আজিৰ মেচ অনুষ্ঠিত হ’বলগা চেপ’কত আছে আৰচিবিৰ ১৭ বছৰীয়া ব্যৰ্থতা।
চেন্নাইৰ ঘৰুৱা খেলপথাৰ চেপ’কত আৰচিবিয়ে বিগত ১৭টা বছৰে জয়ী হ’ব পৰা নাই এখনো মেচত। এই খেলপথাৰত আৰচিবিয়ে ২০০৮ চনত অনুষ্ঠিত প্ৰথমটো ছিজনতে অন্তিমবাৰ চেন্নাইৰ বিপক্ষে জয়ৰ সোৱাদ লাভ কৰিছিল। ইয়াৰ পিছত প্ৰতিবাৰেই চেপ’ক খেলপথাৰত চেন্নাই চুপাৰ কিংছৰ হাতত পৰাস্ত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। গতিকে আজিৰ মেচখনতো পুৰণি ৰেকৰ্ডৰ দিশৰ পৰা চাপত থাকিব দলটো।
এতিয়ালৈকে চেপ’ক খেলপথাৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চেন্নাই চুপাৰ কিংছৰ মাজত ৯খন মেচ অনুষ্ঠিত হৈছে। এই সময়ছোৱাত আৰচিবিয়ে মাত্ৰ ১খন মেচত জয়লাভ কৰাৰ বিপৰীতে চেন্নাই চুপাৰ কিংছে ৮খন মেচত জয়লাভ কৰিছে। ইয়াৰ উপৰিও আই পি এলত এই পৰ্যন্ত দুয়োটা দলৰ মাজত ৩৩খন মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ২১খন মেচতে চেন্নাই চুপাৰ কিংছে আৰচিবিক পৰাস্ত কৰিছে।
আনহাতে আৰচিবিয়ে এইপৰ্যন্ত চেন্নাইৰ বিপক্ষে মাত্ৰ ১১খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছে। আই পি এলত দুয়োটা দলৰ মাজত হোৱা শেহতীয়া মেচৰ ক্ষেত্ৰতো আাগবাঢ়ি আছে চেন্নাই। দুয়োটা দলৰ মাজত হোৱা শেহতীয়া ৫ খন মেচৰ ভিতৰত চেন্নাই চুপাৰ কিংছে ৩খন খেলত জয়লাভ কৰাৰ বিপৰীতে আৰচিবি জয়ী হৈছে মাত্ৰ ২ খন মেচত। অৱশ্যে দুয়োটা দলৰ মাজত খেলা অন্তিমখন মেচত জয়লাভ কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে।