শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি ইডেনত কলকাতা-বাংগালুৰুৰ যুঁজঃ কোনে মাৰিব জয়ৰ হাঁহি? কাৰ পক্ষত পৰিসংখ্যা!

আজি আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ। প্ৰথমখন মেচত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। দুয়োটা দলৰ মাজত আজি কোনটো দলৰ জয়ৰ সম্ভাৱনা অধিক, পৰিসংখ্যাৰ আধাৰত চাওঁ আহক।

আজি ইডেনত কলকাতা-বাংগালুৰুৰ যুঁজঃ কোনে মাৰিব জয়ৰ হাঁহি? কাৰ পক্ষত পৰিসংখ্যা!
আজি মুখামুখি হ’ব কলকাতা-বাংগালুৰু
monjit-dutta
Monjit Dutta | Published: 22 Mar 2025 17:30 PM

আজি আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ। প্ৰথমখন মেচত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত মুখামুখি হ’ব এই দুটা দল। লক্ষণীয়ভাৱে ২০০৮ চনৰ উদ্বোধনী বৰ্ষৰ আই পি এলৰ উদ্বোধনী মেচত মুখামুখি হোৱাৰ পিছত সুদীৰ্ঘ ১৭ বছৰৰ পাছত পুনৰ এবাৰ প্ৰথমখন মেচত মুখামুখি হ’ব কলকাতা আৰু বাংগালুৰু। উক্ত মেচখনত কলকাতাই বাংগালুৰুক প্ৰায় বিধ্বস্ত কৰিছিল যদিও আজি দুয়োটা শক্তিশালী দলৰ মাজত ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীয়ে।

লীগৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি হিচাপে খ্যাত আৰ চি বিয়ে নিশ্চিতভাৱে ২০০৮ৰ সেই বৰ্থতা পাহৰি আজি জয়েৰে এই ছিজনৰ আৰম্ভণি কৰিব বিচাৰিব। পিছে দলটোৰ বাবে সহজ নহ’ব এই পথ। বিগত সময়ছোৱাৰ পৰিসংখ্যাই তেনে এক ইংগিতকে প্ৰদান কৰি আহিছে। আই পি এলত বাংগালুৰুৰ ওপৰত প্ৰায় আধিপত্য বিস্তাৰ কৰি আহিছে কলকাতাই। এনে পৰিস্থিতিত ছিজনৰ প্ৰথমখন মেচ আৰচিবিৰ নতুন অধিনায়ক ৰজত পাটিদাৰৰ বাবে এক কঠিন প্ৰত্যাহ্বান হ’ব।

আই পি এলৰ বিগত দুটা ছিজনত কলকাতা নাইট ৰাইডাৰ্ছক এখনো মেচত পৰাস্ত কৰিব পৰা নাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। অৰ্থাৎ ২০২২ চনতে কলকাতাৰ বিৰুদ্ধে অন্তিমবাৰ জয়ৰ মুখ দেখিছিল আৰ চি বিয়ে। আনকি কলকাতাৰ ইডেন গাৰ্ডেনতো ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পৰিসংখ্যা সন্তোষজনক নহয়। এই খেলপথাৰত এতিয়ালৈকে দুয়োটা দলৰ মাজত মুঠ ১২খন খেল অনুষ্ঠিত হৈছে। এই সময়ছোৱাত আৰচিবি ৮খন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে।

আনহাতে মাত্ৰ ৪ খন মেচতহে জয়ৰ মুখ দেখিছে দলটোৱে। তদুপৰি দুয়োটা দলৰ মাজৰ মুখামুখি প্ৰতিদ্বন্দিতাৰ পৰিসংখ্যাও আছে কলকাতা নাইট ৰাইডাৰ্ছৰ পক্ষত। আই পি এলত দুয়োটা দল এইপৰ্যন্ত ৩৪ বাৰ মুখামুখি হৈছে। এই সময়ছোৱাত কে কে আৰে ২০খন মেচত আৰু আৰ চি বিয়ে ১৪খন মেচত জয়লাভ কৰিছে। গতিকে পৰিসংখ্যাৰ দিশৰ পৰা আজি বাংগালুৰুতকৈ শক্তিশালী স্থিতিত আছে কলকাতা।

উল্লেখ্য যে ২০০৮ চনৰ প্ৰথম সংস্কৰণৰ আই পি এলৰ উদ্বোধনী মেচত কেকেআৰে আৰচিবিক ১৪০ ৰানৰ বৃ্হৎ ব্যৱধানত পৰাস্ত কৰিছিল। সেই মেচখনত প্ৰথমে বেটিং কৰি কেকেআৰে ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ২২২ ৰান সংগ্ৰহ কৰাৰ পিছত বৃ্হৎ লক্ষ্য অনুসৰণ কৰি আৰচিবি মাত্ৰ ৮২ ৰানতে অল আউট হৈছিল। এই মেচখনৰ অংশ বিৰাট কোহলী বৰ্তমানো আৰচিবিৰ সদস্য।