5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাহুলৰ সিদ্ধান্তই ভাগ্যোদয় ঘটাব এইগৰাকী তাৰকাৰঃ দেৱালীৰ দিনাই হ’ব টকাৰ উজান!

আজি সন্ধিয়াৰ ভিতৰত প্ৰকাশ পাব আই পি এল ২০২৫ৰ বাবে ফ্ৰেন্সাইজিসমূহৰ খেলুৱৈৰ ৰিটেনচন তাৰকা। ৰিটেনচনৰ পূৰ্বৰে পৰা লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলে এইবাৰ লক্ষ্ণৌ দল এৰিব বুলি ব্যাপক চৰ্চা হৈছে। ৰাহুলৰ এই সিদ্ধান্তই দলটোৰ এগৰাকী খেলুৱৈক কৰি তুলিব ধনাঢ্য।

ৰাহুলৰ সিদ্ধান্তই ভাগ্যোদয় ঘটাব এইগৰাকী তাৰকাৰঃ দেৱালীৰ দিনাই হ’ব টকাৰ উজান!
ৰাহুলে এৰিব লক্ষ্ণৌ!
monjit-dutta
Monjit Dutta | Updated On: 31 Oct 2024 13:35 PM

আজি ওৰ পৰিব ক্ৰিকেটপ্ৰেমীৰ মাজত বহুদিন ধৰি চলি থকা জল্পনা কল্পনাৰ। সন্ধিয়া প্ৰকাশ পাব আই পি এল ২০২৫ৰ বাবে ফ্ৰেন্সাইজিসমূহৰ খেলুৱৈৰ ৰিটেনচন তাৰকা। ইতিমধ্যে প্ৰতিটো ফ্ৰেন্সাইজিয়ে নিশ্চিতভাৱে নিজ নিজ দলৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰস্তুত কৰিছে। অৱশ্যে এই সন্দৰ্ভত সন্ধিয়াৰ সময়তহে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ফ্ৰেন্সাইজিসমূহে। এতিয়ালৈকে খেলুৱৈৰ ৰিটেনচনৰ বিষয়ত কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই যদিও কেইগৰাকীমান তাৰকা সন্দৰ্ভত সম্ভাৱ্য সিদ্ধান্তক কেন্দ্ৰ কৰি ব্যাপক আলোচনা চলিছে।

এনে আলোচনাৰ অন্যতম চৰ্চিত তাৰকা হৈছে আই পি এলৰ অভিষেক ছিজনৰ পৰা লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুল। অধিনায়কৰ দায়িত্বত থাকিলেও ৰাহুল এইবাৰ লক্ষ্ণৌ দল এৰিব বুলি খবৰ প্ৰকাশ পাইছে। বাতৰি অনুসৰি ফ্ৰেন্সাইজিটোৱে ৰাহুলক দলৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ৰিটেইন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও ৰাহুলে এই প্ৰস্তাৱ নাকচ কৰি নিলামলৈ অহাৰ সিদ্ধান্ত লৈছে।

এই খবৰ এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও ৰাহুলৰ দলত্যাগৰ পূৰ্ণ সম্ভাৱনাই গা কৰি উঠিছে। যদি সঁচাকৈয়ে ৰাহুলে লক্ষ্ণৌ এৰে, তেন্তে দলটোৰ এগৰাকী খেলুৱৈৰ বাবে ৰাহুলৰ এই সিদ্ধান্ত অধিক ফলদায়ক বিবেচিত হ’ব। ৰাহুলৰ লক্ষ্ণৌ ত্যাগে এই খেলুৱৈগৰাকীক দেৱালীৰ দিনটোত কৰি তুলিব বিপুল ধনৰ গৰাকী। ই এছ পি এন ক্ৰিচিনফ’ৰ তথ্য মতে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৰাহুলক ৰিটেনচন হিচাপে ১৮ কোটি টকাৰ প্ৰস্তাৱ দিছিল।

কিন্তু ৰাহুলে এই প্ৰস্তাৱ নাকচ কৰি মেগা নিলামৰ অংশ হোৱাৰ সিদ্ধান্ত লয়। ৰাহুলৰ এই সিদ্ধান্তৰ পিছত সঞ্জীৱ গোৱেংকাই কেৰিবিয়ান ‘চুপাৰ হিটাৰ’ নিকোলাছ পুৰাণক দলৰ প্ৰথম ৰিটেইন খেলুৱৈ হিচাপে স্থান দিয়াৰ সিদ্ধান্ত লয়। প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে পুৰাণে গোৱেংকাক সাক্ষাত কৰি দলটোৰ প্ৰথম ৰিটেইন খেলুৱৈ হিচাপে চুক্তিবদ্ধ হয়। অৰ্থাৎ ৰাহুলে প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এতিয়া পুৰাণৰ ভাগ্যৰ দ্বাৰ মুকলি হ’ব।

ইতিপূর্বে সংবাদ মাধ্যমৰ প্রতিবেদনত কে এল ৰাহুলৰ বিদায়ৰ পাছত পুৰাণক লক্ষ্ণৌৰ অধিনায়ক ঢ়িচাপে নিযুক্তি দিয়া হ’ব পাৰে বুলিও খবৰ প্ৰকাশ পাইছিল। নিকোলাছ পুৰাণৰ লগতে লক্ষ্ণৌ চুপাৰ জায়েন্টছে দলৰ পেচ চাঞ্চল্য মায়াংক যাদৱ, ৰবি বিষ্ণৈ, মহছিন খান আৰু আয়ুষ বাদনীক ৰিটেইন কৰিব পাৰে বুলি চৰ্চা চলিছে। আনহাতে অধিনায়ক ৰাহুলৰ লগতে মাৰ্কুছ ষ্টইনিছ আৰু কুইণ্টন ডি ককৰ দৰে তাৰকাক লক্ষ্ণৌৱে মুকলি কৰিবলৈ সাজু হৈছে বুলি খবৰ ওলাইছে।

লক্ষণীয়ভাৱে বিগত ছিজনত ৰাহুলৰ নেতৃত্বত বিশেষ সফল হ’ব পৰা নাছিল লক্ষ্ণৌ। পইণ্ট তালিকাৰ সপ্তম স্থানতে সন্তুষ্ট আছিল দলটো। এনে পৰিস্থিতিত ক্ষুণ্ণ হৈছিল দলৰ স্বত্বাধিকাৰী। এখন মেচত খেলপথাৰতে ৰাহুলৰ সৈতে লক্ষৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাৰ বিবাদ পৰিলক্ষিত হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছিল। ইয়াৰ পিছতে ৰাহুলে এই ছিজনৰ পূৰ্বে দল এৰিব পাৰে বুলি চৰ্চা চলিছিল।

বিগত ছিজনত দলৰ হৈ ৰাহুলে ১৪খন মেচত ১৩৬ ষ্ট্ৰাইক ৰেটেৰে ৫২০ ৰান সংগ্ৰহ কৰিছিল। আনহাতে, বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত নিকোলাছ পুৰাণে গত ছিজনত  ১৭৮ ৰান ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰি ৪৯৯ ৰান সংগ্ৰহ কৰিছিল। টি-২০ ক্ৰিকেটৰ এগৰাকী বিশেষজ্ঞ বেটাৰ হিচাপে ক্ৰিকেট বিশ্বত সমাদিত পুৰাণৰ এই প্ৰদৰ্শনে স্বাভাৱিকতেই লক্ষ্ণৌৰ স্বত্বাধিকাৰীসকল সন্তুষ্ট হৈছিল আৰু ৰাহুলৰ প্ৰস্থানৰ পিছত প্ৰথম পছন্দ হিচাপে সেয়ে পুৰাণৰ গুৰুত্ব অধিক হৈ পৰিব।

Latest News