পাঁচ খেলুৱৈক ৰিটেইন মুম্বাইৰঃ ঘোষণা কৰিলে পৰৱৰ্তী ছিজনৰ অধিনায়কৰ নাম

আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে আজি আন দলসমূহৰ লগতে মুম্বাই ইণ্ডিয়ানছে প্ৰকাশ কৰে ৰিটেইন খেলুৱৈৰ তালিকা। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ লগতে ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাক ৰিটেইন কৰিছে ফ্ৰেন্সাইটোৱে। লগতে মুম্বাইয়ে আগন্তুক ছিজনৰ বাবে অধিনায়কৰ নামো ঘোষণা কৰিছে।

পাঁচ খেলুৱৈক ৰিটেইন মুম্বাইৰঃ ঘোষণা কৰিলে পৰৱৰ্তী ছিজনৰ অধিনায়কৰ নাম

কোন হ’ব মুম্বাইৰ অধিনায়ক!

Published: 

31 Oct 2024 21:17 PM

বিগত ছিজনৰ আই পি এলত বিতৰ্কৰ ধামখুমীয়াত হেৰাই গৈছিল আই পি এলৰ ‘সফল ফ্ৰেন্সাইজি’ মুম্বাই ইণ্ডিয়ানছ। গুজৰাট লায়নছৰ পৰা হাৰ্দিক পাণ্ডিয়াক পুনৰ দললৈ ঘূৰাই আনি ৰোহিত শৰ্মাৰ স্থানত দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পিছতে ক্ষোভিত হৈ পৰিছিল ফ্ৰেন্সাইজিটোৰ অনুৰাগীসকল। স্পষ্টকৈ নিন্দা কৰিছিল দলৰ নতুন অধিনায়ক পাণ্ডিয়াক। নিজৰ ঘৰুৱা খেলপথাৰতে আনকি পাণ্ডিয়াক তীব্ৰ নিন্দা তথা কটাক্ষ কৰিছিল। এই বিতৰ্কৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল দলটোৰ প্ৰদৰ্শনতো। পাঁচবাৰৰ চেম্পিয়ন দলটো হতাশাজনক প্ৰদৰ্শনেৰে পইণ্ট তালিকাৰ অন্তিম স্থানতে সন্তুষ্ট থাকিবলগা হৈছিল।

এই ব্যৰ্থতা পাহৰি এইবাৰ ন-উদ্যমেৰে সাজু হৈছে মুম্বাই ইণ্ডিয়ানছ। আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে আজি দলটোৱে প্ৰকাশ কৰিছে ৰিটেইন খেলুৱৈৰ তালিকা। দলৰ আটাইতকৈ অভিজ্ঞ তাৰকা ৰোহিত শৰ্মাই বিগত সংস্কৰণত নেতৃত্বৰ দায়িত্বৰ পৰা অপসাৰিত হোৱাৰ পিছত এইবাৰ মুম্বাই এৰিব পাৰে বুলি ব্যাপক আলোচনা চলিছিল। পিছে পাঁচবাৰকৈ দলক খিতাপ জয়ত সহায় কৰা ৰোহিতক ৰিটেইন কৰে মুম্বাইয়ে।

অৰ্থাৎ আগন্তুক ছিজনতো ৰোহিতক মুম্বাইৰ জাৰ্চিত দেখা যাব। ৰোহিতৰ লগতে মুম্বাইয়ে অধিনায়ক পাণ্ডিয়া, বুমৰাহ, সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাক ৰিটেইন কৰে। ৰিটেনচন তালিকা প্ৰকাশ কৰাৰ লগতে মুম্বাই ইণ্ডিয়ানছে আগন্তুক ছিজনৰ বাবে অধিনায়কৰ নামো ঘোষণা কৰিছে। গত ছিজনত অনুৰাগীৰ নিন্দাৰ সন্মুখীন হ’লেও বা প্ৰদৰ্শনৰ দিশৰ পৰা ব্যৰ্থ হ’লেও মুম্বাইয়ে পাণ্ডিয়াৰ ওপৰতে এইবাৰো আস্থা প্ৰকাশ কৰিছে।

ৰিটেইন খেলুৱৈৰ নাম ঘোষণা কৰাৰ পিছতে ফ্ৰেন্সাইজিটোৱে আই পি এল ২০২৫ত হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক হ’ব বুলি ঘোষণা কৰে। উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে প্ৰথম খেলুৱৈ হিচাপে ১৮ কোটি টকাত ৰিটেইন কৰিছে যশপ্ৰীত বুমৰাহক। একে সময়তে সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াক ১৬.৩৫ কোটি টকাত আৰু ৰোহিতক ১৬.৩০ কোটি টকাত ৰিটেইন কৰে। আনহাতে তিলক বাৰ্মাক ৮ কোটি টকাৰ বিনিময়ত দলত ৰাখিছে।

লক্ষণীয়ভাৱে দলটোৱে ইতিমধ্যে গত সংস্কৰণত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা মাৰ্ক বাউচাৰক অব্যাহতি দিছে। বাউচাৰৰ স্থানত পুনৰ এবাৰ মুম্বাইয়ে শ্ৰীলংকান কিংবদন্তি মাহেলা জয়াৱৰ্ধনেক  মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। জয়াৱৰ্ধনেই ইতিপূৰ্বে ২০১৭ চনৰ পৰা ২০২২ চনলৈকে একেৰাহে ৬টা ছিজন ফ্ৰেন্সাইজিটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ তত্বাৱধানত মুম্বাইয়ে তিনিবাৰ আই পি এলৰ খিতাপ জয় কৰিছিল।

জয়াৱৰ্ধনেৰ লগতে পাৰস মহামব্ৰেকো দললৈ ঘূৰাই আনিছে ফ্ৰেন্সাইজিটোৱে। মহামব্ৰেই বিগত প্ৰায় দুবছৰ ধৰি ভাৰতীয় দলত ৰাহুল দ্ৰাবিড়ৰ সহযোগী হিচাপে ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। প্ৰশিক্ষক কৰ্মচাৰী আৰু খেলুৱৈৰ ৰিটেইনৰ পিছত আগন্তুক মেগা নিলামত ফ্ৰেন্সাইজিটোৰ কৌশলী স্থিতি কেনে হ’ব সেয়া হ’ব লক্ষণীয়।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?