জোতা কিনিবলৈও হাতত নাছিল টকা, কিন্তু প্ৰত্যাহ্বানৰ শিকলি ছিঙি লক্ষ্যৰ দিশে ধাৱমান চেতন
গুজৰাটৰ এখন সৰু চহৰ ভাৰ্তেজৰ বাসিন্দা চেতন । মাক-দেউতাৰ খুব বেছি সমৰ্থন পোৱা নাছিল তেওঁ । তেওঁলোকে ভাবিছিল এটি চৰকাৰী চাকৰি পালে পুত্ৰৰ জীৱন সফল হ'ব । কিন্তু তেওঁৰ মোমায়েকে সপোনৰ পিছত দৌৰিবলৈ সঁহাৰি দিছিল । তেওঁ চেতনক ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

চেতন ছাকাৰিয়া
কম সময়ত অধিক আয়ৰ সুবিধাৰ বাবেই আই পি এলক কোৱা হয় ইণ্ডিয়ান মানি লীগ বুলি । প্ৰতি বছৰে নিলামত কোন খেলুৱৈ কিমান দামত বিক্ৰী হ’ল, সকলোতকৈ দামী কোন, কোন খেলুৱৈক প্ৰয়োজনতকৈ অধিক দামত কিনা হ’ল, এইবোৰক লৈ আলোচনাৰ অন্ত নাই । এই চৰ্চাৰ কাৰণো আছে অৱশ্যে । এই লীগৰ লহমাই ওলট-পালট কৰি দিয়ে ক্ৰিকেটাৰৰ ভূত-ভৱিষ্যত । দৰিদ্ৰ পৰিয়ালত জন্ম লোৱা অনেকেই আই পি এলত তাৰকা হৈ জিলিকিছে । মু
ম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া, জিশান আনছাৰীৰ দৰে বহু খেলুৱৈ আছে । এওঁলোকৰ জীৱন সলনি কৰিছে আইপিএলে । তেনে এজন খেলুৱৈ হৈছে চেতন ছাকাৰিয়া । দেউতাক টেম্পো চালক । এসময়ত জোতা কিনিবলৈও টকা নাছিল চেতনৰ । ভাতৃৰ মৃত্যু, কৰোণাত পিতৃৰ মৃত্যুৱে জীৱন যেন বিধ্বস্ত কৰি পেলাইছিল, কিন্তু হাৰ নামানিলে ।
গুজৰাটৰ এখন সৰু চহৰ ভাৰ্তেজৰ বাসিন্দা চেতন । মাক-দেউতাৰ খুব বেছি সমৰ্থন পোৱা নাছিল তেওঁ । তেওঁলোকে ভাবিছিল এটি চৰকাৰী চাকৰি পালে পুত্ৰৰ জীৱন সফল হ’ব । কিন্তু তেওঁৰ মোমায়েকে সপোনৰ পিছত দৌৰিবলৈ সঁহাৰি দিছিল । চেতনৰ মোমায়েক মনসুখ ভাইৰ জামনগৰত এখন ষ্টেশ্যনাৰী দোকান আছে । তেওঁ চেতনক ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
মোমায়েকৰ পৰা সম্পূৰ্ণ সহযোগিতা পাইছিল ছাকাৰিয়াই । যেতিয়াই বিপদত পৰে, তেওঁৰ মোমায়েক কাষত থিয় দিয়ে । তেওঁ প্ৰশিক্ষণ লৈছিল ছাৰ ভাৱসিংজী ক্ৰিকেট একাডেমীত ৰাজেন্দ্ৰ গোহলিৰ ওচৰত । প্ৰাথমিকভাৱে বেটিং পছন্দৰ আছিল চেতনৰ । কিন্তু পাছত এজন বাওঁহতীয়া পেচ বলাৰ হৈ পৰে তেওঁ । প্ৰশিক্ষণৰ লগতে মোমায়েকৰ দোকানতো কাম কৰিছিল চেতনে । খুব সোনকালেই তেওঁ স্থান লাভ কৰে সৌৰাষ্ট্ৰ ১৯ বছৰ অনূৰ্ধ দলত । চেতনে জনা নাছিল বেগী বলিঙে শৰীৰত কিমান চাপ সৃষ্টি কৰে । সেয়ে তেওঁ পিঠিৰ বিষক আওকাণ কৰিছিল । ফলত তেওঁৰ সমস্যা বাঢ়ি যায় । আনকি তেওঁ পিছৰ বছৰ দলৰ পৰা বাহিৰত থাকিব লগীয়া হয় ।
ছাকাৰিয়াই আচল সুযোগ লাভ কৰে কোচবিহাৰ ট্ৰফীৰ বাবে সৌৰাষ্ট্ৰৰ ১৯ বছৰ অনূৰ্ধ দল বাচনিৰ সময়ত । তেওঁ ৬ খন মেচত ১৯ টা উইকেট দখল কৰে । কঠোৰ পৰিশ্ৰম কৰি ছাকাৰিয়াই ২০১৮-১৯ ছিজনৰ বাবে সৌৰাষ্ট্ৰ দলত স্থান লাভ কৰে । ছৈয়দ মুস্তাক আলী ট্ৰফীত খেলাৰ সুযোগ নাপালে তেওঁ । বিজয় হাজাৰে ট্ৰফীত তেওঁ মাত্ৰ এখন মেচহে খেলিবলৈ পায় । তেতিয়াই অগ্ৰজ ফাষ্ট বলাৰ জয়দেৱ উনাদকাট আঘাতৰ বাবে বাহিৰ হয় আৰু চেতনে সুযোগ লাভ কৰে ৰঞ্জী খেলাৰ ।
চেতন ছাকাৰিয়াই এই সুযোগৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰে । ৮ খন মেচত দখল কৰে ২৯ টা উইকেট । কিন্তু তাৰ পাছত তেওঁৰ ষ্ট্ৰেছ ফ্ৰেকচাৰ হয় । কিছুদিন বাহিৰত থাকে দলৰ পৰা । কিন্তু যুঁজিবলৈ নেৰিলে । চেতনৰ বাবে সংগ্ৰাম কৰাতো নতুন কথা নাছিল । পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰেই বেয়া আছিল । এসময়ত ক্ৰিকেটৰ জোতা পৰ্যন্ত কিনাৰ সামৰ্থ নাছিল । এমআৰএফ পেছ একাডেমীত যোগদানৰ ঠিক আগেয়ে সৌৰাষ্ট্ৰৰ জ্যেষ্ঠ খেলুৱৈ শ্বেলডন জেকচনে তেওঁক এজোৰ জোতা উপহাৰ দিয়ে । চেতনে জেকচনক কৈছিল, এই জোতাজোৰৰ বাবে চিৰকৃতজ্ঞ হৈ থাকিব ।
চেতনৰ দেউতাক আছিল এজন টেম্পো চালক । অসুস্থতাৰ বাবে তেওঁ সেই কামো বাদ দিবলগীয়া হৈছিল । ছাকাৰিয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৈ পৰে । ২০২১ চনৰ আই পি এল নিলামত ৰাজস্থান ৰয়েলছে তেওঁক ১.২ কোটি টকাত ক্ৰয় কৰে । তাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে মৃত্যু হৈছিল কনিষ্ঠ ভাতৃৰ । সেই দুখৰ পাছতো ছাকাৰিয়াই আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰে । । তেওঁ ১৪ খন মেচত ১৪ টা উইকেট দখল কৰে । কিন্তু সেই সুখ আছিল ক্ষণস্থায়ী । আই পি এলৰ শেষৰ সময়ত তেওঁৰ পিতৃৰো কোভিড-১৯ ত মৃত্যু হয় । এই সকলো প্ৰতিকূলতাৰ মাজতো চেতনে ক্ৰিকেটত নিজৰ নাম ৰাখে । ২০২২ চনৰ আই পি এলত দিল্লী কেপিটেলছে ৪.২ কোটি টকাত ক্ৰয় কৰে চেতনক ।
এইবাৰ আইপিএলত প্ৰথমে নিলাম নহ’লেও উমৰান মালিকৰ আঘাতৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক স্থান দিয়ে । সৰুৰে পৰাই যুঁজ শব্দটোৰ সৈতে পৰিচিত চেতন । এতিয়া তেওঁ ডাঙৰ হৈছে । নাইট শিবিৰত সুযোগৰ অপেক্ষত ক্ষণ গণিছে চেতনে ।