শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা, কিহৰ বাবে দোষী সাৱ্যস্ত হ’ল ক্ৰিকেটাৰগৰাকী?

IPL 2025: চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে ৬ ৰানত জয়লাভ কৰে। কিন্তু তাৰ পিছত অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে। ইয়াৰ বাবে ৰিয়ানে মোটা অংকৰ ধন পৰিশোধ কৰিব লাগিব।

ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা, কিহৰ বাবে দোষী সাৱ্যস্ত হ’ল ক্ৰিকেটাৰগৰাকী?
ৰিয়ান পৰাগImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 31 Mar 2025 14:59 PM

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল (IPL 2025)ৰ খেলত চি এছ কে (CSK)ৰ বিৰুদ্ধে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ (RR)য়ে জয়লাভ কৰে। কিন্তু ইয়াৰ পাছতেই সংকটৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছৰ অধিয়ানক ৰিয়ান পৰাগ।  লেহেমীয়া অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছে ৰিয়ান পৰাগক।  আই পি এল ২০২৫ত শ্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত হোৱা দ্বিতীয়জন অধিনায়ক ৰিয়ান পৰাগ।  ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ইয়াৰ বাবে জৰিমনা বিহা হৈছিল।

ৰাজস্থানে চি এছ কেৰ বিৰুদ্ধে ৬ ৰাণত জয়লাভ কৰাৰ পিছত দলটোৰ নেতৃত্ব দিয়া ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আই পি এলৰ দলৰ অধিনায়কসকলে লেহেমীয়া অভাৰ ৰেটৰ দোষী সাব্যস্ত হ’লে এই ধন দিব লাগে।

ৰিয়ানক জৰিমণা

লেহেমীয়া অভাৰ ৰেটৰ লগত জড়িত ৰিয়ান পৰাগৰ এইটো প্ৰথম ভুল। যাৰ বাবে IPL কোড অৱ কনডাক্টৰ ধাৰা ২.২২ ৰ অধীনত ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। এই জৰিমনা এতিয়া ৰিয়ানে পৰিশোধ কৰিব লাগিব।

হাৰ্দিক পাণ্ডিয়া

ৰিয়ান পৰাগৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াকো আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা মেচখনত শ্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহিছিল।  ইয়াৰোপৰি সেই মেচখনত তেওঁ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল। লেহেমীয়া অভাৰ ৰেটৰ বাবে হাৰ্দিকক নিষিদ্ধ কৰা হৈছিল যদিও পাছৰ মেচসমূহত তেওঁ অংশ গ্ৰহণ কৰিছিল।  উল্লেখ্য যে, যদি কোনো অধিনায়কক এটা ছিজনত তিনিবাৰকৈ শ্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত হয়, তেন্তে তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হয়।

ৰিয়ানৰ বেটিং

ৰিয়ানৰ শেহতীয়া খেলখনত অধিনায়কত্ব আৰু বেটিং দুয়োটাই ভাল আছিল। ধোনীৰ হৈ যিদৰে তেওঁ স্পিনাৰৰ অভাৰ ৰাখি থৈছিল, সেই সিদ্ধান্তক বহুতে প্ৰশংসা কৰিছে। ইয়াৰ বিপৰীতে ২৮ টা বলত ৩৭ ৰানৰ ইনিংছ খেলিছে ৰিয়ানে।

CSK vs RR

কালিৰ খেলখনত প্ৰথম বেটিং কৰি ৰাজস্থানে ২০ অভাৰত ৯ উইকেটত ১৮২ ৰান সংগ্ৰহ কৰে। কিন্তু চেন্নাই ছুপাৰ কিংছে এই লক্ষ্য পূৰ কৰিব নোৱাৰিলে। চি এছ কে  ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১৭৬ ৰান কৰে। শেষৰ অভাৰত জয়ী হ’বলৈ চি এছ কেৰ প্ৰয়োজন হৈছিল ১৯ ৰানৰ। কিন্তু দ্ৰুত বলাৰ সন্দীপ শৰ্মাই মেচখন নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় আৰু দলটোৱে জয়লাভ কৰে।