শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RR vs KKR: মেচৰ মাজতে বৰ্ষাপাৰৰ খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, স্পৰ্শ কৰিলে ৰিয়ানৰ ভৰি

IPL 2025 :ঘৰুৱা খেলপথাৰত ২৬ মাৰ্চ বুধবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৭ নং মেচত ৰাজস্থান ৰয়েলছৰ হৈ IPL মেচত অৱতীৰ্ণ হয় ৰিয়ান পৰাগ। আৰআৰ বনাম কেকেআৰ খেলৰ সময়ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ মাজত এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰি ৰিয়ান পৰাগৰ ভৰি চুই যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই মুহূৰ্তৰ ফটো আৰু ভিডিঅ’।

RR vs KKR: মেচৰ মাজতে বৰ্ষাপাৰৰ খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, স্পৰ্শ কৰিলে ৰিয়ানৰ ভৰি
Riyan Parag Guwahati
trishna-kalita
Trishna Kalita | Published: 27 Mar 2025 07:22 AM

আইপি এল ২০২৫ৰ ষষ্ঠখন খেলত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হৈ যায়। বুধবাৰে অনুষ্ঠিত  এই মেচখনত ৰাজস্থানে ডিফেণ্ডিং চেম্পিয়ন কেকেআৰৰ বাবে ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। মেচখনত কেকেআৰৰ হাতত ৮ উইকেটত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখন কম স্ক’ৰৰ আছিল যদিও ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগৰ বাবে এক বিশেষ মুহূৰ্ত আছিল। এই মেচখনৰ মাজতে এজন অনুৰাগীয়ে ৰিয়ান পৰাগৰ ওচৰলৈ আহি তেওঁৰ ভৰি চুই আশীৰ্বাদ লয়। যাৰ ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ঘটনা সংঘটিত হৈছিল কলকাতাৰ ইনিংছৰ ১২ অভাৰত। ৰিয়ান পৰাগে বল খেলিবলৈ সাজু হৈ আছিল যদিও পিছফালৰ পৰা অনুৰাগী আহি থকা অনুভৱ কৰি তেওঁ ফালে ঘূৰি চালে। নিৰাপত্তাৰক্ষীক অমান্য কৰি অনুৰাগীগৰাকীয়ে খেলপথাৰত উপস্থিত হৈ পোনে পোনে অধিনায়ক ৰিয়ান পৰাগৰ ভৰিত পৰিল। ভৰি স্পৰ্শ কৰি আশীৰ্বাদ ল’লে। উল্লেখ্য যে,  ৰিয়ানৰ ঘৰুৱা খেলপথাৰত   অনুষ্ঠিত হৈছে এই খেলখন।

মেচখনত ৰাজস্থানৰ প্ৰদৰ্শনৰ কথা কথা ক’ব লৈ গ’লে কলকাতাৰ মাৰাত্মক বলিঙে ৰাজস্থানৰ বেটছমেনসকলক ১৫১ ৰানৰ স্ক’ৰত সীমাবদ্ধ কৰি ৰাখিছিল। টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰা ৰিয়ান পৰাগৰ দলটোৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কেকেআৰৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, ময়েন আলী আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে।  এই মেচখনত ৰাজস্থানে এক সুন্দৰ আৰম্ভণি কৰিছিল। যশস্বী জয়ছোৱাল আৰু সঞ্জু চেমছনৰ মাজত প্ৰথম উইকেটৰ পূৰ্বে যুটীযাভাৱে ৩৩ ৰান সংগ্ৰহ কৰে । চতুৰ্থ অভাৰত বৈভৱ অৰোৰাই উইকেটকীপাৰ বেটছমেন চেমছনক বল কৰে। ১১টা বলত ১৩ ৰান সংগ্ৰহ কৰি তেওঁ আউট হৈছিল। ইয়াৰ পিছত ৰিয়ান পৰাগ আৰু জয়ছৱালে দায়িত্ব লয়। দ্বিতীয় উইকেটৰ বাবে দুয়োজনে ৩৪ ৰান সংযোজন কৰে। অধিনায়ক পৰাগে ২৫ ৰান কৰিবলৈ সক্ষম হয়। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে ৩৩ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলিছিল। তেওঁলোকৰ বাহিৰেও নীতিশ ৰাণাই ৮ ৰান, ৱানন্দু হাছাৰাংগাই ৪, শুভম ডুবেই ৯, জোফ্ৰা আৰ্চাৰে ১৬ ৰান সংগ্ৰহ কৰে। আনহাতে, মহিষ তীক্ষনা আৰু তুষাৰ দেশপাণ্ডে ক্ৰমে এক আৰু দুই ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

ইয়াৰ পূৰ্বে ১৮ সংখ্যক ছিজনৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হৈছিল। কলকাতাৰ ইডেন গাৰ্ডেনত খেলা এই খেলৰ সময়ত বিৰাট কোহলীৰ এগৰাকী অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে। অনুৰাগীয়ে ৰেলিঙৰ ওপৰেৰে জপিয়াই খেলপথাৰত প্ৰৱেশ কৰি নন ষ্ট্ৰাইকাৰৰ শেষত থিয় হৈ থকা বিৰাট কোহলীক ভৰি। কেৱল এয়াই নহয়, এই অনুৰাগীয়েও বিৰাটক সাৱটি ধৰিলে। অৱশ্যে ইয়াৰ পিছতে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনুৰাগীজনক।