ভাল খবৰ! IPL ২০২৫ত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে
IPLৰ ২০২৫ৰ পৰা অসমলৈ আহিছে এটা ভাল খবৰ। অসম সন্তান ৰিয়ান পৰাগ হ'ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক। দলটোৰ অধিনায়ক সঞ্জু চেমছনৰ অসুস্থতাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

IPL ২০২৫ ছিজনৰ ঠিক আগতে এফালে যশপ্ৰীত বুমৰাহৰ দৰে তাৰকা বেগী বলাৰৰ অনুপস্থিতিৰ খবৰে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীক দুখী কৰিছে। ইফালে আকৌ এতিয়া ৰাজস্থান ৰয়েলছৰ অনুৰাগীসকলৰ বাবেও আহিছে এক নতুন খবৰ। আইপিএল ২০২৫ ছিজনৰ পূৰ্বে ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছ। আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই দলৰ অধিনায়ক সঞ্জু চেমছনৰ। যাৰ বাবে ৰাজস্থান ৰয়েলছে লৈছে এটা ডাঙৰ সিদ্ধান্ত। দলটোৰ অধিনায়কত্ব সলনি কৰি দলৰ কমাণ্ড অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগক অৰ্পণ কৰা হৈছে।
এই সময়ছোৱাত চেমছনে ৰিয়ান পৰাগৰ অধিনায়কত্বত খেলা দেখা যাব। অৱশ্যে ৰিয়ান পৰাগ গোটেই ছিজনটো দলৰ অধিনায়ক হৈ নাথাকিব, বৰঞ্চ প্ৰথম কেইখনমান মেচৰ বাবে দলটোক কমাণ্ড কৰিব ৰিয়ানে। ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেল ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। ইয়াত প্ৰথমবাৰৰ বাবে অধিনায়কৰ দায়িত্ব ল’ব অসম সন্তান ৰিয়ান পৰাগে।
যোৱা কেইসপ্তাহমানৰ পৰা আঙুলিৰ আঘাতত ভুগি থকা সঞ্জু চেমছন এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। চেমছনে বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা বেটিং কৰাৰ অনুমতি লাভ কৰিছে যদিও এতিয়াও উইকেটকীপিঙৰ বাবে গ্ৰীণ চিগনেল লাভ কৰা নাই। এনে পৰিস্থিতিত ৰাজস্থান ৰয়েলছে অধিনায়কত্ব সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০ মাৰ্চ বৃহস্পতিবাৰে ফ্ৰেঞ্চাইজিটোৱে ঘোষণা কৰে যে ৰিয়ান পৰাগে দলটোৰ প্ৰথম তিনিখন মেচৰ বাবে দলটোক নেতৃত্ব দিব, আনহাতে সঞ্জু চেমছনে বেটছমেন হিচাপে খেলি থাকিব। অৱশ্যে সম্পূৰ্ণ ফিট হৈ অধিনায়ক হিচাপে পুনৰ ঘূৰি আহিব সঞ্জু।
সঞ্জু চেমছনে নিজেই ঘোষণা কৰে যে সমগ্ৰ দলৰ সন্মুখত ৰিয়ান পৰাগক অধিনায়কত্ব দিয়াৰ কথা ঘোষণা কৰে। যোৱা মাহত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টি-২০ খেলৰ সময়ত সঞ্জু চেমছনৰ আঙুলিত আঘাত পাইছিল। তেতিয়াৰ পৰাই তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছিল। অৱশ্যে শেহতীয়াকৈ বিচিচিআইৰ চিকিৎসা দলে বেটিং কৰিবলৈ উপযুক্ত বুলি ঘোষণা কৰাৰ পাছত ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষণলৈ ঘূৰি আহিছে। কিন্তু প্ৰশ্ন আছিল তেওঁৰ উইকেটকীপিঙক লৈ, য’ত তেওঁ এতিয়াও বিচিচিআইৰ পৰা ফিটনেছ চাৰ্টিফিকেট লাভৰ বাবে অপেক্ষা কৰি আছে।
View this post on Instagram
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে থাকিব ৰিয়ান পৰাগ। ইয়াৰ পূৰ্বে তেওঁ আইপিএলত কোনো দলৰ কমাণ্ড লোৱা নাই। তেওঁৰ নেতৃত্বত ২৩ মাৰ্চত ৰাজস্থান ৰয়েলছে হায়দৰাবাদৰ বিৰুদ্ধে, ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। বৰ্তমান ৰিয়ানে মাত্ৰ ৩খন মেচৰ বাবে অধিনায়কত্ব লাভ কৰিছে যদিও যদি চেমছনক সম্পূৰ্ণ ফিট ঘোষণা কৰাত পলম হয়, তেন্তে তেওঁ এই মেচবোৰৰ বাহিৰেও দলৰ বাঘজৰী ল’ব পাৰে। ইয়াৰ পূৰ্বে ৰিয়ানে ঘৰুৱা ক্ৰিকেটত নিজৰ দল অসমৰ অধিনায়কত্ব আছিল।