শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

IPL 2025 Schedule: অসমলৈ আহিব MS Dhoni, ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব CSK vs RRৰ মেচ

আই পি এল ২০২৫ৰ সূচী সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে। প্ৰতিবেদন অনুসৰি অহা ২২ মাৰ্চৰ পৰা টুৰ্ণামেণ্টৰ আৰম্ভ হ'ব পাৰে, যিখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। ইয়াৰোপৰিও জানক আই পি এল ২০২৫ৰ বহু খবৰ।

IPL 2025 Schedule: অসমলৈ আহিব MS Dhoni, ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব CSK vs RRৰ মেচ
অসমলৈ আহিব MS Dhoni
barasha-misra
Barasha Misra | Updated On: 14 Feb 2025 09:45 AM

আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ হৈছে। ইতিমধ্যে বিচিচিআইয়ে উদ্বোধনী খেলৰ স্থান সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল। কিন্তু তাৰিখ আৰু দলৰ বিষয়ে একো কোৱা হোৱা নাছিল। কিন্তু এতিয়া এই সকলো কথা পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, আই পি এল ২০২৫ৰ প্ৰথমখন খেল ২২ মাৰ্চ শনিবাৰে অনুষ্ঠিত হ’ব, যিখন খেলত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত আৰম্ভ হ’ব। লীগৰ নিয়ম অনুসৰি এই অ’পেনাৰ খেলখন ডিফেণ্ডিং চেম্পিয়নৰ ঘৰত অৰ্থাৎ কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ’ব।

দ্বিতীয় খেলখন SRH vs RR

ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, কেকেআৰ আৰু আৰচিবিৰ মাজত হোৱা সংঘৰ্যৰ ঠিক পিছদিনা যোৱা ছিজনৰ চূড়ান্ত প্ৰতিযোগী ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮ সংখ্যক ছিজনত প্ৰথমখন মেচ খেলিব। ২৩ ফেব্ৰুৱাৰী দেওবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেল খেলিব। বিয়লি ৩.৩০ বজাৰ পৰা এছ আৰ এইচৰ ঘৰুৱা খেলপথাৰ উপ্পালৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই দিনটোত দুখন মেচ হ’ব পাৰে। বিচিচিআইয়ে এতিয়াও আনুষ্ঠানিকভাৱে টুৰ্ণামেণ্টৰ তাৰিখ নিশ্চিত কৰা নাই। অৱশ্যে কিছুমান গুৰুত্বপূৰ্ণ খেলৰ তাৰিখ সম্পৰ্কে নিজ নিজ দলক অনানুষ্ঠানিকভাৱে অৱগত কৰিছে।

BCCI য়ে কৰিলে পৰিৱৰ্তন, এই দিনটোত আহিব সূচী

১২ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত বিচিচিআইৰ উপ-সভাপতিগৰাকীয়ে ২৩ মাৰ্চৰ পৰা আইপিএল আৰম্ভ হ’ব পাৰে বুলি ইংগিত দিছিল। কিন্তু ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, এতিয়া ব’ৰ্ডে ইয়াত কিছু পৰিৱৰ্তন কৰিছে। আগন্তুক ১ৰ পৰা ২ দিনত টুৰ্ণামেন্টৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিব পাৰে। আই পি এলৰ নতুন ছিজনত ফাইনেলকে ধৰি মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব। ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মেচৰ উপৰি IPL 2025 ৰ ফাইনেলো ২৫ মে’ত খেলা দেখা যাব। তথ্য অনুসৰি হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্লে অফৰ দুখন খেল।

১২টা স্থানত অনুষ্ঠিত হ’ব খেল

বিচিচিআইয়ে খেল অনুষ্ঠিত হোৱা স্থানৰ কিছু পৰিৱৰ্তন কৰিছে। এইবাৰ আই পি এলৰ মেচ ১০ স্থানৰ পৰিৱৰ্তে ১২ স্থানত অনুষ্ঠিত হ’ব। নতুন ছিজনত ২ টা স্থান সংযোজন কৰা হৈছে, য’ত গুৱাহাটী আৰু ধৰ্মশালা অন্তৰ্ভুক্ত। পঞ্জাব কিংছে এই প্ৰতিযোগিতাৰ দ্বিতীয় স্থান হিচাপে ধৰ্মশালাক বাছি লৈছে, য’ত ৩খন মেচ খেলিব পাৰিব। আনহাতে ৰাজস্থান ৰয়েলছে জয়পুৰৰ সৈতে গুৱাহাটীক দ্বিতীয় স্থান হিচাপে বাছনি কৰিছে, য’ত ২৬ আৰু ৩০ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব।

এতিয়া অসমৰ ক্ৰিকেটপ্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। বহুতৰে বাবে ক্ৰিকেটৰ ভগৱান মহেন্দ্ৰ সিং ধোনী অসমলৈ আহিব, এই কথা গম পাই সামাজিক মাধ্যমতো পোষ্ট কৰি আছে অনুৰাগীয়ে। ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব CSK vs RR ৰ খেল।