IPL 2025: আই পি এলৰ পূৰ্বৰ ১৭টা ছিজনৰ ফলাফলৰ বিষয়ে জানেনে? আছে এনে আমোদজনক তথ্যও…
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড, চমুকৈ বিচিচিআইৰ দ্বাৰা আয়োজিত আই পি এল ২০০৮ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। উদ্বোধনী বৰ্ষত ৮টা ফ্ৰেন্সাইজিৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত সম্প্ৰতি ১০টা দলে প্ৰতিদ্বন্দিতা আগবঢ়ায়। প্ৰতিযোগিতাখনৰ প্ৰথমবৰ্ষত ৰাজস্থান ৰয়েলছে খিতাপ জয় কৰাৰ বিপৰীতে বিগত ছিজনত খিতাপ জয় কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে।

ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰতীক্ষিত আই পি এল ২০২৫ অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এয়া হ’ব প্ৰতিযোগিতাখনৰ ১৮ সংখ্যক সংস্কৰণ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখন ২০০৮ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। উদ্বোধনী বৰ্ষত ৮টা ফ্ৰেন্সাইজিৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত সম্প্ৰতি ১০টা দলে প্ৰতিদ্বন্দিতা আগবঢ়ায়। প্ৰতিযোগিতাখনৰ প্ৰথমবৰ্ষত ৰাজস্থান ৰয়েলছে খিতাপ জয় কৰাৰ বিপৰীতে বিগত ছিজনত খিতাপ জয় কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে।
বৰ্তমান এই প্ৰতিযোগিতাত অংশ লোৱা ফ্ৰেন্সাইজিকেইটা হৈছে ক্ৰমে চেন্নাই চুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, দিল্লী কেপিটেলছ, পঞ্জাৱ কিংছ, গুজৰাট টাইটানছ, লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। আনহাতে প্ৰতিযোগিতাত কেইটামান ছিজনত দেখা পোৱা গৈছিল ডেক্কান চাৰ্জাৰ্ছ হায়দৰাবাদ, কোচি টাস্কাৰ্ছ হায়দৰাবাদ, পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া, ৰাইজিং পুনে চুপাৰ জায়েণ্ট আৰু গুজৰাট লায়নছ দলক।
সম্প্ৰতি লুপ্ত হোৱা ডেক্কান চাৰ্জাৰ্ছ হায়দৰাবাদে প্ৰথম বৰ্ষৰ পৰা ২০১১ চনলৈ প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু ২০০৯ চনৰ দ্বিতীয় সংস্কৰণত আনকি খিতাপো জয় কৰিছিল। লক্ষণীয়ভাৱে ২০১৫ চনত প্ৰতিযোগিতাৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছ আৰু উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছক স্পট ফিক্সিং আৰু বেটিং কেলেংকাৰীত জড়িত হোৱাৰ বাবে দুটা ছিজনৰ বাবে নিলম্বিত কৰা হয়।
এই দল দুটাৰ নিলম্বনৰ পিছত দুটা ছিজনৰ বাবে পুনে আৰু ৰাজকোটক ভিত্তি কৰি দুটা নতুন ফ্ৰেঞ্চাইজি ক্ৰমে ৰাইজিং পুনে চুপাৰ জায়েণ্ট আৰু গুজৰাট লায়নছে দুবছৰৰ বাবে প্ৰতিযোগিতাত স্থান লাভ কৰে। চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ এই নিলম্বন আই পি এল ইতিহাসৰ অন্যতম এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে পৰিগণিত হৈ ৰয়।
উল্লেখ্য যে চেন্নাই আৰু মুম্বাইয়ে পাঁচবাৰকৈ খিতাপ জয়েৰে প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হিচাপে পৰিগণিত হৈছে। কলকাতাই তিনিবাৰ খিতাপ জয়ৰ কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে ৰাজস্থান, ডেক্কান চাৰ্জাৰ্ছ হায়দৰাবাদ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছে এবাৰকৈ খিতাপ জয় কৰিছে। চাওঁ আহক আই পি এলৰ প্ৰতিটো ছিজনৰ খিতাপজয়ী আৰু ৰাণাৰ্ছ আপ দলৰ তথ্য-
২০০৮ চনৰ আই পি এল
চেম্পিয়নঃ ৰাজস্থান ৰয়েলছ
ৰাণাৰ্ছ আপঃ চেন্নাই চুপাৰ কিংছ
২০০৯ চনৰ আই পি এল
চেম্পিয়নঃ ডেক্কান চাৰ্জাৰ্ছ হায়দৰাবাদ
ৰাণাৰ্ছ আপঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু
২০১০ চনৰ আই পি এল
চেম্পিয়নঃ চেন্নাই চুপাৰ কিংছ
ৰাণাৰ্ছ আপঃ মুম্বাই ইণ্ডিয়ানছ
২০১১ চনৰ আই পি এল
চেম্পিয়নঃ চেন্নাই চুপাৰ কিংছ
ৰাণাৰ্ছ আপঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু
২০১২ চনৰ আই পি এল
চেম্পিয়নঃ কলকাতা নাইট ৰাইডাৰ্ছ
ৰাণাৰ্ছ আপঃ চেন্নাই চুপাৰ কিংছ
২০১৩ চনৰ আই পি এল
চেম্পিয়নঃ মুম্বাই ইণ্ডিয়ানছ
ৰাণাৰ্ছ আপঃ চেন্নাই চুপাৰ কিংছ
২০১৪ চনৰ আই পি এল
চেম্পিয়নঃ কলকাতা নাইট ৰাইডাৰ্ছ
ৰাণাৰ্ছ আপঃ কিংছ ইলেভেন পঞ্জাৱ
২০১৫ চনৰ আই পি এল
চেম্পিয়নঃ মুম্বাই ইণ্ডিয়ানছ
ৰাণাৰ্ছ আপঃ চেন্নাই চুপাৰ কিংছ
২০১৬ চনৰ আই পি এল
চেম্পিয়নঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ
ৰাণাৰ্ছ আপঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু
২০১৭ চনৰ আই পি এল
চেম্পিয়নঃ মুম্বাই ইণ্ডিয়ানছ
ৰাণাৰ্ছ আপঃ ৰাইজিং পুনে চুপাৰ জায়েণ্ট
২০১৮ চনৰ আই পি এল
চেম্পিয়নঃ চেন্নাই চুপাৰ কিংছ
ৰাণাৰ্ছ আপঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ
২০১৯ চনৰ আই পি এল
চেম্পিয়নঃ মুম্বাই ইণ্ডিয়ানছ
ৰাণাৰ্ছ আপঃ চেন্নাই চুপাৰ কিংছ
২০২০ চনৰ আই পি এল
চেম্পিয়নঃ মুম্বাই ইণ্ডিয়ানছ
ৰাণাৰ্ছ আপঃ দিল্লী কেপিটেলছ
২০২১ চনৰ আই পি এল
চেম্পিয়নঃ চেন্নাই চুপাৰ কিংছ
ৰাণাৰ্ছ আপঃ কলকাতা নাইট ৰাইডাৰ্ছ
২০২২ চনৰ আই পি এল
চেম্পিয়নঃ গুজৰাট টাইটানছ
ৰাণাৰ্ছ আপঃ ৰাজস্থান ৰয়েলছ
২০২৩ চনৰ আই পি এল
চেম্পিয়নঃ চেন্নাই চুপাৰ কিংছ
ৰাণাৰ্ছ আপঃ গুজৰাট টাইটানছ
২০২৪ চনৰ আই পি এল
চেম্পিয়নঃ কলকাতা নাইট ৰাইডাৰ্ছ
ৰাণাৰ্ছ আপঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ