শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নেপ’টিজমৰ আধাৰত ৰাজস্থানৰ অধিনায়ক হ’ল ৰিয়ান! কোনে তুলিলে এই অভিযোগ?

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৮ তম সংস্কৰণৰ প্ৰথম তিনিখন মেচৰ বাবে ৰিয়ান পৰাগক অধিনায়ক হিচাপে নিযুক্তি দিয়ে ৰাজস্থান ৰয়েলছে। পিছে ৰিয়ানৰ নিযুক্তিত একাংশ লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। নেপ’টিজমৰ আধাৰতহে ৰিয়ানে ফ্ৰেন্সাইজিটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰা বুলিও অভিযোগ উঠিছে।

নেপ’টিজমৰ আধাৰত ৰাজস্থানৰ অধিনায়ক হ’ল ৰিয়ান! কোনে তুলিলে এই অভিযোগ?
ৰিয়ানৰ অধিনায়ক নিযুক্তিত অসন্তুষ্টি!
monjit-dutta
Monjit Dutta | Published: 21 Mar 2025 19:22 PM

বৃ্হস্পতিবাৰে অসমৰ ক্ৰিকেট জগতলৈ আহিছিল এক গৌৰৱৰ খবৰ। বিশ্বৰ আটাইতকৈ ব্যয়বহুল তথা জনপ্ৰিয় ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৮ তম সংস্কৰণৰ প্ৰথম তিনিখন মেচৰ বাবে ৰিয়ানক অধিনায়ক হিচাপে নিযুক্তি দিয়ে ফ্ৰেন্সাইজিটোৱে। এই খবৰে স্বাভাৱিকতেই ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীক উৎফুল্লিত কৰি তোলে।

অসমৰ ক্ৰিকেটপ্ৰেমীক আনন্দিত কৰিলেও পিছে একাংশ লোক ৰিয়ানৰ দায়িত্ব লাভত মুঠেও সন্তুষ্ট নহয়। এই সন্দৰ্ভত বহু লোকে মুকলিকৈয়ে ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। আনকি একাংশই ৰিয়ানে নেপ’টিজমৰ আধাৰত ফ্ৰেন্সাইজিটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰা বুলিও অভিযোগ তুলিছে। পিছে এই লোকসকলৰ অসন্তুষ্টিৰ কাৰণ কি? ৰিয়ানে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰাৰ পিছতো কিয় অধিনায়ক নিযুক্তি অসন্তুষ্ট এইসকল লোক!

ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে আঘাতৰ বাবে এইবাৰ আই পি এলৰ প্ৰথম কেইখনমান মেচত কেৱল এগৰাকী বেটাৰ হিচাপেহে দলৰ অংশ হ’ব। সম্পূৰ্ণৰূপে ফিট নোহোৱা বাবে তেওঁ উইকেটৰক্ষক তথা অধিনায়ক হিচাপে দায়িত্ব বহন নকৰে প্ৰথম তিনিখন মেচত। সেয়ে ফ্ৰেন্সাইজিটোৱে প্ৰথম তিনিখন মেচৰ বাবে ৰিয়ান পৰাগক অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে। অৰ্থাৎ সঞ্জুৰ পৰিৱৰ্তে এতিয়া ৰিয়ান হ’ব দলটোৰ অধিনায়ক।

বিগত সময়ছোৱাত ৰিয়ানে দাঙি ধৰা প্ৰদৰ্শন লক্ষ্য কৰিলে তেওঁৰ নিযুক্তি স্বাভাৱিকতেই যোগ্য বুলিব পৰা যায়। বিগত কেইবাটাও ছিজনত ৰিয়ানে ৰাজস্থানক প্ৰতিনিধিত্ব কৰি আহিছে। প্ৰাৰম্ভিক কেইটামান ছিজনত ব্যৰ্থ হ’লেও শেহতীয়া সময়ছোৱাত ৰিয়ান নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে দলটোৰ অন্যতম শক্তি হিচাপে বিবেচিত হৈছে। বিগত ছিজনত তেওঁ ৫৭৩ ৰান সংগ্ৰহেৰে দলৰ হৈ সৰ্বাধিক আৰু প্ৰতিযোগিতাৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছিল।

তদুপৰি ঘৰুৱা ক্ৰিকেটতো অসম ক্ৰিকেট দলৰ নেতৃত্ব বহন কৰি ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে ৰিয়ানে। এনে প্ৰদৰ্শনৰ সুবাদতে ৰিয়ানে ভাৰতীয় ছিনিয়ৰ দলতো স্থান লাভ কৰে আৰু ভাৰতীয় দলত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচে। আঘাতৰ বাবে দলৰ পৰা বাদ পৰালৈকে ৰিয়ানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো নিজৰ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

কিন্তু এতিয়া ৰাজস্থানৰ অধিনায়ক হিচাপে ৰিয়ানৰ নিযুক্তিত বহু লোক সন্তুষ্ট হোৱা নাই। প্ৰধানতঃ এই সিদ্ধান্তৰে জশস্বী জয়ছোৱালক উপেক্ষা কৰা হৈছে বুলি ক্ষোভ প্ৰকাসচস কৰিছে একাংশ লোকে। সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰি একাংশ লোকে ৰিয়ানে নেপ’টিজম সূত্ৰে দলটোৰ অধিনায়ক নিযুক্ত হোৱা বুলি অভিযোগ কৰি জয়ছোৱালে ফ্ৰেন্সাইজিটোত নিজৰ কেৰিয়াৰ ধ্বংসহে কৰি থকা বুলি মত প্ৰকাশ কৰিছে।