Kayva Maran: গেলেৰীত গ্লেমাৰৰ আকৰ! অৰেঞ্জ আৰ্মিৰ স্বত্বাধিকাৰীৰ গোপন ৰহস্য ফাদিল!
আই পি এল কেৱল ক্ৰীড়া নহয়, বিনোদন আৰু গ্লেমাৰৰো মঞ্চ । ২২ গজত বেটাৰে ছয়-চাৰিৰ জোৱাৰ তুলি দৰ্শকক আমোদ দিয়ে । বলাৰে ইটোৰ পিছত সিটো উইকেট দখল কৰি মেচৰ গতি সলাই আচৰিত কৰে সকলোকে । গেলাৰীও যিহেতু খেলৰেই অংশ, তাতো থাকে বিনোদনৰ থল । গেলাৰীত বিপয়ি থাকে গ্লেমাৰৰ আকৰ ।

ৰূপে-গুণে লক্ষ্মী স্বৰূপা, সুন্দৰী তথা বুদ্ধিমান নাৰীৰ ক্ষেত্ৰত বহুতেই এই মন্তব্য কৰে । আই পি এলৰ জনপ্ৰিয় দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মাৰণো যেন ৰূপে-গুণে লক্ষ্মী স্বৰূপা এগৰাকী যুৱতী । অৰেঞ্জ আৰ্মিৰ মেচ থাকিলে গেলেৰীত দেখা যায় কাব্যাক । কাব্যা হৈ পৰিছে বহুতৰে সপোন সুন্দৰী । আই পি এলৰ নিলামৰ পৰা আৰম্ভ কৰি টুৰ্ণামেন্টলৈকে চৰ্চাত থাকে কাব্যা । দল জিককেই বা হাৰকেই কাব্যাৰ গ্লেমাৰত কমি নাই । এই গ্লেমাৰৰ ৰহস্য কি?
আই পি এল কেৱল ক্ৰীড়া নহয়, বিনোদন আৰু গ্লেমাৰৰো মঞ্চ । ২২ গজত বেটাৰে ছয়-চাৰিৰ জোৱাৰ তুলি দৰ্শকক আমোদ দিয়ে । বলাৰে ইটোৰ পিছত সিটো উইকেট দখল কৰি মেচৰ গতি সলাই আচৰিত কৰে সকলোকে । আৰু গেলাৰীও যিহেতু খেলৰেই অংশ, তাতো থাকে বিনোদনৰ থল । গেলাৰীত বিপয়ি থাকে গ্লেমাৰৰ আকৰ । সেই আকৰেৰেই সকলোকে মোহিত কৰে কলানীতি মাৰণৰ কন্যা কাব্যাই । হায়দৰাবাদৰ ক্ৰিকেটাৰে ভাল প্ৰদৰ্শন কৰিলে গেলাৰীত উল্লাসিত হৈ পৰে কাব্যা । দল পৰাস্ত হ’লে তেওঁৰ মুখত স্পষ্ট হৈ পৰে হতাশাৰ চিন । কেতিয়াবা যদি খেলপথাৰত আন কেতিয়াবা ড্ৰেছিম ৰূমত দলৰ ক্ৰিকেটাৰৰ সৈতে দেখা যায় কাব্যাক । কেতিয়াবা আনন্দিত কেতিয়াবা চিন্তিত । ইয়াৰ মাজতো কাব্যাৰ মুখৰ শোভা জিলিকি থাকে । কাব্যাৰ সৌন্দৰ্যৰ আঁৰৰ কাহিনী পোহৰলৈ আহিছে ।
বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰশত কাব্যাৰ ছালখন অধিক ‘সুন্দৰ’ হৈ পৰিছে । কাব্যাই The Glow Clinic ৰ পৰা সহায় লৈছিল । ডাঃ বৰ্শিনী ৰেড্ডীয়ে যেন যাদুৰ পৰশ ঢালি দিলে! কাব্যাই সেই ক্লিনিকত ডাঃ বৰ্শিনীৰ পৰা ব্যক্তিগত পৰামৰ্শ লৈছিল । কাষ্টমাইজড থেৰাপীৰো সহায় লৈছিল । ডুবাইৰ পৰা ডাবলিনলৈকে প্ৰখ্যাত চিকিৎসকৰ পৰামৰ্শ লৈ কাব্যাই নিজকে মোহময়ী কৰি তোলে ।
বহুতে ছালৰ স্বাস্থ্যৰ যত্নৰ কথা নাভাবে । সেইটো এটা ডাঙৰ সমস্যা । কাব্যা পিছে ব্যতিক্ৰম । তেওঁ দিনটোৰ আৰম্ভণি কৰে ব’টানিকেল ক্লিনজাৰ দি । তাৰ পিছত ব্ৰাইটেনিং ভিটামিন C আৰু SPF 50+ মইশ্ব’ৰাইজাৰ লগায় । দিনত ছালত Mist লগায় । ইয়াত হাইলুৰনিক এচিড প্ৰচুৰ পৰিমাণে থাকে । ফলত কাব্যাৰ ছাল আৰ্দ্ৰ আৰু মসৃণ হৈ থাকে । সন্ধিয়া লাহে লাহে এক্সফোলিয়েচন কৰে । তাৰ পিছত ক’লাজেন বষ্টিং ছিৰাম ব্যৱহাৰ কৰে । দিনটোৰ শেষত ছালৰ যত্নৰ বাবে চেৰামাইড থকা নাইট ক্ৰীম ব্যৱহাৰ কৰে কাব্যাই । ইয়াৰ বাহিৰেও কাব্যায়াই গোটেই দিনটো ২.৫ লিটাৰ পানী খায় । ৱৰ্কআউটৰ পিছত নাৰিকলৰ পানী খায় । তাৰোপৰি মানি চলে সঠিক খাদ্যাভ্যাস । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল পৰ্যাপ্ত নিদ্ৰা । এইদৰেই কাব্যাই ছাল আৰু শৰীৰৰ যত্ন লয় ।
মন কৰিবলগীয়া যে কেইবাজনো ক্ৰিকেটাৰে ডাঃ বৰশিনীৰ The Glow Clinic ৰ সহায় লৈ নিজৰ ছালখন সুস্থ আৰু আকৰ্ষণীয় কৰি তুলিছে । ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, বলীউডৰ দিভা দীপিকা পাডুকন আৰু দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ সামন্থা ৰুথ প্ৰভুও এই তালিকাত আছে ।