আমেৰিকাত পাৰফিউমৰ দোকানৰ পৰা ২২ গজৰ ‘মাষ্টাৰ’লৈ…সফলতাৰ দীঘলীয়া পথত হৰ্ষল
জীৱন জীৱিকাৰ বাবে আমেৰিকাৰ নিউ জাৰ্চিৰ এখন পাৰফিউমৰ দোকানত কাম কৰিছিল হৰ্ষলে। কিন্তু মনে প্ৰাণে নিজক সঁপি দিয়া আছিল ক্ৰিকেটত। আৰু এই মনৰ জোৰতে দৌৰ দি নিজৰ ভাগ্য সলনি কৰিবলৈ তেওঁ ভাৰতলৈ উভতি আহিছিল। এইদৰে জীৱনৰ বহু উত্থান-পতনৰ মাজেৰে আজিৰ স্থানত উপস্থিত হৈছে পেচাৰগৰাকী।

কোৱা হয়, টি-২০ বেটাৰৰ খেল। বেটাৰৰ আধিপত্যৰ সমুখত বহুসময়ত কেৰিয়াৰ সংকটাপন্ন হৈ পৰে বলাৰৰ। তাৰ মাজতো নিজৰ প্ৰতিভাৰে কোনো কোনো বলাৰ হৈ পৰে টি-২০ ফৰ্মেটৰ বিশেষজ্ঞ। তেনে এক অভিধাৰেই এতিয়া চৰ্চিত হৰ্ষল পেটেল। নিজৰ সপ্ৰতিভ বুদ্ধিমত্তাৰে হৰ্ষল সম্প্ৰতি টি-২০ ফৰ্মেটৰ এগৰাকী আগশাৰীৰ বলাৰ। অৱশ্যেই ক্ৰিকেট তেওঁৰ প্ৰথম প্ৰেম। পিছে ২২ গজত এই সফলতাৰ পথত ইমানো সহজো নাছিল হৰ্ষলৰ খোজ। এটা সময়ত আনকি ক্ৰিকেটৰ স্বপ্ন এৰি আমেৰিকালৈও প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল হৰ্ষল।
জীৱন জীৱিকাৰ বাবে আমেৰিকাৰ নিউ জাৰ্চিৰ এখন পাৰফিউমৰ দোকানত কাম কৰিছিল হৰ্ষলে। কিন্তু মনে প্ৰাণে নিজক সঁপি দিয়া আছিল ক্ৰিকেটত। আৰু এই মনৰ জোৰতে দৌৰ দি নিজৰ ভাগ্য সলনি কৰিবলৈ তেওঁ ভাৰতলৈ উভতি আহিছিল। এইদৰে জীৱনৰ বহু উত্থান-পতনৰ মাজেৰে এই স্থানত উপস্থিত হৈছে পেচাৰগৰাকী। ভাৰতীয় দলত কেৰিয়াৰ বিশেষ দীঘলীয়া নহ’লেও হৰ্ষল আই পি এলত অত্যন্ত মূল্যৱান, সেই সূত্ৰেই তেওঁ এতিয়া ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সদস্য।
গুজৰাটত জুনিয়ৰ পৰ্যায়ত হৰ্ষলে আৰম্ভ কৰিছিল ক্ৰিকেট কেৰিয়াৰ। পুত্ৰৰ প্ৰতিভা উপলব্ধি কৰি পিতৃ-মাতৃয়ে সেয়ে আমেৰিকালৈ যোৱাৰ সময়ত হৰ্ষলক গুজৰাটতে থৈ যায়। কিন্তু ঘৰুৱা ক্ৰিকেটত বিশেষ সাফল্য লাভ নকৰাৰ বাবে ১৭ বছৰ বয়সত হৰ্ষলো পিতৃ-মাতৃৰ কাষলৈ গুচি যায়। তাতে তেওঁ এগৰাকী পাকিস্তানীৰ মালিকানাধীন পাৰফিউমৰ দোকান এখনত কাম কৰে। সেই সময়ত তেওঁ ইংৰাজী ক’ব পৰা নাছিল।
ইংৰাজী ক’ব নজনাৰ বাবেই দোকানত প্ৰতিটো খোজতে তেওঁ গ্ৰাহকৰ অপমান সহিব লগা হৈছিল। দোকানত ১২-১৩ ঘণ্টা কাম কৰি তেওঁ দিনটোত ৩৫ ডলাৰ উপাৰ্জন কৰিছিল। কিন্তু মনৰ উদ্যম আৰু ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমক সাৰথি কৰি হৰ্ষল পুনৰ দেশলৈ উভতি আহে। আৰু ইয়াৰ পিছতে হৰ্ষলে দেখুৱায় নিজৰ প্ৰতিভা আৰু অধ্যৱসায়ৰ ফল।
এনে ফলৰ ভিত্তিতে ২০১২ চনৰ পৰা এতিয়ালৈ আই পি এলত হৰ্ষলে লাভ কৰিছে গুৰুত্ব। জয় কৰিছে পাৰ্পল কেপো। লগতে প্ৰতিনিধিত্ব কৰিছে ভাৰতীয় দলক। হৰ্ষলে এতিয়ালৈকে ভাৰতক ২৫ খন টি-২০ মেচত প্ৰতিনিধিত্ব কৰিছে। একেদৰে ৭৪ খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ৭২ খন লিষ্ট এ মেচৰ অভিজ্ঞতাৰে পুষ্ট পেচাৰগৰাকী। আনহাতে আই পি এলত তেওঁ ২০১২ৰ পৰা ২০১৭ চনলৈকে আৰচিবিৰ হৈ খেলে।
ইয়াৰ পিছত ২০১৮-২০২০ বৰ্ষৰ তিনিটা ছিজনত তেওঁ দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰাৰ পিছত ২০২১-২০২৩ৰ ছিজনত পুনৰ আৰচিবিৰ অংশ হয়। বিগত ছিজনত পঞ্জাৱ কিংছৰ হৈ খেলাৰ পিছত এই ছিজনৰ বাবে হায়দৰাবাদে তেওঁক ৮ কোটি টকাত ক্ৰয় কৰিছিল। হায়দৰাবাদৰ আস্থাক অথলে যাবলৈ নিদি এই ছিজনত হৰ্ষলে এতিয়ালৈকে ৮খন মেচত ১৩টা উইকেট দখল কৰিছে।
লক্ষণীয়ভাৱে এই ছিজনত হায়দৰাবাদে দুৰ্বল আৰম্ভণিৰ পিছত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে। দলটোৰ এই লক্ষ্যৰ ক্ষেত্ৰত এতিয়া হৰ্ষলৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ’ব। নিখুঁত য়ৰ্কাৰ, শ্ল’ৱাৰ বলৰ চমকেৰে হৰ্ষল এতিয়া বেটাৰৰ বাবে মূৰৰ কামোৰণি। হয়তো নিজৰ প্ৰতিভাৰে আৰু কিছু দিনলৈ এই চমক অব্যাহত ৰাখিব হৰ্ষলে। সুখী হ’ব ক্ৰিকেটপ্ৰেমীও।