শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰানৰ পাহাৰ তুলি অভিলেখ গঢ়িলে হায়দৰাবাদেঃ ঈশানৰ বেটৰ পৰা আহিল প্ৰথমটো শতক

Sunrisers Hyderabad vs Rajasthan Royals: প্ৰত্যাশিতভাৱেই আই পি এল ২০২৫ত বিস্ফোৰক আৰম্ভণি ঘটালে ছানৰাইজাৰ্ছ হায়দৰাবাদে। ৰাজস্থান ৰয়েলছৰ বিপক্ষে আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অ’ৰেঞ্জ আৰ্মি খ্যাত ছানৰাইজাৰ্ছে ছয়-চাৰিৰ ফুলজাৰিৰে ২৮৬ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰায়।

ৰানৰ পাহাৰ তুলি অভিলেখ গঢ়িলে হায়দৰাবাদেঃ ঈশানৰ বেটৰ পৰা আহিল প্ৰথমটো শতক
ঈশানৰ মাৰমুখী শতক
monjit-dutta
Monjit Dutta | Updated On: 23 Mar 2025 18:24 PM

প্ৰত্যাশিতভাৱেই আই পি এল ২০২৫ত বিস্ফোৰক আৰম্ভণি ঘটালে ছানৰাইজাৰ্ছ হায়দৰাবাদে। ৰাজস্থান ৰয়েলছৰ বিপক্ষে আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অ’ৰেঞ্জ আৰ্মি খ্যাত ছানৰাইজাৰ্ছে ছয়-চাৰিৰ ফুলজাৰিৰে পাতিলে ক্ৰিকেটীয় দীপাৱলী। দলটোৰ বিস্ফোৰক বেটিঙৰ সমুখত বিধ্বস্ত হৈ পৰিল ৰাজস্থান ৰয়েলছৰ বলিং বিভাগ। এইদৰে অধিনায়ক হিচাপে নিজৰ প্ৰথমখন মেচতে ৰিয়ান পৰাগ পৰিছে তীব্ৰ চাপত। ৰাজস্থানৰ এই বিপৰ্যয়ৰ প্ৰধান কাৰণ হৈ আজি জিলিকি উঠে ঈশান কিষাণ। মাৰমুখী বেটিঙেৰে কিষাণে মাত্ৰ ৪৭ টা বলত ১১টা চাৰি আৰু ৬টা ছয়েৰে ১০৭ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।

প্ৰথমৰ পৰাই বিস্ফোৰক আৰম্ভণি কৰা হায়দৰাবাদে ২৮৬ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাৰ দ্বিতীয় সৰ্ববৃ্হৎ স্ক’ৰো থিয় কৰায়। লক্ষণীয়ভাৱে এই তালিকাতো ২৮৭ ৰানেৰে হায়দৰাদেই আছে প্ৰথম স্থানত। অৰ্থাৎ মাত্ৰ এক ৰানৰ বাবে আজি নিজৰেই এই অভিলেখ ভংগ কৰাত বিফল হয় হায়দৰাবাদ। তদুপৰি ইনিংছটোত মুঠ ৪৬টা বাউণ্ডেৰীৰে আই পি এল মেচৰ এটা ইনিংছত সৰ্বাধিক বাউণ্ডেৰীৰো অভিলেখ গঢ়ে দলটোৱে।

এই বিশাল স্ক’ৰৰ মূল হোতা ঈশানে মাত্ৰ ৪৫টা বলতে শতক সম্পূৰ্ণ কৰি আই পি এল ২০২৫ৰ প্ৰথমটো শতকৰ অধিকাৰী হয়। তদুপৰি নিজৰ আই পি এল কেৰিয়াৰতো ঈশানৰ এয়া প্ৰথমটো শতক। ঈশানৰ উপৰি হায়দৰাবাদৰ ইনিংছত বেটিং ক্ৰমৰ শীৰ্ষৰ ফালৰ প্ৰতিগৰাকী বেটাৰেই খেলে আকৰ্ষণীয় ইনিংছ। বিশেষকৈ পৰিচিত শৈলীৰে মাৰমুখী বেটিং কৰি ট্ৰেভিছ হেডে ৩১টা বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে ৬৭ ৰান সংগ্ৰহ কৰে।

তদুপৰি অপেনাৰ অভিষেক শৰ্মাই ১১টা বলত ২৪, নীতিশ ৰেড্ডীয়ে ১৫টা বলত ৩০, হেনৰিখ ক্লাছেনে ১৪টা বলত ৩৪ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। এনে বিধ্বংসী বেটিঙৰ সুবাদতে হায়দৰাবাদে থিয় কৰাবলৈ সক্ষম হয় ২৮৬ ৰানৰ বৃ্হৎ স্ক’ৰ। ইফালে ৰাজস্থানৰ বলিং আক্ৰমণৰ মূল শক্তি জ’ফ্ৰা আৰ্চাৰ এই মেচখনত অত্যন্ত খৰচী বিবেচিত হয়। নিজৰ ৪ অভাৰৰ স্পেলত আৰ্চাৰে কোনো উইকেট লাভ নকৰাকৈ ৭৬ ৰান খৰচ কৰে।

উল্লেখ্য যে আই পি এলৰ ১৮টা সংস্কৰণৰ ইতিহাসত আৰ্চাৰৰ এই স্পেল আটাইতকৈ খৰচী স্পেল হিচাপে পৰিগণিত হৈছে। এইদৰে এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’বলগা হয় ইংলেণ্ডৰ পেচাৰগৰাকী। ৰাজস্থানৰ হৈ তুষাৰ দেশপাণ্ডেই ৪৪ ৰানত ৩টা উইকেট দখল কৰি সফল বলাৰ হিচাপে বিবেচিত হয়।