কেতিয়া হ’ব আই পি এল ২০২৫! প্ৰকাশ পালে তাৰিখঃ চেম্পিয়নছ ট্ৰফীৰ পৰা মাত্ৰ ৫ দিনৰ জিৰণি

অহা ২৫ আৰু ২৬ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম। এই নিলামৰ বাবে ক্ৰিকেট বিশ্বই যথেষ্ট উৎকণ্ঠাৰে অপেক্ষা কৰি আছে। নিলামক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই চৰ্চাৰ মাজতে আজি ঘোষণা কৰা হৈছে আই পি এলৰ পৰৱৰ্তী ছিজনৰ তাৰিখ।

কেতিয়া হ’ব আই পি এল ২০২৫! প্ৰকাশ পালে তাৰিখঃ চেম্পিয়নছ ট্ৰফীৰ পৰা মাত্ৰ ৫ দিনৰ জিৰণি

আই পি এল ২০২৫ৰ তাৰিখ প্ৰকাশ

Published: 

22 Nov 2024 15:35 PM

আই পি এলৰ মেগা নিলামৰ বাবে মাজত আৰু মাত্ৰ দুটা দিন। তাৰ পিছতে অহা ২৫ আৰু ২৬ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম। এই নিলামৰ বাবে ক্ৰিকেট বিশ্বই যথেষ্ট উৎকণ্ঠাৰে অপেক্ষা কৰি আছে। নিলামক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই চৰ্চাৰ মাজতে আজি ঘোষণা কৰা হৈছে আই পি এলৰ পৰৱৰ্তী ছিজনৰ তাৰিখ। সম্পূৰ্ণ সূচী প্ৰকাশ কৰা নাই যদিও বিচিচিআইয়ে আজি আই পি এল ২০২৫ৰ আৰম্ভণি আৰু সামৰণিৰ তাৰিখ প্ৰকাশ কৰিছে।

এই ঘোষণা অনুসৰি আগন্তুক সংস্কৰণৰ আই পি এল পূৰ্বৰ ছিজনতকৈ কিছু আগতীয়াকৈ আৰম্ভ হ’ব। প্ৰতিবেদন অনুসৰি অহা বৰ্ষৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ পৰৱৰ্তী ছিজন আৰু ২৫ মে’ত অন্ত পৰিব। লক্ষণীয়ভাৱে আগন্তুক বৰ্ষত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব। অৰ্থাৎ চেম্পিয়নছ ট্ৰফীৰ পিছত আই পি এলৰ বাবে মাত্ৰ ৫ দিনৰ জিৰণি পাব খেলুৱৈসকলে।

ই এছ পি এন-ক্ৰিচিনফ’ৰ প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে আই পি এলৰ সকলো ফ্ৰেঞ্চাইজিলৈ এই বিষয়ত ইমেইল প্ৰেৰণ কৰিছে। ইফালে আই পি এল ২০২৫ৰ লগতে ইয়াৰ পিছত হ’বলগীয়া পৰৱৰ্তী দুটা সংস্কৰণ ক্ৰমে আই পি এল ২০২৬ আৰু ২০২৭ৰ বাবেও তাৰিখ প্ৰকাশ পাইছে। অৱশ্যে ব’ৰ্ডে এই তাৰিখ কেৱল প্ৰতিযোগিতাখনৰ সম্ভাৱ্য তাৰিখ বুলি উল্লেখ কৰিছে।

কিন্তু এই তাৰিখতে প্ৰতিযোগিতাখন আয়োজন কৰা হ’ব বুলি ধাৰণা কৰা হৈছে। প্ৰতিবেদন মতে আই পি এল ২০২৬ ১৫ মাৰ্চৰ পৰা ৩১ মে’লৈকে অনুষ্ঠিত হ’ব। আনহাতে ২০২৭ চনত প্ৰতিযোগিতাখন ১৪ মাৰ্চৰ পৰা ৩০ মে’লৈকে চলিব। উল্লেখ্য যে আই পি এলৰ বিগত সংস্কৰণ ২৩ মাৰ্চৰ পৰা আৰম্ভ হৈছিল। অৰ্থাৎ এইবাৰ ৯ দিন আগতীয়াকৈ এই প্ৰতিযোগিতা আৰম্ভ হ’ব।

ইয়াৰ অন্যতম এক প্ৰধান কাৰণ হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। আই পি এলৰ মাত্ৰ কেইদিনমান পিছতে লণ্ডনৰ লৰ্ডছত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হ’ব। টেষ্ট চেম্পিয়নশ্বিপৰ পিছত ১৮-১৯ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খন মেচৰ টেষ্ট শৃংখলাও আৰম্ভ হ’ব।

উল্লেখ্য যে আই পি এলৰ আগন্তুক ছিজনৰ বাবে খেলুৱৈৰ মেগা নিলাম চৌদি আৰৱৰ জেদ্দাহত অহা ২৫ আৰু ২৬ নৱেম্বৰত অনুষ্ঠিত হ’ব। ইতিমধ্যে বিচিচিআইয়ে এই মেগা নিলামৰ বাবে চূড়ান্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। নিলামৰ বাবে নাম পঞ্জীয়ন কৰা ১০০০ খেলুৱৈৰ নাম চূড়ান্ত তালিকাৰ পৰা অব্যাহতি দি মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম নিলামৰ বাবে চূড়ান্ত কৰা হৈছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস