IPL 2025: নিলামত আনচ’ল্ড এগৰাকী ভাৰতীয় তাৰকাৰ ঘটিব ভাগ্যোদয়! দেখা যাব পাৰে এই দলত…
আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ বাবে বিগত বৰ্ষৰ নৱেম্বৰ মাহত মেগা নিলাম অনুষ্ঠিত হৈছিল। এই মেগা নিলামত বহু তাৰকা ক্ৰিকেটাৰ বিক্ৰী নোহোৱাকৈ ৰৈ গৈছিল। নিলামত বিক্ৰী নোহোৱা এনে এগৰাকী তাৰকা ভাৰতীয় ক্ৰিকেটাৰক এতিয়া আই পি এলত দেখা যাব পাৰে বুলি চৰ্চা চলিছে।

ভাগ্যোদয় ঘটিব এইগৰাকী তাৰকাৰ!
আৰম্ভ হৈছে আই পি এল ২০২৫ৰ উন্মাদনা। ক্ৰিকেট অনুৰাগীৰ মাজত ইতিমধ্যে প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি ব্যাপক উছাহ পৰিলক্ষিত হৈছে। প্ৰতিটো ফ্ৰেন্সাইজিয়েই নিজ নিজ ঘৰুৱা খেলপথাৰত আৰম্ভ কৰিছে প্ৰস্তুতি। উল্লেখ্য যে এইবাৰ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। ইতিপূৰ্বে বিগত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰতিযোগিতাৰ বাবে মেগা নিলাম অনুষ্ঠিত হৈছিল। নিলামত এইবাৰ খেলুৱৈৰ বিপৰীতে অভূতপূৰ্ব হাৰত ধন ব্যয় কৰিছিল ফ্ৰেন্সাইসমূহে। ভাগ্যোদয় ঘটিছিল বহু দেশী-বিদেশী ক্ৰিকেটাৰৰ। অৱশ্যে বহু পৰিচিত নামো নিলামত বিক্ৰী নোহোৱাকৈ ৰৈ গৈছিল।
ভাৰতীয় ক্ৰিকেটৰ বহুকেইগৰাকী তাৰকা খেলুৱৈও নিলামত বিক্ৰী নোহোৱাকৈ আছিল। তেনে এগৰাকী খেলুৱৈ আছিল শ্বাৰ্দুল ঠাকুৰ। পেচ বলিং অলৰাউণ্ডাৰ শ্বাৰ্দুল বিগত কেইটামান বছৰত ভাৰতীয় দলৰ অন্যতম এগৰাকী নিৰ্ভৰযোগ্য সদস্য আছিল। প্ৰতিটো ফৰ্মেটতে তেওঁ জাতীয় দলক প্ৰতিনিধিত্ব কৰি আগবঢ়াইছিল গুৰুত্বপূৰ্ণ প্ৰদৰ্শন। অৱশ্যে শেহতীয়া সময়ছোৱাত দলৰ পৰা বাহিৰত আছে শ্বাৰ্দুল।
জাতীয় দলৰ লগতে শ্বাৰ্দুলে বিগত কেইবাটাও ছিজনত আই পি এলতো ধাৰাবাহিকভাৱে অংশ লৈ আহিছে। কিন্তু এই ছিজনৰ বাবে অনুষ্ঠিত হোৱা মেগা নিলামত শ্বাৰ্দুলৰ প্ৰতি কোনো এটা ফেন্সাইজিয়েই আগ্ৰহ প্ৰকাশ কৰা নাছিল। জাতীয় দলৰ লগতে আই পি এলৰ পৰাও বাহিৰ হোৱাৰ পিছতো অৱশ্যে হতাশ হোৱা নাছিল শ্বাৰ্দুল। ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ তেওঁ বেটিং, বলিং উভয় দিশতে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰে।
ঘৰুৱা ক্ৰিকেটৰ এই প্ৰদৰ্শনেই এতিয়া শ্বাৰ্দুলৰ ভাগ্যৰ দ্বাৰ মুকলি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। শেহতীয়া কিছু দৃশ্যই নিলামত উপেক্ষিত হোৱাৰ পিছতো শ্বাৰ্দুলক এইবাৰ আই পি এলত দেখা পোৱাৰ সম্ভাৱনা গঢ়ি তুলিছে। যদি এই সম্ভাৱনাই সঁচা হৈ পৰে, তেতিয়া হয়তো লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ জাৰ্চি পৰিধান কৰি খেলপথাৰত নামিব পাৰে শ্বাৰ্দুল ঠাকুৰ।
অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন। আনহাতে ২৪ মাৰ্চত দিল্লী কেপিটেলছৰ বিপক্ষে মেচৰ জৰিয়তে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে অভিযান আৰম্ভ কৰিব। নতুন অধিনায়ক ঋষভ পণ্টৰ নেতৃত্বত লক্ষ্ণৌৱে প্ৰতিযিোগিতাৰ বাবে গঢ়ি তুলিছে এটা শক্তিশালী দল। কিন্তু আঘাতৰ সমস্যাই দলৰ বলিং শক্তি কিছু দুৰ্বল কৰি তুলিছে। দলটোৰ তিনিগৰাকী প্ৰধান পেচাৰ মায়াংক যাদৱ, মহচিন খান আৰু আভেশ খানে ভুগি আছে আঘাতৰ সমস্যাত।
তিনিওৰে ফিটনেছ সন্দৰ্ভত এতিয়ালৈকে স্পষ্ট তথ্য প্ৰকাশ কৰা দলটোৱে। তাৰ মাজতে লক্ষ্ণৌৰ শিবিৰত দলৰ আন সদস্যৰ সৈতে অনুশীলন চলোৱা দেখা গৈছে শ্বাৰ্দুল ঠাকুৰক। তদুপৰি ফ্ৰেন্সাইটোৰ সৈতে শ্বাৰ্দুলেঘোলী খেলাৰ দৃশ্যও পোহৰলৈ আহিছে। এনে পৰিস্থিতিত দলটোৱে আঘাতৰ সমস্যাৰে যুঁজি থকা পেচ আক্ৰমণৰ অভাৱ পূৰ কৰিবলৈ শ্বাৰ্দুলক দলত অন্তৰ্ভুক্ত কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।